ৰাজ্যত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ, অপৰাধীক দিয়া হৈছে ৰক্ষণাবেক্ষণ ! ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল

নাৰীজনিত অপৰাধকলৈ আজি অসম প্ৰদেশ কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰি বৰ্তমানৰ চৰকাৰে অসমৰ মহিলাক সুৰক্ষিত কৰিব পৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী আৰু অসম প্ৰদেশ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰাজীৱ ভৱনত সম্বোধন কৰে এই সংবাদমেল ।

ৰাজ্যত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ, অপৰাধীক দিয়া হৈছে ৰক্ষণাবেক্ষণ ! ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল

কংগ্ৰেছৰ সংবাদমেল

Published: 

04 Jun 2025 22:42 PM

ৰাজ্যত সঘনাই সংঘটিত হৈ অহা নাৰীজনিত অপৰাধকলৈ আজি অসম প্ৰদেশ কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰি বৰ্তমানৰ চৰকাৰে অসমৰ মহিলাক সুৰক্ষিত কৰিব পৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কী, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী আৰু অসম প্ৰদেশ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰাজীৱ ভৱনত সম্বোধন কৰে এই সংবাদমেল ।

সংবাদমেলত তেওঁলোকে অভিযোগ উত্থাপন কৰে যে, ২৮ মে’ত তিনিচুকীয়া জিলাৰ বাইশসুঁতি বাগানত এগৰাকী ৭ বছৰীয়া নাবালিকাক অনৈতিক কাৰ্য সংঘটিত কৰি নলাত পেলাই থোৱা অৱস্থাত উদ্ধাৰ হয় ৷ লগতে প্ৰদেশ কংগ্ৰেছে উল্লেখ কৰে যে, ২৮ মে’ত সংঘটিত এই ঘটনাত জড়িত থকাৰ অভিযোগত ৩১ মে’ত ৰাজা সৰকাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

এই সন্দৰ্ভত কংগ্ৰেছে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি কয় যে, বিজেপি নেতা সঞ্জয় কিষাণৰ ঘনিষ্ঠ বন্ধু মনোজ আগৰৱালাৰ বাগানত অভিযুক্ত কৰ্মকাৰে কাম কৰে ৷ সেইগৰাকী অভিযুক্ত কৰ্মকাৰক ৰক্ষণাবেক্ষণ দিয়া বুলি মীৰা বৰঠাকুৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷ প্ৰথম অৱস্থাত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল৷ পিছত ৰাইজৰ হেঁচাত পৰিহে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হোৱা বুলিও অভিযোগ আনিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷

একেদৰে প্ৰদেশ কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে যে, অনুৰূপ ঘটনা তিনি বছৰ পূৰ্বে তিনিচুকীয়াৰ বৰডুমচাত সংঘটিত হৈছিল। এই ঘটনা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ মহিলা সমিতি আৰু ভুক্তভোগী মাতৃয়ে এজাহাৰ দাখিল কৰিছিল যদিও ন্যায় নোপোৱাত সেইগৰাকী মাতৃয়ে চৰম সিদ্ধান্ত লয় ৷

মীৰা বৰঠাকুৰে দাবী কৰে যে, দোষীক যেতিয়ালৈকে কঠোৰ শাস্তি দিয়া নহ’ব, তেতিয়ালৈকে এনে ঘটনা সংঘটিত হৈ থাকিব । শংকৰদেৱ শিশু বিকাশ নিকেতনৰ ভৃগুজিৎ শৰ্মা আৰু মনজিৎ দাসে নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অনৈতিক কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এতিয়া এই দুই অভিযুক্ত ক’ত আছে সেই কথা প্ৰশাসনে জনাব লাগে কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

সমান্তৰালভাৱে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয়, “অসম আৰক্ষীৰ কনিষ্টবল ব্ৰজেন কলিতা আৰু হৰেশ্বৰ কলিতাই জে’লৰ ভিতৰত বিশেষভাৱে সক্ষম মহিলাৰ সৈতে অনৈতিক কাৰ্য সংঘটিত কৰা অভিযোগ উত্থাপন হয়  ৷ গুৱাহাটীৰ এগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ বিৰুদ্ধে ৷ হোলীৰ সময়ত উপেন বৰাৰ নামৰ লোকজনৰ বিৰুদ্ধে ১০ বছৰীয়া নাবালিকাৰ সৈতে একেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে । মহানগৰীৰ বৰাগাঁৱত ৯ যুৱকে এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ ৷”

এই ঘটনাবোৰত অভিযুক্তসকল তিনিমাহ পিছতে জামিন লৈ মুকলি আকাশৰ তললৈ ওলাই অহা বুলি দাবী কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ৷ তেওঁ চৰকাৰক দাবী জনাই যে, দোষী যি দল বা জাতি-ধৰ্মৰে নহওক দৃষ্টান্তমূলক শাস্তি দিব লাগে ৷ মীৰা বৰঠাকুৰে চৰকাৰক নাৰীৰ সুৰক্ষাক লৈ ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰাৰো পৰামৰ্শ দিয়ে ৷

আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে ২০০১ চনৰ পৰা মহিলাই সতীত্ব হৰণ কৰি চাকৰি পোৱা বুলি উল্লেখ কৰা কথাৰো অৱতাৰণা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ উক্ত বক্তব্যক উভতি ধৰি কয় যে, যদি এগৰাকী মুখ্যমন্ত্ৰীয়ে তেনে কথা কয়, তেতিয়া দুষ্কৃতিকাৰীসকল উৎসাহী হয় ৷ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে ৷ স্কুল বন্ধ কৰিলে অপৰাধ বৃদ্ধি হ’বই বুলি কৈ মুখ্যমন্ত্ৰীক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় মীৰা বৰঠাকুৰে৷

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...