সুলভ মূল্যত দাইল, চেনী, নিমখ দিয়াৰ পৰা বিলাতী সুৰাৰ উদ্যোগলৈকে, চাওক কেবিনেটৰ সিদ্ধান্ত সমূহ…
কেবিনেটে হাইলাকান্দিত জলকেন্দ্ৰ স্থাপনৰ পৰা আৰম্ভ কৰি পহলগাম আক্ৰমণত নিহতৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান, বিলাতী সুৰাৰ উদ্যোগ স্থাপনত অনুমোদন জনোৱালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যিক কেবিনেত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । যোৱা নিশা অনুষ্ঠিত হৈছিল এই বৈঠক । বৈঠকত লোৱাৰ সিদ্ধান্তসমূহ আজি মঙলবাৰে পুৱা সাংবাদ মাধ্যমৰ আগত অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেবিনেটে হাইলাকান্দিত জলকেন্দ্ৰ স্থাপনৰ পৰা আৰম্ভ কৰি পহলগাম আক্ৰমণত নিহতৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান, বিলাতী সুৰাৰ উদ্যোগ স্থাপনত অনুমোদন জনোৱালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
চাওক ৰাজ্যিক কেবিনেটে কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে ?
- কেবিনেট বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি, হাইলাকান্দি জিলাৰ লালাত জলকেন্দ্ৰ স্থাপনত অনুমোদন জনাইছে কেবিনেটে । ইয়াৰ বাবে ব্য়য় হ’ব ৪০ কোটি টকা ।
- এতিয়াৰ পৰা মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ হ’ব MGNREGAৰ টকা। এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।
- আন এটা ডাঙৰ সিদ্ধান্তৰ ভিতৰত আছে এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ নহয় মেম’ৰেণ্ডাম শব্দ । ইয়াৰ বিপৰীতে এগজিকিউটিভ অৰ্ডাৰ শব্দত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ।
- পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতৰ পৰিয়ালকলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । পহলগাম আক্ৰমণত নিহতৰ পৰিয়ালক ৫ লাখকৈ টকা আৰ্থিক সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।
- একেদৰে BIEO আৰু Vigilance & Anti Corruptionক একত্ৰিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।
- ৰাজ্যৰ OBB শিক্ষকলৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । ৰাজ্যখনৰ ৩৪৭গৰাকী OBB শিক্ষক ২ লাখ টকাকৈ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।
- ৰাজ্যিক কেবিনেটৰ আন এটা সিদ্ধান্ত হৈছে এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল । ইয়াৰ ফলত যাতে কোনো লোকচান নহয় তাৰ বাবে APDCL ক ৫০০ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।
- অক্টোবৰৰ পৰা ৰাজ্যবাসীয়ে সুলভ মূল্যত লাভ কৰি দাইল, চেনী, নিমখ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, ৰাজ্যৰ ৭২ হাজাৰ পৰিয়ালে এই সমাগ্ৰীসমূহ সুলভ মূল্যত পোৱাৰ বাবে ৫০ কোটি টকা ৰাজসাহায্য ধাৰ্য কৰিছে ৰাজ্য় চৰকাৰে ।
- এডভান্টেজ আছামত লাভ কৰাৰ কেইবাটাও প্ৰস্তাৱক অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ৷ মুখ্যমন্ত্ৰী জানিবলৈ দিয়া মতে, জাপানৰ এটা কোম্পানীয়ে নুমলীগড়ত মেথানলৰ বাবে বিনিয়োগ কৰিব ১৫০০ কোটি টকা।
- ৰাজ্যত বিলাতী সুৰা উদ্য়োগ স্থাপনৰ প্ৰস্তাৱত অনুমোদনত জনাইছে ৰাজ্যিক কেবিনেটে । টিহুত স্থাপন কৰা হ’ব এই উদ্যোগ।
- আছাম থাৰমেল জেনেৰেচন পলিচীক অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ৷ প্ৰতি বছৰত অসমত ১০০০ মেগাৱাট বিদ্যুতৰ চাহিদা বাঢ়ি যাব বুলি আশা কৰা হৈছে ৷ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ বাবে বিনামূলীয়াকৈ দিয়া হ’ব মাটি ৷
- নগাঁৱৰ ধৰমতুলত চিমেণ্ট কোম্পানী, নিৰ্মাণ হ’ব দুখন বিলাসী হোটেল । ৭৭৩০ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ৷