বিশ্ববেংকৰ পৰা ২৭৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰেঃ ৰাজ্যিক কেবিনেটে ল’লে সিদ্ধান্ত

আজি ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। তেওঁ প্ৰকাশ কৰা মতে, কেবিনেটে আজি বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকা ঋণ লোৱাৰ বাবে সিদ্ধান্ত লৈছে।

বিশ্ববেংকৰ পৰা ২৭৫০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰেঃ ৰাজ্যিক কেবিনেটে ল’লে সিদ্ধান্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

23 Jul 2025 19:16 PM

ডিব্ৰুগড়ত আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ ছয়গৰাকী কেবিনেট মন্ত্ৰী উপস্থিত থকাৰ বিপৰীতে কেবিনেটৰ আন সদস্যসকলে ভিডিঅ’ কনফাৰেন্স যোগে অংশ লয়। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। আজিৰ এই কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, কেবিনেটে আজি ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঋণৰ ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে উভতাই দিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে বাকী ১০ শতাংশ ধন অৰ্থাৎ ২৭৫ কোটি টকা অসম চৰকাৰে উভতাই দিব লাগিব।

বিশ্ববেংকৰ পৰা ল’বলগা এই ২,৭৫০ কোটি টকাৰ ঋণৰ ধন ৰাজ্য চৰকাৰে শিক্ষকসকলৰ বিজ্ঞান আৰু অংক বিষয়ৰ প্ৰশিক্ষণ, বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ মেনেজমেণ্ট প্ৰশিক্ষণ, বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত গুৰুত্ব প্ৰদান, ড্ৰপ আউট ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।

এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ ৪০০ খন বিদ্যালয় উন্নত ৰূপে নিৰ্মাণ কৰাৰ বাবে ৩ কোটিৰ পৰা ৫ কোটি টকাকৈ ব্যয় কৰা হ’ব বুলিও তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। লগতে ১,৭৩৩টা অংগনবাড়ী কেন্দ্ৰৰ উন্নীতকৰণৰ বাবে প্ৰতিটোৰে ক্ষেত্ৰত ২৫ লাখ টকাকৈ ব্যয় কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আশা প্ৰকাশ কৰে। ইফালে আজিৰ কেবিনেটে ৰাজ্যৰ নিবনুৱা সমস্যা ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পৰা আন এক উল্লেখনীয় সিদ্ধান্তও গ্ৰহণ কৰিছে। এই পদক্ষেপৰ জৰিয়তে জাপানত অসমৰ শিক্ষিত যুৱকৰ চাকৰিৰ পথ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

নাগ পঞ্চমীৰ দিনা সাপ দেখাটো শুভ নে অশুভ? কেনে হ’ব পাৰে প্ৰভাৱ, চাওক...
কেঁচা হালধি খায় নেকি আপুনি? দেহত কেনে প্ৰভাৱ পৰিব পাৰে জানেনে?
উচ্চ ৰক্তচাপৰ এই ৩ টা সাধাৰণ লক্ষণ আপুনি আওকাণ কৰা উচিত নহয়
এইখন মুছলমান দেশত সৰ্বাধিক জনপ্ৰিয় ভাৰতীয় সুৰা...