জনজাতীয় লোকৰ প্ৰতি নাই কোনো দৰদ! বিজেপি চৰকাৰৰ বিৰুদ্ধে সোঁচ্চাৰ প্ৰদেশ কংগ্ৰেছ

বিজেপিয়ে জনজাতীয় লোকৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ অভিযোগ তুলি সংবাদমেল সম্বোধন কংগ্ৰেছ দলৰ। জনজাতীয় লোকৰ মাটি ক্ৰয়- বিক্ৰয়কলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰা মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ প্ৰদেশ কংগ্ৰেছ।

জনজাতীয় লোকৰ প্ৰতি নাই কোনো দৰদ! বিজেপি চৰকাৰৰ বিৰুদ্ধে সোঁচ্চাৰ প্ৰদেশ কংগ্ৰেছ

প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

Published: 

14 Aug 2025 16:03 PM

ৰাজীৱ ভৱনত APCC ৰ সংবাদ মেল। যুটীয়াভাৱে এই সংবাদ মেল সম্বোধন কৰে বিধায়ক যাদৱ স্বৰ্গীয়াৰী, প্ৰাক্তন বিধায়ক জগত সিং ইংতি আৰু জ্যেষ্ঠ নেতা শৈলেন সোণোৱালে। বিজেপিয়ে জনজাতীয় লোকৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ অভিযোগ তুলি এই সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ দলে। জনজাতীয় লোকৰ মাটি ক্ৰয়- বিক্ৰয়কলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰা মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ প্ৰদেশ কংগ্ৰেছ।

বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে কয় যে চৰকাৰে গোপন এজেণ্ডাৰ জৰিয়তে জনজাতীয় লোকক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। জনজাতীয় অঞ্চলবোৰ এতিয়া বিজেপিয়ে সাধাৰণ অঞ্চললৈ ৰূপান্তৰ কৰিব বিচাৰিছে। বিজেপিয়ে অসমত জনজাতীয় লোকৰ শান্তি বিনষ্ট কৰিব বিচাৰিছে বুলিও অভিযোগ তোলে বিধায়কগৰাকীয়ে।

ইফালে লোকসভাৰ উপাধ্যক্ষ নোমল মমিনকো কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ। ২৪৪ অনুচ্ছেদক লৈ নোমল মমিনে আগবঢ়োৱা মন্তব্যক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ। কাৰ্বি আংলঙৰ ২৪৪ ক লৈ চৰকাৰে ভেঙুচালি কৰাৰ অভিযোগ।

ইফালে গোৱালপাৰাৰ ৪ কঠা ৩৮ বিঘা জনজাতীয় লোকৰ মাটি বিজেপিৰ প্ৰকাশ কাশ্যপে নিজৰ নামত নামজাৰি কৰাৰো অভিযোগ কংগ্ৰেছৰ। তেওঁৰ লগতে ৰাজেশ গুপ্তাই ৰাভা জনগোষ্ঠীৰ মাটি নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে।

আনহাতে ছয়গাঁওস্থিত বৰদোৱা বাগানৰ ২১০০ জনগোষ্ঠীয় পৰিয়ালৰ ৮৫০০ বিঘা মাটি বিজেপি চৰকাৰে আদানিক দিয়াৰ চক্ৰান্ত কৰাৰো অভিযোগ প্ৰদেশ কংগ্ৰেছৰ। প্ৰাক্তন বিধায়ক জগত সিং ইংতিয়ে অভিযোগ কৰে যে কাৰ্বি আংলঙত ষষ্ঠ অনুসূচী মতে কোনোৱে মাটি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে। তেনেক্ষেত্ৰত পাৰ্বত্য জিলাখনত এতিয়া মাটিৰ বাবে বিজেপি চৰকাৰে আদানি-আম্বানীক ৰঙা দলিচা পাৰি দিছে বুলি তেওঁ অভিযোগ কৰে।

