Bhupen bora resign: নিৰ্বাচনৰ পূৰ্বে বিৰোধিত ভাঙোন! অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাৰ পদত্যাগ

Bhupen bora resign: বিৰোধী ঐক্যত ভাঙোন। নিৰ্বাচনৰ পূৰ্বে অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰে। যোৱা কেইটামান দিন ধৰি বিহালী সমষ্টিক লৈ বিৰোধিৰ মাজত সৃষ্টি হৈছিল জটিলতাৰ।

Bhupen bora resign: নিৰ্বাচনৰ পূৰ্বে বিৰোধিত ভাঙোন! অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাৰ পদত্যাগ

ভূপেন বৰা পদত্যাগ

Edited By: 

Barasha Misra | Updated On: 23 Oct 2024 | 03:44 PM

অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰিলে ভূপেন বৰাই। ইতিমধ্যে বৰাই এই পদত্যাগ পত্ৰ অসম সন্মিলিত মৰ্চাৰ সম্পাদক লুৰিণ জ্যোতি গগৈলৈ প্ৰেৰণ কৰিছে। এই খবৰৰ পাছতেই এতিয়া ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হৈছে আৰু বিৰোধিৰ দুৰ্বল স্থিতি প্ৰদৰ্শন হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, বিহালীৰ প্ৰাৰ্থী সন্দৰ্ভত ভূপেন বৰাই সন্মিলিত মৰ্চাক বিবেচনা অনুৰোধ জনাইছিল। ইয়াৰ বিপৰীতে মৰ্চাই AICC ৰ পৰা অনুমোদন বিচাৰিছিল যে এই সমষ্টিটো কংগ্ৰেছে এৰি দিয়ক। কিন্তু AICC য়ে মানি নল’লে মৰ্চাৰ সিদ্ধান্ত। যাৰ বাবে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰিবলৈ বাধ্য হয় ভূপেন বৰাই।

উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি বিহালী সমষ্টিক লৈ বিৰোধিৰ মাজত ফাঁট মেলা পৰিলক্ষিত হৈছিল। অসমত অনুষ্ঠিত হ’বলগীয়া ৫ সমষ্টিৰ উপ- নিৰ্বাচনৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে কংগ্ৰেছে। কিন্তু বিহালীক লৈ সৃষ্টি হোৱা জটিলতাৰ বাবে বিৰোধিৰ প্ৰাৰ্থী ঘোষণা হোৱা নাই। এই সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ৫ জনীয়া এখন কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিখনে বিহালী সমষ্টি কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিৰোধিতা কৰিছিল।

একাংশৰ মতে বিহালী সমষ্টিক লৈ কংগ্ৰেছৰ মাজত দুটা ফৈদৰ সৃষ্টি হৈছে। ইয়াৰে গৌৰৱ গগৈৰ ফৈদে কোনো পধ্য়েই বিহালী সমষ্টি সন্মিলিত মৰ্চাক এৰি দিব বিচৰা নাছিল।  কিন্তু সন্মিলিত মৰ্চাই বিচাৰিছিল যে বিহালী সমষ্টিত অন্য দলৰ কোনো নেতা প্ৰাৰ্থী হওক।  এই সন্দৰ্ভত মঙলবাৰে মৰ্চাৰ কেইবাখন বৈঠক অনুষ্ঠিত হৈছিল যদিও প্ৰাৰ্থী সন্দৰ্ভত কোনো সিদ্ধান্ত উপনীত হ’ব পৰা নাছিল।

বিহালী সমষ্টিক লৈ এতিয়া বিৰোধিৰ মাজত বিভাজনে দেখা দিছে। মন কৰিবলগীয়া যে, কিছুদিন পূৰ্বে প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাই কংগ্ৰেছত যোগদান কৰিছিল আৰু এইগৰাকী নেতাকে গৌৰৱ গগৈয়ে বিহালীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে। গতিকে অনুমান কৰা হৈছে ভূপেন বৰাই পদত্যাগ কৰাৰ পাছতেই এতিয়া বিহালী সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰক্ষেপ কৰিব জয়ন্ত বৰাক।

ভূপেন বৰাৰ এই সিদ্ধান্তৰ পাছতেই এতিয়া সন্মিলিত মৰ্চা ভংগৰ দিশে গতি কৰিছে। ১৩ নৱেম্বৰত অসমৰ ৫ সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। এই নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৪৮ ঘন্টা বাকী থকাৰ সময়তো বিৰোধিয়ে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই।  নিৰ্বাচনৰ পূৰ্বে সৃষ্টি হোৱা এই জটিলতাই বিৰোধিলৈ সংকট নমাই অনাৰ সম্ভাৱনা আছে। যদি এনে পৰিস্থিতিয়ে হৈ থাকে তেন্তে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে ইতিবাচক পৰিণত হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...