2 JULY 2025
TV9 ASSAM
যকৃতৰ এনজাইম হ’ল শৰীৰত উপস্থিত থকা কিছুমান বিশেষ প্ৰ’টিন, যিয়ে যকৃতৰ কাম-কাজ নিয়ন্ত্ৰণ কৰে। ইয়াৰ ভিতৰত ALT (Alanine transaminase), AST (Aspartate transaminase), ALP (Alkaline phosphatase) আৰু GGT (Gamma-glutamyl transferase) আদি উল্লেখযোগ্য।
যেতিয়া তেজৰ পৰীক্ষাত এই এনজাইমবোৰৰ মাত্ৰা স্বাভাৱিকতকৈ বেছি হয়, তেতিয়া ই যকৃতৰ কাম-কাজত ব্যাঘাত জন্মাৰ লক্ষণ হ’ব পাৰে। অৰ্থাৎ যকৃতৰ কোষবোৰৰ ক্ষতি হৈছে আৰু এই এনজাইমবোৰ তেজত নিৰ্গত হৈ আছে।
ALT: ৭-৫৬ ইউনিট/লিটাৰ, AST: ১০-৪০ ইউনিট/লিটাৰ, ALP: ৪৪-১৪৭ ইউনিট/লিটাৰ, GGT: ৯-৪৮ ইউনিট/লিটাৰ। কিন্তু লেব অনুসৰি ৰেঞ্জৰ সামান্য তাৰতম্য হ’ব পাৰে।
ডাঃ অনিল অৰোৰাই কয় যে লিভাৰৰ এনজাইম বৃদ্ধিৰ বাবে শৰীৰত বহুতো লক্ষণ দেখা দিয়ে। ইয়াৰ ভিতৰত ভাগৰুৱা, দুৰ্বলতা, পেটৰ ওপৰৰ অংশত মৃদু বিষ বা গধুৰতা, বমি ভাৱ বা বমিহোৱা, ছাল বা চকু হালধীয়া হোৱা আৰু ভোক নলগা আদি।
অত্যধিক মদ্যপান, হেপাটাইটিছ (A, B, C), ফেটি লিভাৰ, ঔষধৰ পাৰ্শ্বক্ৰিয়া, মেদবহুলতা আৰু ডায়েবেটিছ আদি যকৃতৰ এনজাইম বৃদ্ধিৰ বহু কাৰণ থাকিব পাৰে।
যদি দীৰ্ঘদিন ধৰি ভাগৰুৱা, বমি, পেটৰ বিষ, বা ছাল হালধীয়া হোৱা দেখা যায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত লিভাৰ ফাংচন টেষ্ট (LFT) কৰিব লাগে।
যকৃতৰ সুস্বাস্থ্যৰ বাবে জাংক ফুড আৰু মদৰ পৰা আঁতৰি থাকক। সতেজ ফলমূল, শাক-পাচলি আৰু আঁহযুক্ত খাদ্য খাব লাগে। লগতে দৈনিক ব্যায়াম কৰিব আৰু কেৱল চিকিৎসকে দিয়া ঔষধ সেৱন কৰিব।
চাবলৈ ক্লিক কৰক