চৰকাৰৰে ষষ্ঠ অনুসূচীৰ সকলোবোৰ নিয়ম জানিও বহিৰাগতক এতিয়া ভূমি গতাই দিবলৈ ওলাইছে বুলি কটাক্ষ কৰে ইংতিয়ে। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই ট্ৰাইবেল সংঘৰ মাটি শেষ কৰিব বিচাৰিছে।

ইফালে কংগ্ৰেছ নেতা শৈলেন সোণোৱালে অভিযোগ কৰে যে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পৰাই জনজাতীয় বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে। জনজাতিৰ বিৰুদ্ধে মাত মাতি থকাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৱাবদিহি হ’ব লাগিব বুলি তেওঁ দাবী কৰে।

সোণোৱালে কয় যে কংগ্ৰেছ দল সদায়েই জনজাতীয় লোকৰ সৈতে আছে। নিৰ্বাচনৰ পূৰ্বে জনজাতীয় লোকক বিভিন্ন আভুৱা ভাৰিছিল চৰকাৰে। স্বাৰ্থ সিদ্ধি হোৱাত এতিয়া জনজাতীয় লোকৰ লগত চৰকাৰ নাই বুলি তেওঁ সমালোচনা কৰে।

তেওঁ কয় যে সৰ্বানন্দ সোণোৱালকো ক্ষমতাৰ পৰা ওফৰাই পেলোৱা হৈছিল। থলুৱা জাতি-জনজাতিলৈ এই চৰকাৰৰ কোনো দৰদ নাই বুলি অভিযোগ কৰি তেওঁ কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে RSS ৰ কুটিল ৰাজনীতি মষিমূৰ কৰি পেলোৱা হ’ব।

কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ মাটি আদানি-আম্বানীক গতাবলৈ সাজু হৈছে চৰকাৰ। তেনেস্থলত খিলঞ্জীয়াৰ মাটি জিলাখনত ৰ’ৱগৈ নে বুলি প্ৰশ্ন অৱতাৰণা কৰে প্ৰদেশ কংগ্ৰেছে। ষষ্ঠ অনুসূচীক চৰকাৰে জলাঞ্জলি দিবলৈ ওলোৱা বিষয়টো কোনো পধ্যেই গ্ৰহণ যোগ্য নহয় বুলি উল্লেখ কৰে কংগ্ৰেছে।

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে সংবাদ মেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি এইখন চৰকাৰ ‘গৰু চোৰ, মাটি চোৰ’ বুলি তীক্ষ্ণ বাক্যবাণ প্ৰয়োগ কৰে। তেওঁ কয় যে বিজেপি চৰকাৰ আনকি ট্ৰাইবেল বেল্টৰ মাটি চোৰতো নামি পৰিছে। সন্দেহজনক নাগৰিকক উচ্ছেদৰ আচিলাৰে ৫৪ হাজাৰ বিঘা মাটি পানীৰ দৰত আদানি- আম্বানীক গতাই দিছে বুলি অভিযোগ কৰে নেত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় যে ভূমিৰ অধিকাৰ নাথাকিলে অসমীয়াৰ স্বাভিমান নাথাকিব। গিৰ গাইৰ বিচাৰ সোনকালে কৰিব লাগে। আদানি-আম্বানীক আজাৰা, লখৰাৰ ভূমি আৱণ্টন প্ৰক্ৰিয়াটো অত্যন্ত নিন্দনীয় বুলি কয় মীৰা বৰঠাকুৰে।

দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?
ৰঙা নহয়! পূৰ্বতে কি আছিল লালকিল্লাৰ ৰং? কোনে কৰিছিল সলনি, জানক...
স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ মাজত কি কি পাৰ্থক্য আছে? জানক...
১৯৪৭চনত কিমান হিন্দু ভাৰতলৈ আহিছিল আৰু কিমান মুছলমান পাকিস্তানলৈ গৈছিল...