বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ, অসমীয়া-বঙালী ভাষাৰ সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাকবাসীক অসম সাহিত্য সভাৰ অধিৱেশন আয়োজন কৰাৰ বাবে উদ্যোগ ল'বলৈ আহ্বান জনায় । তেওঁ কয় যে,প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত অসমীয়া আৰু বঙালী দুয়োটা ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত দুয়োটা ভাষাৰ সমন্বয় অধিক সুদৃঢ় হৈছে।

বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ, অসমীয়া-বঙালী ভাষাৰ সন্দৰ্ভত কি কলে হিমন্ত বিশ্ব শৰ্মাই ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Edited By: 

Azeem Tamboli | Updated On: 18 Mar 2025 | 09:38 PM

আজিৰ বৰাকত আয়োজিত এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাকবাসীক অসম সাহিত্য সভাৰ অধিৱেশন আয়োজন কৰাৰ বাবে উদ্যোগ ল’বলৈ আহ্বান জনায় । তেওঁ কয় যে,প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত অসমীয়া আৰু বঙালী দুয়োটা ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত দুয়োটা ভাষাৰ সমন্বয় অধিক সুদৃঢ় হৈছে। উল্লেখ্য যে, মঙলবাৰে ৫০ বছৰীয়া বর্ণিল ইতিহাসেৰে সমৃদ্ধ শিলচৰস্থিত দেশভক্ত তৰুণ ৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰীয়ে ।

এই উপলক্ষে আয়োজিত মুকলি সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই বিদ্যালয়খনৰ বৰ্তমান আৰু পূৰ্বৰ শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রীসকলৰ লগতে অঞ্চলটোৰ সমূহ বিদ্যানুৰাগী লোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ভাষণত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিহাসক আলোকপাত কৰে মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে কয় যে, বিভিন্ন কাৰণত পূর্বে অসমীয়া আৰু বঙালী ভাষাৰ মাজত প্রতিযোগিতা আছিল। ভাষা দুটাৰ সৃষ্টিৰ সম্পৰ্কে বৌদ্ধিক বিতৰ্ক আৰু যুক্তিৰ আন্দোলন হৈছিল। কেতিয়াবা এনে যুক্তিৰ আন্দোলনে বৃহৎ আন্দোলনৰ ৰূপ লৈছিল। যোৱা সময়ছোৱাত এনে প্রতিযোগিতাৰ পৰিৱৰ্তে অসমীয়া আৰু বঙালী ভাষী লোকৰ মাজত সদ্ভাৱ বৃদ্ধি হৈছে বুলি কয় মুখ্য়মন্ত্ৰীয়ে ।

২০১৪ চনৰ পিছত ৰে’ল যাতায়াত ব্যৱস্থাৰ দ্রুত উন্নতিয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ জনসাধাৰণৰ বাবে সূচল যাতায়াতৰ ব্যৱস্থা কৰি দুয়োটা উপত্যকাৰ লোকসকলক মানসিকভাৱেও অধিক ওচৰ চপাই আনিছে বুলি দাবী কৰে মুখ্য়মন্ত্ৰীয়ে। আনহাতে শেহতীয়াকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত অসমীয়া আৰু বঙালী দুয়োটা ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এই সমন্বয় অধিক সুদৃঢ় হৈছে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়।

অসমীয়া ভাষা আৰু বঙালী ভাষা উৎপত্তিৰ সম্পৰ্কে থকা বিতৰ্কৰ অৱসান ঘটাই এই স্বীকৃতিয়ে দুয়োটা ভাষাকে স্বতন্ত্ৰ ভাষা হিচাপে প্রতিষ্ঠা কৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে। লগতে এই সম্ভাৱ আৰু সমন্বয়ৰ পৰিৱেশ অধিক শক্তিশালী কৰিবলৈ ব্রহ্মপুত্র উপত্যকাত সময়ে সময়ে বংগ সাহিত্য সভা অনুষ্ঠিত হোৱাৰ দৰে বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন আয়োজন কৰাৰ বাবে উদ্যোগ ল’বলৈ বৰাকবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...