“ভোট বেংকৰ ৰাজনীতিত লিপ্ত বিৰোধী, আমি আমাৰ কাম কৰি যাম”, উচ্ছেদৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

বিৰোধীয়ে ভোট বেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে বিৰোধীয়ে বেদখলকাৰীৰ পক্ষ লোৱাৰো অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ভোট বেংকৰ ৰাজনীতিত লিপ্ত বিৰোধী, আমি আমাৰ কাম কৰি যাম, উচ্ছেদৰ সন্দৰ্ভত কি কলে মুখ্যমন্ত্ৰীয়ে?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

08 Jul 2025 | 07:51 PM

ৰাজ্যৰ বিৰোধী দলসমূহে পুনৰ ভোট বেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে বিৰোধীয়ে বেদখলকাৰীৰ পক্ষ লোৱাৰো অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শেহতীয়াকৈ চাপৰত চলোৱা উচ্ছেদ অভিযানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, সমগ্ৰ ৰাজ্যতে অবৈধভাৱে দখল কৰা ভূমি পুনৰুদ্ধাৰৰ বাবে তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

ইফালে, উচ্ছেদিতৰ পৰিস্থিতি বুজ লোৱাৰ বাবে আজি চাপৰত উপস্থিত হৈছিল বিধায়ক অখিল গগৈ। বিধায়ক গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, “অখিল গগৈয়ে যি কয়, সেয়া তেওঁ জানিব। মই মোৰ দায়িত্বত মনোনিৱেশ কৰি যাম আৰু তেওঁ নিজৰ দায়িত্বত মন দিব লাগে।” মই মোৰ কাম কৰিম আৰু তেওঁ তেওঁৰ কাম কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

“তেওঁ প্ৰায়ে এটা বিশেষ সম্প্ৰদায়ৰ হৈ কথা কয়, কিন্তু আমাৰ দায়বদ্ধতা খিলঞ্জীয়াৰ অধিকাৰ আৰু কল্যাণৰ ওপৰত নিহিত হৈ আছে।” এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক:  ৯ জুলাইত ‘ভাৰত বন্ধ’, বেংক খোলা থাকিবনে ? জানক

উচ্ছেদ বিষয়টোক ৰাজনীতিকৰণ কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলটোক তীব্ৰ সমালোচনা কৰে। তেওঁ লগতে কয়, “অসমত কংগ্ৰেছ এতিয়া ৰাজনৈতিক শক্তি নহয়, তেওঁলোকে কেৱল নিৰ্বাচনী স্বাৰ্থত উচ্ছেদৰ বিৰোধিতা কৰে। আমাৰ লক্ষ্য হৈছে চৰকাৰী আৰু বনভূমি অবৈধ বেদখলৰ পৰা মুক্ত কৰা।”

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, চাপৰত সফল উচ্ছেদৰ পিছত গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত অহা ১০ জুলাইত উচ্ছেদ অভিযান চলোৱা হ’ব। বেদখল কৰা ভূমি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক: গোৰেশ্বৰ গুৰমৌৰ বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ, উচ্ছেদ সম্পৰ্কত কি ক’লে ?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...