ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো ৰে’ল বাতিল…

ৰে'লপথত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এন এফ আৰৰ কিছুমান অংশৰ ওপৰেৰে ৰে’ল চলাচলত অসুবিধা সৃষ্টি হৈছে বুলি কয় মুখপাত্ৰগৰাকীয়ে। তেওঁ লগতে কয় যে, ইয়াৰ ফলত কিছু সংখ্যক ৰে’ল বাতিল হোৱাৰ লগতে পুনৰ সময় নিৰ্ধাৰণ কৰা হৈছে ।

ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো ৰেল বাতিল...

ৰেলৱে

Published: 

04 Jun 2025 19:00 PM

ৰাজ্যখনৰ বান পৰিস্থিতিয়ে প্ৰভাৱিত কৰিছে ৰে’ল সেৱাক । বিশেষকৈ বৰাক উপত্যকাটোত হোৱা বানে ৰে’ল সেৱাক সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিছে । উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, বিশেষকৈ ধাৰাসাৰ বৰষুণৰ ফলত শিলচৰত সৃষ্টি হোৱাৰ বান পৰিস্থিতিয়ে ৰে’ল সেৱাকো ক্ষতিগ্ৰস্ত কৰিছে ।

এন এফ আৰৰ আন এজন বিষয়াই জনোৱা মতে, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনে বদৰপুৰ-লামডিং পাহাৰীয়া অংশৰ বাবে ভাবুকি সৃষ্টি কৰিছে। এই অংশটোৱে বৰাক উপত্যকাক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। ৰে’লৰ চলাচল বন্ধ হোৱা নাই যদিও ৰে’লপথসমূহত সুৰক্ষা নিশ্চিত কৰিব বাবে ৰে’লৱে কৰ্মচাৰীয়ে কাম কৰি থকাৰ লগতে প্ৰযুক্তি নিয়োগ কৰা হৈছে বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে।

ৰে’লপথত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এন এফ আৰৰ কিছুমান অংশৰ ওপৰেৰে ৰে’ল চলাচলত অসুবিধা সৃষ্টি হৈছে বুলি কয় মুখপাত্ৰগৰাকীয়ে। তেওঁ লগতে কয় যে, ইয়াৰ ফলত কিছু সংখ্যক ৰে’ল বাতিল হোৱাৰ লগতে পুনৰ সময় নিৰ্ধাৰণ কৰা হৈছে ।

তেওঁ জানিবলৈ দিছে যে,বদৰপুৰ-দুল্লভছড়া, দুল্লভছড়া–বদৰপুৰ, শিলচৰ – দুল্লভছড়া আৰু আগৰতলা –ধৰ্মনগৰ যাত্ৰীবাহী ৰে’লসমূহ দিনটোৰ বাবে বাতিল কৰা হয়। দুল্লভছড়া – শিলচৰ আৰু ধৰ্মনগৰ–আগৰতলা যাত্ৰীবাহী ৰে’ল বৃহস্পতিবাৰেও বাতিল হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে।

বুধবাৰৰ পৰা যাত্ৰা আৰম্ভ হ’বলগীয়া বৈৰাবি–শিলচৰ– বৈৰাবি এক্সপ্ৰেছৰ কাটাখাল জংচনত শ্বৰ্ট টাৰ্মিনেট কৰা হ’ব আৰু কাটাখাল জংচন আৰু শিলচৰৰ মাজত বাতিল কৰা হ’ব। বুধবাৰৰ পৰা যাত্ৰা আৰম্ভ হ’বলগীয়া আগৰতলা-অৰুণাচল–আগৰতলা এক্সপ্ৰেছ বদৰপুৰত শ্বৰ্ট টাৰ্মিনেট হ’ব আৰু বদৰপুৰ আৰু অৰুণাচলৰ মাজৰ পথটোৰ বাবে বাতিল হৈ থাকিব।

বুধবাৰৰ পৰা যাত্ৰা আৰম্ভ হ’বলগীয়া শিলচৰ – গুৱাহাটী এক্সপ্ৰেছৰ বদৰপুৰৰ পৰা শ্বৰ্ট টাৰ্মিনেট হ’ব আৰু শিলচৰ আৰু বদৰপুৰৰ মাজত বাতিল হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে লগতে কয়। এন এফ আৰৰ আন এজন বিষয়াই জনোৱা মতে, শিলচৰ ৰে’লৱে ষ্টেচনৰ কাষেৰে বৈ যোৱা বৰাক নদীৰ পানী ষ্টেচনটোৰ কিছু অংশত প্ৰৱেশ কৰিছে আৰু স্বাভাৱিক কাম-কাজত অসুবিধাৰ সৃষ্টি হৈছে।

বদৰপুৰ-লামডিং পাহাৰীয়া অংশৰ সন্দৰ্ভত তেওঁ কয় যে, যোৱা কেইদিনমানৰ পৰা সৰু সৰু ভূমিস্খলন হোৱাৰ খবৰ পোৱা গৈছে। বিষয়াগৰাকীয়ে লগতে কয় যে, “কিন্তু আমাৰ কৰ্মীসকলে ২৪ ঘণ্টাই কাম কৰি আছে আৰু ট্ৰেকসমূহ মুকলি কৰি আছে। কিছুমান কম দূৰত্বৰ যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে যদিও এতিয়ালৈকে কোনো দীৰ্ঘ দূৰত্বৰ ৰে’ল বাতিল কৰা হোৱা নাই। আমি যাত্ৰীৰ সমস্যা হ্ৰাস কৰিবলৈ কিছু সময় আৰু গতি সালসলনিৰ কৰিছো।”

বদৰপুৰ-লামডিং পাহাৰীয়া অংশ আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানৰ দৰে জটিল অংশত বিশেষ গুৰুত্ব আৰোপ কৰি বিশেষ চকীদাৰ মোতায়েন কৰা হৈছে। নিয়মীয়াকৈ টহল দিয়া হৈছে আৰু এন এফ আৰৰ অতিৰিক্ত জেনেৰেল মেনেজাৰ আৰু ডিভিজনেল ৰে’লৱে মেনেজাৰকে ধৰি জ্যেষ্ঠ বিষয়াসকলে পৰিস্থিতিৰ নিৰন্তৰ তদাৰক কৰি আছে।

এনএফআৰে ভূমিস্খলনৰ দৰে বিপদসমূহ মোকাবিলা কৰিবলৈও প্ৰযুক্তিগত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ড্ৰ’ন ভিত্তিক লিডাৰ (লাইট ডিটেকচন এণ্ড ৰেঞ্জিং), উচ্চ ৰিজ’লিউচনৰ এৰিয়েল ইমেজিং আৰু বদৰপুৰ-লামডিং পাহাৰীয়া অংশৰ ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইলেক্ট্ৰ’মেগনেটিক চাৰ্ভে আদি অন্তৰ্ভুক্ত কৰা হৈছে। জটিল স্থানত টেৰেষ্ট্ৰিয়েল লেজাৰ স্কেনিং (টিএলএছ) ব্যৱস্থা কৰা হৈছে বুলি বিবৃতিত উল্লেখ কৰা হৈছে।

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...