Assam Day: চেন্নাইৰ ৰাজভৱনত ‘অসম দিৱস’ৰ বিশেষ কাৰ্যসূচী, উপস্থিত ৰাজ্যপাল…
চেন্নাইস্থিত অসমীয়া সমাজ একেলগে মিলিত হৈ উদযাপন কৰে ইতিহাস, ঐক্য আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা। এই অনুষ্ঠানটোৱে অসম আৰু তামিলনাডুৰ জনগণৰ মাজত থকা সুদৃঢ় ভ্ৰাতৃত্বসূচক সম্পৰ্ক আৰু পৰস্পৰীয় আদৰ-সন্মানৰ মানসিকতাক আৰু অধিক দৃঢ় কৰি তোলে।

চেন্নাইৰ ৰাজভৱনত 'অসম দিৱস'ৰ বিশেষ কাৰ্যসূচী
আজি অসম দিৱস। বিশেষ দিনটো ৰাজ্যৰ চৌদিশে বৰ অসমৰ ভেটি গঢ়োঁতা তথা অসমত যুগজয়ী আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা মহান স্বৰ্গদেউ চাওলুং চ্যুকাফাক স্মৰণ। অসমৰ লগতে চেন্নাইৰ ৰাজভৱনত চ্যুকাফা দিৱস উদযাপন। এই গৌৰৱময় অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচী পৰিচালনা কৰে তামিলনাডুৰ ৰাজ্যপাল থিৰু আৰ. এন. ৰাভিয়ে।
অনুষ্ঠানটোৰ চেন্নাই অসম স্পিৰিচুৱেল ছ’চাইটিৰ সভাপতি মনোজ কুমাৰ শর্মাক ৰাজ্যপাল ৰাভিয়ে বিশেষভাৱে সম্বৰ্ধনা জনায়। অসম আৰু তামিলনাডুৰ মাজত সাংস্কৃতিক সম্প্ৰীতি দৃঢ় কৰাত তেওঁৰ সামাজিক অবদানৰ পৰিপ্ৰেক্ষিতত প্ৰদান কৰা হয় এই সন্মান। সমাজসেৱা আৰু সংস্কৃতিগত সমন্বয়ৰ ক্ষেত্ৰত তেওঁৰ কৰ্মই সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে।
এই বিশেষ সুযোগত ৰাজ্যপালৰ বাসগৃহত প্ৰমুদ বৰা, কুমাৰী লেখাশ্ৰী বুৰাগোহাঁই আৰু সুদক্ষণা প্রদত্ত উৎকৃষ্ট সাংস্কৃতিক প্ৰদৰ্শন উপস্থাপিত হয়। তেওঁলোকৰ মনোমোহা পৰিৱেশনে অসমৰ সমৃদ্ধ শিল্প-সংস্কৃতিৰ এক অনন্য ঝলক প্ৰদৰ্শন কৰি সকলোকে মোহিত কৰিছিল।