সন্মুখত নিৰ্বাচন, শংকিত বিৰোধী! উপায় বিচাৰি দিল্লীলৈ উৰা মাৰিছে গৌৰৱ,ৰকি, ভূপেন…

বিধানসভাৰ শীতকালীন অধিৱেশন শেষ হোৱাৰ পাছতে শংকিত হৈ পৰিছে কংগ্ৰেছ। শাসকীয় পক্ষক পৰাজিত কৰিবলৈ বিচাৰিছে নতুন ৰণকৌশল। ইয়াৰ মাজতে আজি দিল্লীত বিশেষ বৈঠকত মিলিত হ'ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।

সন্মুখত নিৰ্বাচন, শংকিত বিৰোধী! উপায় বিচাৰি দিল্লীলৈ উৰা মাৰিছে গৌৰৱ,ৰকি, ভূপেন...

কংগ্ৰেছ

Updated On: 

02 Dec 2025 | 01:31 PM

অসম বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰায় সাজু হৈ উঠিছে প্ৰতিটো দল-সংগঠন। শাসক-বিৰোধী আদি সকলোৱে ২০২৬ ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে নিজা নিজা প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ মাজতে আজি (২ ডিচেম্বৰ) দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব অসমৰ কেইবাগৰাকী কংগ্ৰেছ নেতা-সাংসদ। আবেলি ৪ বজাৰ পৰা কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বহু কেইটা দিশৰ ওপৰত আলোচনা হ’ব পাৰে।

জানিব পৰা মতে, এই বৈঠকত অসমৰ পৰা সাংসদ গৌৰৱ গগৈ, ৩ কাৰ্যকৰী সভাপতি জাকিৰ হুচেইন ছিকদাৰ, ৰজলীনা তিৰ্কী, প্ৰদীপ সৰকাৰ, সাংসদ ৰকিবুল হুচেইন, প্ৰদ্যুত বৰদলৈ, ৰিপুন বৰা আৰু ভূপেন বৰা উপস্থিত থাকিব। লগতে অংশ গ্ৰহণ কৰিব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, সাংগঠনিক সম্পাদক কেচি বেনুগোপাল, অসম কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং সহ একাংশ শীৰ্ষ নেতৃত্বই।

এতিয়ালৈকে  এই বৈঠক সন্দৰ্ভত কংগ্ৰেছে  মন্তব্য কৰা নাই যদিও আগন্তুক নিৰ্বাচন ইয়াৰ বিষয়বস্তু হোৱাৰ সম্ভাৱনা আছে। কিছুদিন পূৰ্বে সমাপ্ত হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনত এইবাৰ চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আনে। চাহ জনগোষ্ঠীক মাটিৰ পট্টা প্ৰদানৰ পৰা আৰম্ভ কৰি জনজাতিকৰণ সন্দৰ্ভত বিশেষ পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে। যাৰ বাবে এক প্ৰকাৰ বিৰোধী এতিয়া শংকিত হৈ পৰিছে।

হিতাধিকাৰী সৃষ্টিৰ দ্বাৰা বিহাৰত বিজেপিয়ে বিপুল সংখ্যক আসনত জয়লাভ কৰিছিল। গতিকে অসমতো হিতাধিকাৰীয়ে যে বিজেপিৰ বাবে লাভান্বিত হ’ব সেয়া বিৰোধিয়ে বুজি পাইছে। যাৰ বাবে সম্ভৱতঃ এতিয়া কংগ্ৰেছে নিৰ্বাচনী ইচ্ছু সন্দৰ্ভতো আলোচনা কৰিব পাৰে।

শাসকীয় পক্ষক পৰাজিত কৰিবলৈ এইবাৰ কংগ্ৰেছে বিৰোধী ঐক্য গঠন কৰিছে। এতিয়ালৈক লুৰিণজ্যোতি গগৈ, অখিল গগৈ আদিয়ে বিশেষ আপত্তি দৰ্শোৱা নাই যদিও ভৱিষ্যতে এনেকৈ থাকিব বুলি ক’ব নোৱাৰি। কিয়নো প্ৰায়ভাগ সময়ত অখিল গগৈৰ প্ৰতি বিৰোধিৰ মাজত মতানৈক্য হোৱা দেখা যায়। ইয়াৰোপৰি অখিল গগৈয়ে আসন ভাগ-বতৰা কৰা সন্দৰ্ভতো স্পষ্টতা বিচাৰিছে। গতিকে আজিৰ বৈঠকত কংগ্ৰেছে আসন সন্দৰ্ভত আলোচনা কৰিব পাৰে। অৱশ্যে আজিৰ বৈঠকত কি আলোচনা হয় সেয়া অৱশ্যে পাছলৈ স্পষ্ট হৈ পৰিব।

 

অন্য খবৰ পঢ়কঃ আজি অসম দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...