গোৱালপাৰাৰ উচ্ছেদিত পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱা কংগ্ৰেছ বিধায়িনী দলক বাধা !

মঙলবাৰে গোৱালপাৰা জিলাৰ হাচিলা বিলৰ উচ্ছেদ স্থলী পৰিদৰ্শন কৰিবলৈ গৈছিল কংগ্ৰেছ বিধায়কৰ এটা প্ৰতিনিধি দল । দলটোক আৰক্ষী আৰু প্ৰশাসনে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

গোৱালপাৰাৰ উচ্ছেদিত পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱা কংগ্ৰেছ বিধায়িনী দলক বাধা !

উচ্ছেদ স্থলী পৰিদৰ্শন কৰাত কংগ্ৰেছ বিধায়কক বাধা

Published: 

17 Jun 2025 | 07:26 PM

উচ্ছেদৰ স্থান পৰিদৰ্শন কৰিবলৈ যোৱা কংগ্ৰেছ বিধায়িনী দলক বাধা আৰক্ষীৰ । মঙলবাৰে গোৱালপাৰা জিলাৰ হাচিলা বিলৰ উচ্ছেদ স্থলী পৰিদৰ্শন কৰিবলৈ গৈছিল কংগ্ৰেছ বিধায়কৰ এটা প্ৰতিনিধি দল । দলটোক আৰক্ষী আৰু প্ৰশাসনে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

দক্ষিণ শালমাৰৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি প্ৰতিনিধি দলটোৱে বালিজানা ৰাজহ চক্ৰৰ অধীনৰ হাচিলা বিলৰ পৰা উচ্ছেদ কৰা পৰিয়ালক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পাছতে ক্ষোভ প্ৰকাশ কৰে ৰেকিবুদ্দিন আহমেদে ।

আহমেদে কয় যে, “উচ্ছেদিত পৰিয়ালক লগ পোৱা আৰু মৌলিক সহায় আগবঢ়োৱাত আমাক বাধা দিয়া হৈছিল। এয়া হিটলাৰৰ শাসনতকৈ কম নহয়।”

যোৱা সোমবাৰৰ পৰাই এই উচ্ছেদ অভিযান আৰম্ভ হৈছিল । চৰকাৰী ভূমিৰ অবৈধভাৱে দখল কৰাৰ অভিযোগত সেই স্থানৰ পৰা পৰিয়ালসমূহক উচ্ছেদ কৰিছিল প্ৰশাসনে । চৰকাৰী প্ৰতিবেদন অনুসৰি, ডাগ নম্বৰ ১০২ আৰু ৪৩১ৰ অধীনত চিনাক্ত কৰা ১৫৫৫ বিঘা মাটিৰ প্ৰায় ৪৫% মাটিত ৬৬৭ টা পৰিয়ালে অবৈধভাৱে বাস কৰি আহিছিল।

ইফালে, বাধাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ বিধায়িনী দলটোৱে গোৱালপাৰাৰ উপ আয়ুক্তক সাক্ষাৎ কৰি ৰাজ্যপাল আৰু ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰেৰণ কৰাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখনত তেওঁলোকে এই উচ্ছেদ অভিযানক ‘অমানৱীয়’ বুলি অভিহিত কৰি তৎকালীনভাৱে বন্ধ কৰাৰ দাবী জনাইছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে উপযুক্ত পুনৰ্বাসনৰ ব্যৱস্থাও কৰিবলৈ দাবী জনায় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...