মেঘালয়ত পাহাৰ কটাৰ বাবেই গুৱাহাটীত কৃত্ৰিম বান ! উচ্চতম ন্যায়ালৰ কাষ চাপিছে ৰাজ্য চৰকাৰ, কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,ৰাজ্য চৰকাৰে চুবুৰীয়া মেঘালয়ৰ পাহাৰ কটাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাপ্ৰাপ্ত কমিটীৰ কাষ চাপিছে । পাহাৰ কটাৰ ফলস্বৰূপে গুৱাহাটীত পুনৰবাৰ পানী জমা হোৱা বুলি এক প্ৰকাৰে দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।

মেঘালয়ত পাহাৰ কটাৰ বাবেই গুৱাহাটীত কৃত্ৰিম বান ! উচ্চতম ন্যায়ালৰ কাষ চাপিছে ৰাজ্য চৰকাৰ, কি কলে মুখ্যমন্ত্ৰীয়ে ?

গুৱাহাটী কৃত্ৰিম বানক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

Published: 

21 May 2025 | 08:40 PM

চুবুৰীয়া ৰাজ্য মেঘালয়ত পাহাৰ কটা সন্দৰ্ভত উচ্চতম ন্যায়ালৰ ক্ষমতাপ্ৰাপ্ত সমিতিৰ কাষ চাপিছে অসম চৰকাৰ । গুৱাহাটীৰ কৃত্ৰিম বানৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,ৰাজ্য চৰকাৰে চুবুৰীয়া মেঘালয়ৰ পাহাৰ কটাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাপ্ৰাপ্ত কমিটীৰ কাষ চাপিছে । পাহাৰ কটাৰ ফলস্বৰূপে গুৱাহাটীত পুনৰবাৰ পানী জমা হোৱা বুলি এক প্ৰকাৰে দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।

গোলাঘাট জিলাৰ দেৰগাঁৱত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, যদি মেঘালয়ত পাহাৰ কটা অব্যাহত থাকে তেন্তে গুৱাহাটী “এখন মহাসাগৰ”ত পৰিণত হ’ব। “গুৱাহাটী হওক বা আন ডাঙৰ চহৰেই হওক, কৃত্ৰিম বান সম্পূৰ্ণৰূপে ৰোধ কৰাৰ কোনো উপায় নাই। প্ৰতি বছৰে আমি অধিক খালী প্লটত মাটি ভৰাই অট্টালিকা নিৰ্মাণ কৰোঁ।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।

গুৱাহাটীত পানী জমা হোৱাৰ বাবে কাষৰীয়া মেঘালয়ত পাহাৰ কটা কাৰ্যক দোষাৰোপ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, “পূৰ্বতে কেৱল ইউ এছ টি এম আছিল। শেহতীয়াকৈ দেখিলোঁ যে মেঘালয়ত পাহাৰ কাটি আৰু দুটা অট্টালিকা নিৰ্মাণ কৰা হৈছে।”

মুখ্যমন্ত্রীয়ে যোৱা বছৰ মেঘালয়ৰ ইউ এছ টি এমক গুৱাহাটীৰ বিৰুদ্ধে “ফ্লাড জেহাদ” কৰা বুলি উল্লেখ কৰিছিল। মহানগৰৰ গাতে লাগি থকা এটা পাহাৰত অৱস্থিত ইয়াৰ কেম্পাছৰ পৰা নামি অহা পানীয়ে ব্যাপক কৃত্ৰিম বানৰ সৃষ্টি কৰে বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ক্ষমতাপ্ৰাপ্ত সমিতিৰ ওচৰত আৱেদন দাখিল কৰি পাহাৰসমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে। তেওঁ লগতে কয়, “দুই-তিনি মাহত আমি ইতিবাচক ফলাফল আশা কৰিছো। আমি ক্ষমতাপ্ৰাপ্ত সমিতিৰ সন্মুখত দাখিল কৰিছো যে, যদি মেঘালয়ে এনেদৰে পাহাৰ কাটি থাকে তেন্তে সমগ্ৰ গুৱাহাটী এখন সাগৰত পৰিণত হ’ব।”

উল্লেখ্য যে, প্ৰচণ্ড বৰষুণৰ পিছত মঙলবাৰে চহৰখনত ব্যাপক পানী জমা হোৱাৰ লগতে ২৪ ঘণ্টা পৰা হৈ যোৱা পাছতো কেইবাটাও স্থানীয় অঞ্চল প্লাৱিত হৈ আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...