Bhupen Hazarika : চতুৰ্দশ মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, স্মৃতি সজীৱ কৰি ৰাখিবলৈ চৰকাৰৰ প্ৰচেষ্টা

২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৪ বছৰ হ’ল। ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও আজীৱন থাকিব অসমীয়াৰ সত্বাত।

Bhupen Hazarika : চতুৰ্দশ মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, স্মৃতি সজীৱ কৰি ৰাখিবলৈ চৰকাৰৰ প্ৰচেষ্টা

চতুৰ্দশ মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ

Published: 

05 Nov 2025 | 05:19 PM

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন। গীতে মাতে ৰাইজে সুঁৱৰিলে সুধাকণ্ঠক। ভূপেন হাজৰিকাৰ বিশাল অৱদান-সৃষ্টিৰাজিক যাউতিযুগীয়া কৰি ৰাখিবলৈ চৰকাৰেও লৈছে বহু পদক্ষেপ।

২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৪ বছৰ হ’ল। ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও আজীৱন থাকিব অসমীয়াৰ সত্বাত।

আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, নৃত্যানুষ্ঠানৰ আয়োজন কৰে। লতাশিল খেল পথাৰতো সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কার্যসূচী অনুষ্ঠিত হৈছে।

ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেওঁ আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেওঁ সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়।

উল্লেখ্য যে, সুধাকণ্ঠৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঢলা শদিয়াৰ ডঃ ভূপেন হাজৰিকা সেতুত এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হব। অসম-অৰুণাচলৰ সৰ্ম্পকক আৰু অধিক শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ। এই প্ৰতিমূৰ্তিৰ উচ্চতা ১০০ ফুটৰো অধিক ডাঙৰ হ’ব বুলি জালুকবাৰী সমন্বয় ক্ষেত্ৰৰ পৰা অসমবাসীক জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...