আজমলৰ মিত্ৰতাকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান গৌৰৱ গগৈৰ, কংগ্ৰেছে কিয় মিত্ৰ হিচাপে বিচৰা নাই AIUDF ক?
অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে AIUDF ৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল। কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ দলে আগন্তুক বিধানসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ AIUDF ৰ সৈতে কোনো ধৰণৰ নিৰ্বাচনী মিত্ৰতা নকৰে।

Aiudf ৰ সৈতে মিত্ৰতা নকৰে কংগ্ৰেছে
চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত অসম বিধানসভাৰ ১২৬খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন শাসকীয় বিজেপি চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে প্ৰচাৰ চলাই বাংলাদেশী অনুপ্ৰৱেশ আৰু অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়বোৰ উত্থাপন কৰিছে যদিও বিৰোধী দলসমূহ বিভক্ত হৈ আছে। কংগ্ৰেছক মুছলমানৰ সমৰ্থক দল বুলি গণ্য কৰা হয় যদিও প্ৰথমে বিহাৰত আৰু এতিয়া অসমত কংগ্ৰেছে মুছলমানক প্ৰতিনিধিত্ব কৰা দলৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে।
বিহাৰৰ নিৰ্বাচনত আছাদুদ্দিন ওৱাইছিৰ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM) দলে ইণ্ডিয়া মিত্ৰজোঁটৰ সৈতে একত্ৰিত হোৱাৰ প্ৰস্তাৱ দিছিল, যাতে বিহাৰত মুছলমানৰ ভোট বিভাজন নহয়, কিন্তু কংগ্ৰেছ আৰু আৰজেডিয়ে AIMIM ৰ প্ৰস্তাৱ নাকচ কৰিছিল।
এতিয়া অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুছলিম দল অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ AIUDF ৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল। কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ দলে আগন্তুক বিধানসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ AIUDF ৰ সৈতে কোনো ধৰণৰ নিৰ্বাচনী মিত্ৰতা নকৰে।
কিয় কংগ্ৰেছে নিজকে AIUDF ৰ পৰা আঁতৰাই ৰাখিছে?
ইয়াৰ পৰা প্ৰশ্ন উত্থাপন হৈছে- অসমৰ জনসংখ্যাৰ প্ৰায় ৩৪ শতাংশ মুছলমান, আৰু বিজেপিয়ে হিন্দু-মুছলমানৰ কাৰ্ড খেলি নিৰ্বাচনত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিছে। কিয় কংগ্ৰেছে AIUDFৰ সৈতে আপোচ কৰিবলৈ অস্বীকাৰ কৰিছে?
বদৰুদ্দিন আজমলে প্ৰস্তাৱ দিছে যে অসমত বিজেপিক ৰোধ কৰিবলৈ এটাই সূত্ৰ আছে সেয়া হ’ল ঐক্য। “যদি কংগ্ৰেছে মিত্ৰতা লৈ আগবাঢ়ি আহে তেন্তে আমি ১০০ শতাংশ বিবেচনা কৰিম। অৱশ্যে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে তেওঁ মিত্ৰতা নিবিচাৰে, গতিকে আমি নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ম।” আজমলে কয়।
অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিজেই AIUDF ৰ সৈতে মিত্ৰতা নকৰাৰ কাৰণ বুজাই দিলে। তেওঁ কয় যে বিগত লোকসভা নিৰ্বাচনত AIUDF ৰ সম্পূৰ্ণ ব্যৰ্থতাৰ পিছত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনী প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ ৰাজনৈতিক হিচাপ সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ আছিল। কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে গঠন কৰা মিত্ৰতাৰ দৰেই আন কেইবাটাও বিৰোধী দলৰ সৈতে মিত্ৰতাৰ কাম কৰি আছে, য’ত কংগ্ৰেছে AIUDF ক বাদ দিছিল।
যোৱা নিৰ্বাচনত জয়ৰ ব্যৱধান আছিল মাত্ৰ ৪ শতাংশ
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে ৭৯খন আসন লাভ কৰি প্ৰায় ৪৫ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লক (অসমত মহাজোঁট বুলি কোৱা হয়) ৪৭খন আসন লাভ কৰি প্ৰায় ৪১ শতাংশ ভোট লাভ কৰে। ইয়াৰে ২৫খন কংগ্ৰেছে, AIUDF এ ১৩খন, আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। আসনৰ ক্ষেত্ৰত এন ডি এ আৰু মহাজোটৰ মাজত বৃহৎ পাৰ্থক্য থকাটো তাৎপৰ্যপূৰ্ণ যদিও দুয়োটা মিত্ৰজোঁটৰ ভোটৰ অংশৰ পাৰ্থক্য আছিল প্ৰায় ৪ শতাংশ।
তেন্তে AIUDFৰ সৈতে মিত্ৰতা কৰিবলৈ কিয় অনিচ্ছুক কংগ্ৰেছ? জ্যেষ্ঠ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক গুলাম চিষ্টীয়ে ইয়াৰ উত্তৰত কয় যে অসমত AIUDFৰ ভাবমূর্তি দেশৰ আন প্রান্তত আছাদুদ্দিন ওৱেইছিৰ অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমৰ সৈতে মিল আছে ৷ কংগ্ৰেছৰ অভিযোগ যে AIUDF এ বিজেপিক লাভান্বিত কৰে আৰু মুছলমানৰ ভোট বিভাজন কৰে।
কংগ্ৰেছৰ হিন্দু ভোট ৰক্ষাৰ ৰাজনীতি
চিষ্টীয়ে কয় যে অসমত বিজেপিয়ে হিন্দুত্ব আৰু বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰে। কংগ্ৰেছে যদি AIUDFৰ সৈতে মিত্ৰতা কৰে তেন্তে কংগ্ৰেছক হিন্দু বিৰোধী বুলি প্ৰতিষ্ঠা কৰাৰ সুযোগ দিব বিজেপিক, আৰু কংগ্ৰেছে হিন্দু ভোট হেৰুৱাব নিবিচাৰে।
তেওঁ কয় যে উজনি অসমত এনে ৪০খন আসন আছে, য’ত কংগ্ৰেছৰ স্থিতি শক্তিশালী বুলি ধাৰণা কৰা হৈছে আৰু এই মিত্ৰতাৰ ফলত সেই আসনসমূহত লোকচান হ’ব পাৰে। একেদৰে সীমা নিৰ্ধাৰণে অসমৰ পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। পূৰ্বে ৰাজ্যখনত প্ৰায় ২৭-২৮খন আসনত মুছলমান প্ৰাৰ্থী জয়ী হৈছিল যদিও এতিয়া সীমা নিৰ্ধাৰণৰ বাবে এই সংখ্যা ২২ৰ পৰা ২৩লৈ হ্ৰাস পাইছে। ফলস্বৰূপে সীমা নিৰ্ধাৰণৰ বাবে বিজেপিয়ে আৰু পাঁচখন আসন লাভ কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছে AIUDF ৰ সৈতে মিত্ৰতা কৰি ৰাজনৈতিক স্থিতি দুৰ্বল কৰিব নিবিচাৰে। হয়তো এই কাৰণেই কংগ্ৰেছে AIUDFৰ সৈতে মিত্ৰতা কৰা নাই।