বান সাহাৰ্য বিতৰণ কৰিবলৈ গৈ পালে প্ৰশাসনৰ জাননী, কিন্তু কিয়?

বিজেপি কৰ্মী জীৱন চুতীয়াক সৰুপথাৰ সমজিলা প্ৰশাসনে দিছে কাৰণ দৰ্শোৱাৰ এই জাননী। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে সৰুপথাৰ সমষ্টিৰ কিছু অঞ্চল বুৰাই পেলাইছে। সেই অঞ্চলৰ বানাক্ৰান্ত লোকক সাহাৰ্য দিবলৈ গৈছিল বিজেপি কৰ্মীজন। কিন্তু তাতেই যেন লাগিল কেনা!

বান সাহাৰ্য বিতৰণ কৰিবলৈ গৈ পালে প্ৰশাসনৰ জাননী, কিন্তু কিয়?

বান সাহাৰ্য বিতৰণ কৰিবলৈ গৈ পালে প্ৰশাসনৰ জাননী

Published: 

10 Jul 2025 | 09:35 PM

এখন চৰকাৰী জাননীক লৈ সৰ্বত্ৰ চৰ্চা। বান সাহাৰ্য বিতৰণ কৰিবলৈ গৈ এজন ব্যক্তিয়ে পালে প্ৰশাসনৰ কাৰণ দৰ্শোৱা জাননী। এতিয়া সেই জাননীখনক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিজেপি কৰ্মী জীৱন চুতীয়াক সৰুপথাৰ সমজিলা প্ৰশাসনে দিছে কাৰণ দৰ্শোৱাৰ এই জাননী। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে সৰুপথাৰ সমষ্টিৰ কিছু অঞ্চল বুৰাই পেলাইছে। সেই অঞ্চলৰ বানাক্ৰান্ত লোকক সাহাৰ্য দিবলৈ গৈছিল বিজেপি কৰ্মীজন। কিন্তু তাতেই যেন লাগিল কেনা!

এই কাৰণ দৰ্শোৱাৰ জাননীৰ পিছতে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমত দিয়ে এটা বিশেষ পোষ্ট। তেওঁ লিখিছে, “সকলোকে সাৱধান। জন সেৱা কৰিবলৈ মন থাকিলেও বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি নাহিব । বিশেষকৈ বিধায়ক হ’ম বুলি আশা কৰি থকা সকল । এনেকুৱা কাৰণ দৰ্শোৱা জাননী লাভ কৰিব পাৰে। অৱশ্যে আমাৰ খুমটাই সমষ্টিত সকলোকে এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়ালৈ স্বাগতম জনাইছোঁ। বিধায়ক হব খোজা সকলকো…”

ইফালে কাৰণ দৰ্শোৱা জাননী সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতেই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে সৰুপথাৰ সমজিলা আয়ুক্ত চৈয়দ ৱাচবীৰ চুভানীয়ে। তেওঁ কয় যে, “ৰিলিফ কেম্পত থকা প্ৰতিজন লোকৰ স্বাস্থ্য়ৰ দায়িত্ব আমাৰ। যদি কোনো ব্যক্তিগত বা অন্য অনুষ্ঠানে কিবা সামগ্ৰী দিব বিচাৰে তেন্তে আমি পৰীক্ষা কৰি চোৱাটো দৰকাৰ। সেয়ে আমি বিচাৰো যে, কোনো সামগ্ৰী বিতৰণ কৰাৰ পূৰ্বে আমাক এবাৰ জনোৱাটো। সকলোৱে জানে, যোৱা এবছৰত সৰু পথাৰত ৩ টা মান খাদ্য বিষক্ৰিয়াৰ ঘটনা পোহৰলৈ আহিছে, সেই বাবেই আমি অধিক সাৱধানতা অৱলম্বন কৰিছোঁ। শিবিৰত থকা প্ৰতিজন লোকৰ স্বাস্থ্যৰ দায়িত্ব আমাৰ ওপৰতে পৰে, গতিকে কি কি সামগ্ৰী দিব বা কেনেধৰণৰ সামগ্ৰী দিব তাৰ বিষয়ে আমাক অৱগত কৰে যেন।”

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...