কয়দীৰ নিকটাত্মীয়লৈ এককালীন সাহাৰ্য, কইনাধৰাৰ কেবিনেট বৈঠকত লোৱা হ’ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ভিতৰত অন্য়তম হৈছে কাৰাগাৰৰ কয়দীৰ অস্বাভাৱিক মৃত্যুৰ পাছত তেওঁলোকৰ নিকটাত্মীয়ক এককালীন আৰ্থিক ক্ষতিপূৰণ দিয়া ।

কয়দীৰ নিকটাত্মীয়লৈ এককালীন সাহাৰ্য, কইনাধৰাৰ কেবিনেট বৈঠকত লোৱা হল গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

ৰাজ্যিক কেবিনেট বৈঠক

Updated On: 

08 Dec 2024 07:50 AM

শনিবাৰে ৰাজ্যিক কেবিনেট সম্প্ৰসাৰণৰ পাছতে প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ভিতৰত অন্য়তম হৈছে কাৰাগাৰৰ কয়দীৰ অস্বাভাৱিক মৃত্যুৰ পাছত তেওঁলোকৰ নিকটাত্মীয়ক এককালীন আৰ্থিক ক্ষতিপূৰণ দিয়া । এই ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে ।

একেদৰে বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । ইফালে ইথানল উৎপাদনক উৎসাহিত কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । উল্লেখ্য যে, কেবিনেটৰ চাৰিজন নতুন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰাৰ পাছতে অনুষ্ঠিত হৈছিল এই কেবিনেট বৈঠক । মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক ।

এই বৈঠকৰ অধ্যক্ষতা কৰাৰ পাছত এক্স সন্দৰ্ভত বৈঠকৰ সিদ্ধান্তসমূহ ভাগ-বতৰা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কয়দীৰ অস্বাভাৱিক মৃত্যুৰ বাবে আইনী উত্তৰাধিকাৰী বা নিকটাত্মীয়ক এককালীন ক্ষতিপূৰণ দিয়াৰ নীতিত কেবিনেটে অনুমোদন জনাইছে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, কয়দীৰ মাজত কাজিয়াৰ ফলত অস্বাভাৱিক মৃত্যু হ’লে ক্ষতিপূৰণৰ পৰিমাণ হ’ব ২ লাখ টকা। কাৰাগাৰৰ কৰ্মচাৰীৰ নিৰ্যাতন বা প্ৰহাৰৰ ফলত হোৱা মৃত্যুৰ বাবে ৩ লাখ টকা ক্ষতিপূৰণ, কাৰাগাৰৰ কৰ্মচাৰী আৰু চিকিৎসা কৰ্মী বা পেৰামেডিকেলৰ কৰ্তব্যত অৱহেলাৰ বাবে হোৱা মৃত্যুৰ বাবে ৪ লাখ টকা ক্ষতিপূৰণ আৰু আত্মহনন বাবে ৩ লাখ টকা ক্ষতিপূৰণ দিয়া হ’ব।

ইফালে প্ৰশাসন আৰু নাগৰিকৰ ব্যৱধান হ্ৰাস কৰি বৰাক উপত্যকাৰ ন্যায্য উন্নয়নৰ বাবে মন্ত্ৰীসভাই বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন জনায় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে । বিভাগটোৱে সহায়ক কৰ্মচাৰীৰ বাবেও চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলিও লগতে কয় মুখ্যমন্ত্ৰী শৰ্মাই । তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিছে যে, কৃষকৰ আয় বৃদ্ধি আৰু স্বচ্ছ বিকল্প ইন্ধনৰ বাবে মন্ত্ৰীসভাই তিনিটা শস্যভিত্তিক ইথানল উৎপাদন ইউনিটলৈ তিনি বছৰৰ বাবে প্ৰতি লিটাৰত ২ টকাৰ হাৰত ৰেহাই দিয়াত অনুমোদন জনাইছে ।

বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, এইকেইজন ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীও পেছাত চিকিৎসক
বেছিকৈ পূজা কৰা দুখৰ কাৰণ হ'ব পাৰে নেকি? জানক প্ৰেমানন্দ মহাৰাজৰ পৰা...