ৰাজ্যৰ বান-ভূমিস্খলনৰ শেহতীয়া খবৰ, ২৩ জনলৈ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা…
বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পালে । এতিয়াও বানৰ কবলত ৰাজ্যৰ ১২ খন জিলা । চৰকাৰী তথ্য অনুসৰি, বৰ্তমানেও বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ৩.৩৭ লাখ লোক ।

অসমৰ বান পৰিস্থিতি
ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পালে । এতিয়াও বানৰ কবলত ৰাজ্যৰ ১২ খন জিলা । চৰকাৰী তথ্য অনুসৰি, বৰ্তমানেও বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ৩.৩৭ লাখ লোক । কোৱা হৈছে যে, ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত অৱস্থালৈ ঘূৰি আহিছে । একেদৰে ব্ৰহ্মপুত্ৰকে ধৰি প্ৰধান নদীসমূহৰ জলস্তও স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, ৰাজ্যৰ ১২খন জিলাৰ ৪১টা চক্ৰ আৰু ৯৯৯খন গাঁৱৰ ৩,৩৭,৩৫৮ জন লোক বানৰ ফলত বৰ্তমানেও ক্ষতিগ্ৰস্ত হৈ আছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাখন হৈছে শ্ৰীভূমি। জিলাখনৰ ১.৯৩ লাখ লোক বৰ্তমানেও বানৰ কবলত ।
ইয়াৰ পাছতে আছে হাইলাকান্দি জিলা । জিলাখনৰ ৭৩,৭২৪ জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈ আছে । একেদৰে কাছাৰত ৫৬,৩৯৮ জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাত বান আৰু ভূমিস্খলনত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ লগে লগে বান-ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে।
লগতে পঢ়ক : আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…
ইফালে, শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ১৬ খন জিলাৰ ৪.৪৩ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈ আছিল । কিন্তু শনিবাৰৰ দিনটোত বান পৰিস্থিতি উন্নত হোৱাত ক্ষতিগ্ৰস্তৰ সংখ্যা ৩.৩৭ লাখলৈ হ্ৰাস পায় । চৰকাৰী তথ্য মতে, ৩৬ হাজাৰৰো অধিক লোকে ১৩৩টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে । আনহাতে ৬৮ টা সাহায্য বিতৰণ কেন্দ্ৰও কাৰ্যকৰী হৈ আছে ।
লগতে পঢ়ক : ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
কোৱা হৈছে যে, বৰ্তমানলৈকে ৰাজ্যখনৰ ১২,৬৫৯ হেক্টৰ শস্যৰ ভূমি প্লাৱিত হৈ আছে। দুখন জিলা এতিয়াও ‘নগৰীয়া বান’ৰ কবলত আছে । ফলত ২৮৪ জন লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিবৃতিত কোৱা হৈছে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত এটা বন শিবিৰ প্লাৱিত হৈ আছে। বানত এতিয়ালৈকে পাঁচটা বন্য জীৱ-জন্তুৰ মৃত্যু হৈছে আৰু ২৯টা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে।
লগতে পঢ়ক: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…