ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ, আবেদন দাখিলৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি…

প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ আৰু দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰাৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰিছে।

ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ, আবেদন দাখিলৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি...
Published: 

20 Jan 2026 | 07:27 PM

২০২৬ ৰ নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধী। কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱন। যাৰ বাবে কংগ্ৰেছে শেহতীয়া প্ৰাৰ্থীত্বৰ বাবে আবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। বিবৃতিত কোৱা হৈছে যে, প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ আৰু দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰাৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰিছে।

লগতে কোৱা হৈছে যে,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰি আবেদনকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। মঙলবাৰে নিশা ৭ বজালৈকে ডেৰ শতাধিক প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে বুলি জানিবলৈ দিছে দলটোৱে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ ডাঃ হেমহৰি পেগুৱে জনোৱা মতে প্ৰথম দিনটোৰ পৰা এতিয়ালৈকে প্ৰায় ৭৫০ গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে।

মঙলবাৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ, দিগন্ত বৰ্মন, সামাজিক মাধ্যম বিভাগৰ সম-অধ্যক্ষ প্ৰতীক বৰদলৈ, মুখপাত্ৰ ৰূপা কলিতা, গৌতম ভট্টাচাৰ্যকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতাই প্ৰাৰ্থীত্বৰ বাবে আবেদন দাখিল কৰে।

উল্লেখ্য যে, কংগ্ৰেছৰ আবেদন দাখিলৰ বাবে মাচুল ৫০,০০০ টকা। পূৰ্বে ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ আবেদন দাখিলৰ সময়সীমা নিৰ্ধাৰণ কৰিছে প্ৰদেশ কংগ্ৰেছে। কিন্তু শেহতীয়াকৈ এই সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰা বুলি ঘোষণা কৰিছে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...