কংগ্ৰেছৰ অভিযোগ বাস্তৱিক নহয়, SR বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…
কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্য হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে SR বিতৰ্কক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে, বাবু আঁচনিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

“নিজৰ সমৰ্থকৰ বাবেই কোনো ধৰণৰ কাম নকৰিলে কংগ্ৰেছে।” বিৰোধীক লক্ষ্য কৰি এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দাবী কৰে যে, কংগ্ৰেছে ৬০ বছৰ অসমত শাসন কৰিও গাঁওবাসীৰ বাবে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হ’ল। তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়, “অসমত কংগ্ৰেছে ৬০ বছৰ চৰকাৰ চলাইছিল, কিন্তু মাটিৰ পট্টা দিয়াত ব্যৰ্থ হ’ল।
২২ নৱেম্বৰ, শনিবাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ বাবে অভয়াপুৰীত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা। এই উপলক্ষে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মহিলাসকলৰ মাজত উদ্যমিতা চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। অনুষ্ঠানৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ কংগ্ৰেছ: মুখ্যমন্ত্ৰী
সাংবাদিকৰ আগত তেওঁ কয় যে, কংগ্ৰেছে ৬০ বছৰ অসমত শাসন কৰিও ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হ’ল। তেওঁ যুক্তি আগবঢ়ায় যে, যদি পূৰ্বৰ চৰকাৰসমূহে সময়মতে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন তেন্তে আজি ৰাজ্যত বনভূমিত উচ্ছেদ অভিযান চলাবলগীয়া নহয়। “তেওঁলোকে কংগ্ৰেছক ভোট দিছিল, কিন্তু কংগ্ৰেছে তেওঁলোকৰ বাবে একো নকৰিলে।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।
SR ব্যৱস্থাক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
অসমত আৰম্ভ হোৱা ভোটাৰ তালিকা SR সন্দৰ্ভত বিৰোধীয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছৰ অভিযোগ ৰাজনৈতিকভাৱে উদ্দেশ্য-প্ৰণোদিত। তেওঁ কয়, “SR ক লৈ চিন্তা কৰিবলগীয়া কথা একো নাই। অন্য ঠাইৰ ভোটাৰ যদি অসমলৈ আহে, তেন্তে তেওঁলোকক কোনে খুৱাব? ক’ত থাকিব? খৰচ কোনে বহন কৰিব? কা’ আন্দোলনৰ সময়ত কংগ্ৰেছে একেধৰণৰ উৰাবাতৰি বিয়পাইছিল, এক কোটি মানুহ অসমত প্ৰৱেশ কৰিব বুলি দাবী কৰিছিল। এইবাৰ তেওঁলোকে মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰে। তেওঁলোকৰ অভিযোগৰ কোনো বাস্তৱিক ভিত্তি নাই।”
কিছুদিন পূৰ্বে সন্দেহজনক ‘মিঞা’ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিপক্ষে কংগ্ৰেছ নেতা ৰিপুন বৰাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হাই কোর্টত কেচ হ’ব লাগিব বুলি কৈছিল। সেই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে কয় যে, আমাৰ সংবিধানত সন্দেহজনক ‘মিঞা’ বুলি কোৱাত কোনো বাধা নাই।
সাংবাদিকৰ বাবে চৰকাৰী আঁচনি !
ইফালে, তেওঁ ইংগিত দিয়ে যে, অতি শীঘ্ৰেই “বাবু আঁচনি” আৰু সাংবাদিক সমাজৰ বাবে নতুন বিশেষ আঁচনি মুকলি কৰা হ’ব পাৰে। এই বিষয়ত ৰাজ্য চৰকাৰে চিন্তা কৰিব বুলিও জনাই মুখ্যমন্ত্ৰী শৰ্মাই।