বিটিচি নিৰ্বাচনৰ ইস্তাহাৰ মুকলি বিজেপিৰ, মুখ্যমন্ত্ৰীয়ে ক’লে- ইস্তাহাৰখনে বিটিআৰৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে

বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত সমগ্ৰ বিটিআৰৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ সকলো জনগোষ্ঠীৰ সম অধিকাৰৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, বিটিআৰত ৰাজ্য চৰকাৰৰ সকলো আঁচনি, বিশেষকৈ মহিলা আৰু কন্যা ছাত্ৰীৰ বাবে আঁচনি পিছপৰা আৰু কম উন্নত অঞ্চলত ৰূপায়ণ কৰিবলৈ বিজেপি প্ৰতিশ্ৰুতিবদ্ধ।

বিটিচি নিৰ্বাচনৰ ইস্তাহাৰ মুকলি বিজেপিৰ, মুখ্যমন্ত্ৰীয়ে কলে- ইস্তাহাৰখনে বিটিআৰৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে

বিটিচি নিৰ্বাচনৰ ইস্তাহাৰ মুকলি বিজেপিৰ

Published: 

12 Sep 2025 19:13 PM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বিটিআৰ)ৰ উন্নয়নৰ বাবে এক নতুন যাত্ৰাত শান্তি, প্ৰগতি আৰু সমৃদ্ধি নিশ্চিত কৰিবলৈ বিজেপি প্ৰতিশ্ৰুতিবদ্ধ।” প্ৰথমবাৰৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) গঠন কৰাৰ লক্ষ্যৰে নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিয়ে। আমি ৰাইজৰ পৰা অপৰিসীম সমৰ্থন পাইছো।” দলৰ ইস্তাহাৰ প্ৰকাশৰ সময়ত এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

বিটিচিৰ নিৰ্বাচনত বিজেপিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অঞ্চলটোত এক শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে বুলিও কয় শৰ্মাই। বিটিআৰ ইয়াৰ পাঁচখন জিলাত বসবাস কৰা ২৬টা জনগোষ্ঠীৰ লক্ষ্য আৰু আকাংক্ষাৰ লগতে বড়োসকলৰ ৰাজনৈতিক আকাংক্ষাৰ প্ৰতীক বুলিও তেওঁ কয়।

“আমি এই সম্প্ৰদায়সমূহৰ মাজত সমন্বয় ধৰি ৰাখিব লাগিব আৰু এই ২৬টা সম্প্ৰদায়ৰ শিল্প, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব।” শৰ্মাই কয়।

২০২০ চনৰ জানুৱাৰী মাহত স্বাক্ষৰিত বড়ো শান্তি চুক্তি আগন্তুক পাঁচ বছৰত সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব বুলিও তেওঁ কয়। কিছুমান প্ৰশাসনিক সমস্যা সমাধান কৰাটো প্ৰয়োজন যাতে সকলো সম্প্ৰদায়ে পৰিষদক নিজৰ বুলি আকোৱালি ল’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে।

বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত সমগ্ৰ বিটিআৰৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ সকলো জনগোষ্ঠীৰ সম অধিকাৰৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, “বিটিআৰত ৰাজ্য চৰকাৰৰ সকলো আঁচনি, বিশেষকৈ মহিলা আৰু কন্যা ছাত্ৰীৰ বাবে আঁচনি পিছপৰা আৰু কম উন্নত অঞ্চলত ৰূপায়ণ কৰিবলৈ বিজেপি প্ৰতিশ্ৰুতিবদ্ধ।”

বিটিআৰত সকলো মহকুমাতে মহাবিদ্যালয় স্থাপন, ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ স্থাপন আৰু তামুলপুৰ চিকিৎসা মহাবিদ্যালয়খন অতি সোনকালে কাৰ্যক্ষম কৰি তোলাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। লগতে তেওঁ কয়, বিটিআৰত সকলো নদী আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত দলং নিৰ্মাণৰ বাবেও বিজেপি প্ৰতিশ্ৰুতিবদ্ধ, যাতে সংযোগৰ সুবিধা বৃদ্ধি পায়। সকলো জনগোষ্ঠীৰ সাংবিধানিক সুৰক্ষা আৰু তেওঁলোকৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰি অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

বিটিআৰৰ অগ্ৰগতি সুনিশ্চিত কৰিবলৈ সকলো জনগোষ্ঠীৰ লোকক ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনাই তেওঁ কয় যে, ইস্তাহাৰখনে আগন্তুক পাঁচ বছৰত বিটিআৰত উন্নয়ন আনিবলৈ বিজেপিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ বিটিআৰৰ ৰাইজক এবাৰ হ’লেও ইস্তাহাৰখন পঢ়িবলৈ আহ্বান জনায় আৰু বিজেপিয়ে ইয়াৰ প্ৰতিলিপি ছপা মাধ্যমৰ লগতে ডিজিটেল দুয়োটা দিশতে উপলব্ধ কৰিব বুলি জানিবলৈ দিছে শৰ্মাই।

লগতে নিৰ্বাচনৰ সময়ত সকলো দলৰ সদস্যক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে,”নিৰ্বাচন আহিব আৰু যাব, কিন্তু আমি নিশ্চিত কৰিব লাগিব যে সম্প্ৰদায়সমূহৰ মাজত সমন্বয় আৰু শান্তি বজাই ৰখা হয়।”

২২ ছেপ্টেম্বৰত ৪০ জনীয়া পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু প্ৰথমবাৰৰ বাবে বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বৰ্তমান ইউ পি পি এল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টি (জি এছ পি) মিত্ৰজোঁটৰ দখলত ঐছে বিটিআৰ।

২০২০ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা বিগত পৰিষদৰ নির্বাচনত ইউপিপিএলে ১২খন আসন, বিজেপিয়ে ৯খন আৰু জিএছপিয়ে এখন আসন লাভ কৰাৰ বিপৰীতে পূর্বৰ তিনিটা কার্যকাল কাউন্সিলৰ নেতৃত্ব দিয়া বড়োলেণ্ড পিপলছ ফ্রণ্টে ১৭খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ইফালে একমাত্ৰ কংগ্ৰেছৰ সদস্যজনে পিছত বিজেপি কৰে ৷

ৱৰ্ক আউটৰ লগতে এইসমূহ দিশতো দিয়ক গুৰুত্ব, তেতিয়াহে সফল হ’ব ওজন হ্ৰাসৰ প্ৰচেষ্টা
দাঁতৰ আলু ফুলা আৰু মুখৰ দুৰ্গন্ধ... এয়া দাঁতৰ কি ৰোগৰ ইংগিত?
মিঠা খাদ্যৰ বাহিৰেও এইবোৰ কাৰণত আপোনাৰ হঠাৎ চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে
দৈনিক ৰঙা চাহ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নে বেয়া? শৰীৰত কি প্ৰভাৱ পৰে জানক...