ত্ৰিপাক্ষিক আলোচনাৰ বাবে সাজু ৰাজ্য, কেন্দ্ৰক দিব হেঁচা ! কাৰ্বি আংলঙৰ ২১টা সংগঠনৰ প্ৰতিনিধিৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ

শুকুৰবাৰে 'Forum for Hills Autonomous State Movement (FHASM) Alliance'-ৰ ২১টা দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী। বৈঠকত FHASM ৰ উদ্বেগ আৰু আকাংক্ষাসমূহৰ বিষয়ে আলোচনা কৰা হয়।

ত্ৰিপাক্ষিক আলোচনাৰ বাবে সাজু ৰাজ্য, কেন্দ্ৰক দিব হেঁচা ! কাৰ্বি আংলঙৰ ২১টা সংগঠনৰ প্ৰতিনিধিৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰ বৈঠক

Updated On: 

11 Jul 2025 21:05 PM

কাৰ্বি আংলঙৰ ২১টা সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ বাবে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিব অসম চৰকাৰে। এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, আজি শুকুৰবাৰে ‘Forum for Hills Autonomous State Movement (FHASM) Alliance’-ৰ ২১টা দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী কাৰ্যালয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত কোৱা হৈছে যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ‘Forum for Hills Autonomous State Movement (FHASM) Alliance’-ৰ ২১টা দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু FHASM ৰ মাজত এক ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে।

ৰাজনৈতিক লগতে অৰাজনৈতিক সংগঠনৰ সৈতে জড়িত এই মিত্ৰজোঁটে কাৰ্বি আংলং জিলাৰ বাবে “State Within State” গঠনৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে। তেওঁ দাবীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শান্তিপূৰ্ণ আলোচনাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰীয়ে।

বৈঠকত FHASM ৰ উদ্বেগ আৰু আকাংক্ষাসমূহৰ বিষয়ে আলোচনা কৰা হয়। লগতে এই বৈঠকত শান্তিপূৰ্ণভাৱে সকলো সমস্যাৰ সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত কাৰ্বি চুক্তি ২০২১-ৰ বিভিন্ন দিশৰ অগ্ৰগতি পৰ্যালোচনা কৰে আৰু শান্তিপূৰ্ণভাৱে সকলো কাম কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”আমাৰ জনজাতীয় ভাতৃ-ভগ্নীসকল অসমৰ সামাজিক গাঁথনিৰ এক অবিচ্ছেদ্য অংশ৷ আমি তেওঁলোকক শক্তিশালী কৰিবলৈ আৰু তেওঁলোকৰ অনন্য ঐতিহ্য সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷”

এফালে শচীনক স্পৰ্শ, আনফালে দ্ৰাবিড়ক অতিক্ৰম; শতকেৰে লৰ্ডছত অভিলেখ ৰচিলে ৰুটে
ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক