Himanta Biswa Sarma : ৰাজ্যৰ পাঁচ জিলাৰ ১০০ শতাংশ কৃষকে লাভ কৰিছে পিএম কিষাণৰ সুবিধা…

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনে ১০০ শতাংশতকৈ অধিক কৃষক ৰাইজক সামৰি লোৱা জিলা কেইখনৰ ভিতৰত আছে মাজুলী, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট । পৰিসংখ্য়াৰ ভিত্তিত মাজুলীত সৰ্বাধিক ১৬৩ শতাংশ কৃষকৰ পৰিয়ালে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে ।

Himanta Biswa Sarma : ৰাজ্যৰ পাঁচ জিলাৰ ১০০ শতাংশ কৃষকে লাভ কৰিছে পিএম কিষাণৰ সুবিধা...

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

26 Oct 2024 14:44 PM

ৰাজ্যৰ পাঁচখন জিলাৰ ১০০ শতাংশতকৈ অধিক কৃষক ৰাইজে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । আজি সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, ৰাজ্যৰ পাঁচখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনে ১০০ শতাংশ কভাৰেজ অতিক্ৰম কৰিছে ।

মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনে ১০০ শতাংশতকৈ অধিক কৃষক ৰাইজক সামৰি লোৱা জিলা কেইখনৰ ভিতৰত আছে মাজুলী, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট । পৰিসংখ্য়াৰ ভিত্তিত মাজুলীত সৰ্বাধিক ১৬৩ শতাংশ কৃষকৰ পৰিয়ালে এই আঁচনিখনৰ দ্বাৰা উপকৃত হৈছে । মাজুলীৰ পাছত ক্ৰমান্বয়ে লখিমপুৰ ১২২ শতাংশ, শিৱসাগৰ ১০৮ শতাংশ, চৰাইদেউ ১০৭ শতাংশ আৰু গোলাঘাট জিলাত ১০১ শতংশ কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি দ্বাৰা উপকৃত হৈছে ।

মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে দাবী কৰে যে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনীৰ দ্বাৰা সমগ্ৰ অসমত মুঠ ১৭.৫ লাখ কৃষক উপকৃত হৈছে। তেওঁ লগতে কয় যে, বিশেষকৈ উজনি অসমৰ অঞ্চলত এই আঁচনিখনে ৰাজ্যৰ গড় হাৰ ২৬.৪৬ শতাংশ কভাৰেজ অতিক্ৰম কৰিছে ।

উল্লেখ্য যে, পিএম কিষাণৰ ১০০ শতাংশ পুজি কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় । ২০১৮ চনত আৰম্ভ কৰা এই আঁচনিৰ অধীনত কৃষক পৰিয়ালে তিনিটা সমান কিস্তিত বছৰে ৬,০০০ টকাকৈ লাভ কৰে । এই আঁচনিৰ অধীনত পোনপতীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পুঁজি স্থানান্তৰ কৰা হয় ।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক