বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হোৱা নাই অসমৰ হাতীঃ সৰ্বত্ৰে চৰ্চাৰ অন্তত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ স্পষ্টীকৰণ…

অসমৰ পৰা কোনো হাতী ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা হোৱা নাই। এই স্পষ্টীকৰণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে। শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে অসমৰ পৰা হাতী গুজৰাটলৈ সৰবৰাহ হৈছে।

বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হোৱা নাই অসমৰ হাতীঃ সৰ্বত্ৰে চৰ্চাৰ অন্তত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ স্পষ্টীকৰণ...

হাতী

Published: 

20 Jan 2025 | 01:03 PM

অসমৰ পৰা কোনো হাতী ৰাজ্যৰ বাহিৰলৈ পঠিওৱা হোৱা নাই- এই স্পষ্টীকৰণ প্ৰদান কৰিলে ৰাজ্য়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে। শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল যে ৰাজ্যৰ পৰা সৰহ সংখ্যক হাতী বাহিৰলৈ প্ৰেৰণ কৰা হৈছে। এই  বাতৰিয়ে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছতেই বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান কৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ে। এনে বাতৰিসমূহ মিছা আৰু এয়া অপপ্ৰচাৰ বুলি উল্লেখ কৰে চিএমঅ’, অসমে।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী কাৰ্যালয়ে পোষ্ট কৰে যে-ইয়াৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী বাহিৰলৈ পঠিওৱা হোৱা নাই। অসমক এনে কাৰ্যকলাপৰ সৈতে যুক্ত কৰি প্ৰকাশিত কিছুমান বাতৰি আৰু সামাজিক মাধ্যমৰ পোষ্ট সম্পূৰ্ণ অযুক্তিকৰ আৰু মিছা।

 

এই পোষ্টটো ছ’চিয়েল মিডিয়াত ৰি টুইট কৰি মন্ত্ৰী পিযুষ হাজৰিকাইও সকলোকে মিছা বাতৰিৰ পৰা সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, যোৱা দুটা দিনত সামাজিক মাধ্যমক কিছুমান ফটো, ভিডিঅ’ ভাইৰেল হৈ পৰিছিল, য’ত দেখা গৈছিল এনিমেল এম্বুলেন্সেৰ দ্বাৰা কেইবাটাও হাতী লৈ যোৱা হৈছে। এই ভিডিঅ’, ফটো সন্দৰ্ভত একাংশই দাবী উত্থাপন কৰি কৈছিল যে অসমৰ পৰা এই হাতীসমূহ গুজৰাটলৈ লৈ যোৱা হৈছে। এই হাতীসমূহ পৰৱৰ্তী সময়ত গুজৰাটত মুকেশ আম্বানীৰ ব্যক্তিগত চিৰিয়াখনাত ৰখা হ’ব। প্ৰায় ২০ খনমান বাহনেৰে অৰুণাচলৰ নামচাইৰ পৰা অসমত এই এনিমেল এম্বুলেন্সকেইখন প্ৰৱেশ কৰা বুলি দাবী কৰিছিল একাংশ সংবাদ মাধ্যমে।

এই খবৰ বিয়পি পৰাৰ পাছতেই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু একাংশই ইয়াৰ বিৰোধিতা কৰি অসম চৰকাৰক সমালোচনা কৰে। সৰ্বত্ৰে হোৱা সমালোচনাৰ অন্তত এই ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।  মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দাবী অনুসৰি শেহতীয়াকৈ অসমৰ পৰা কোনো হাতী ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা হোৱা নাই। ইয়াৰ লগত জড়িত বাতৰিসমূহ অযুক্তিকৰ আৰু মিছা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...