কোনো হিন্দু বঙালী ডিটেনচন কেম্পত নাই, সকলোৱে আধাৰকাৰ্ড পাইছে, মুখ্যমন্ত্ৰীৰ দাবী

হিন্দু বঙালী সন্দৰ্ভত কোকৰাঝাৰত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে বঙালী হিন্দুসকল এতিয়া ডিটেনচন কেম্পত নাই, আৰু তেওঁলোকক আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে।

কোনো হিন্দু বঙালী ডিটেনচন কেম্পত নাই, সকলোৱে আধাৰকাৰ্ড পাইছে, মুখ্যমন্ত্ৰীৰ দাবী

২ লাখ বঙালী হিন্দুৰ ভিতৰত মাত্ৰ ২৫ হাজাৰ সন্দেহবাদী ভোটাৰ আদালতত!

Published: 

12 Sep 2025 | 06:26 PM

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনী প্ৰচাৰে গতি লাভ কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহ উবুৰি খাই পৰিছে জনতাক সন্তুষ্ট কৰাত। সকলোৱেই নিজ নিজ ধৰণে বোৱাইছে প্ৰতিশ্ৰুতিৰ বন্যা। ১২ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬নং কচুগাঁও সমষ্টিৰ অন্তৰ্গত ভৌৰাগুৰিত এক জনসভাত ভাষণ দিয়ে। মুখ্যমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ সমৰ্থনত প্ৰচাৰ চলাই স্থানীয় ভোটাৰক লক্ষ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ৰাজ্য চৰকাৰে একাধিক কল্যাণমূলক আঁচনি আৰম্ভ কৰাৰ বিপৰীতে বিটিচিৰ সাধাৰণ জনতা সুবিধাৰ পৰা বঞ্চিত হোৱা বুলি জোৰ দি কচুগাঁৱত এইবাৰ বিজেপিয়ে বিজয় নিশ্চিত কৰিব বুলি আস্থা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।

‘‘বিপিএফ আৰু ইউপিপিএল চৰকাৰে বিটিচিত শাসন কৰি আহিছে যদিও সাধাৰণ মানুহে তেওঁলোকৰ শাসন ব্যৱস্থাৰ পৰা লাভ নোপোৱাটো দুৰ্ভাগ্যজনক।‘‘ মুখ্যমন্ত্ৰীয়ে কয়।

বিজেপিৰ নীতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে বঙালী হিন্দুসকল এতিয়া ডিটেনচন কেম্পত নাই, আৰু তেওঁলোকক আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে। তেওঁ লগতে কয়, “আইনখন এনেদৰে আগবাঢ়িছে যাতে সকলোৰে নিৰাপত্তা নিশ্চিত হয়। মই বিশ্বাস কৰোঁ যে সকলো সম্প্ৰদায়ে ভয় নোহোৱাকৈ জীয়াই থাকিব।”

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল প্ৰশাসনক চোকা সমালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ কৰে যে জনসাধাৰণৰ বাবে নিৰ্ধাৰিত আঁচনিসমূহ মষিমূৰ কৰি পেলোৱা হৈছে। ‘‘আমি যিমানেই আঁচনি প্ৰৱৰ্তন নকৰোঁ কিয়, বিটিচিয়ে সেইবোৰ গিলি পেলায়। ইয়াত বিজেপি ক্ষমতালৈ আহিলে আমি চৰকাৰখনক গাঁৱলৈ লৈ যাম।’’ তেওঁ দৃঢ়তাৰে কয়।

নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে বিজেপিয়ে পৰিষদীয় চৰকাৰ গঠন কৰিলেই বিটিচিৰ প্ৰতিটো ঘৰ অৰুণোদয় আঁচনিৰ অধীনলৈ অনা হ’ব। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ভৌৰাগুৰি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি ঘোষণা কৰি তেওঁ উন্নয়নৰ প্ৰতিশ্ৰুতিও দাঙি ধৰে। প্ৰথম অৱস্থাত কলা বিভাগৰ পাঠ্যক্ৰম প্ৰদান কৰা হ’ব, তাৰ পিছত বিজ্ঞানৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ’ব।

ভৌৰাগুৰিত এই সমাৱেশে বিটিচিৰ ৰাজনীতিত বিজেপিৰ আগ্ৰাসী মনোভাৱ প্ৰতিফলিত কৰিছে, শৰ্মাই নিজৰ দলটোক বৰ্তমানৰ আঞ্চলিক শক্তিৰ বিকল্প হিচাপে স্থান দিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...