ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে কি কি থাকিব এইবাৰৰ বাজেটত? ক’লে মুখ্যমন্ত্ৰীয়ে…

ফেচবুক লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী কয় যে, এইবাৰ বাজেটত সাধাৰণ লোকৰ বাবে কেইবাখনো নতুন আঁচনি অনা হ'ব। যিয়ে সকাহ প্ৰদান কৰিব ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকক।

ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে কি কি থাকিব এইবাৰৰ বাজেটত? কলে মুখ্যমন্ত্ৰীয়ে...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

03 Mar 2025 16:28 PM

দেওবাৰে নিশা ফেচবুক লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। য’ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ADR পৰীক্ষাৰ ফলাফলৰ দিন। লগতে ক’লে আত্মসহায়ক গোটৰ মহিলাসকলে কেতিয়া লাভ কৰিব ১০০০০ টকা। মুখ্যমন্ত্ৰীয়ে জনালে ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ বাবে এইবাৰৰ বাজেটত কি থাকিব?

মুখ্যমন্ত্ৰী কয় যে, এইবাৰ বাজেটত সাধাৰণ লোকৰ বাবে কেইবাখনো নতুন আঁচনি অনা হ’ব। যিয়ে সকাহ প্ৰদান কৰিব ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকক। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে বাজেটত ১২ লাখ পৰ্যন্ত উপাৰ্জন কৰাসকলৰ কৰমুক্ত কৰি মধ্যবিত্ত লোকসকলক এক ডাঙৰ সকাহ প্ৰদান কৰিছে। এতিয়া প্ৰধানমন্ত্ৰীৰ এই আদৰ্শক সৰোগত কৰি ৰাজ্য চৰকাৰ চলিত বিত্তীয় বৰ্ষৰ বাজেটত দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ বাবে কেইবাটাও নতুন পৰিকল্পনা হাতত লোৱা হ’ব। অসমৰ যুৱ শক্তি আৰু শিক্ষাৰ্থীৰ বাবেও বহু আঁচনি থাকিব এইবাৰৰ বাজেটত। মুখ্যমন্ত্ৰীয়ে লগতে কয়, নতুন অসম গঢ়াৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজন। সেয়েহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰেও আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন পৰিকল্পনা হাতত ল’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবেও মুখ্যমন্ত্ৰীয়ে কৰে বিশেষ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, ১ এপ্ৰিলৰ পৰা ১০ হাজাৰ টকাকৈ লাভ কৰিব আত্মসহায়ক গোটৰ মহিলাসকলে । তেওঁ কয় যে, অহা ১০ তাৰিখে বিধানসভাৰ নতুন বৰ্ষৰ বাজেট উপস্থাপন কৰিব ৰাজ্য চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাসকলৰ নিৰ্বাচনৰ চুড়ান্ত প্ৰক্ৰিয়া এই মাহ শেষ কৰা হ’ব। তাৰ পাছত ১ এপ্ৰিল তাৰিখে বিহালীত এই আঁচনিৰ শুভাৰম্ভ কৰিব বুলি জনাই মুখ্যমন্ত্ৰীয়ে। লগতে বাজেটত মহিলাসকলক বাবেও কেইটাও আঁচনি লৈ অহাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ADRE ফলাফলৰ দিন। অসম আৰক্ষীৰো ফলাফলৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ৭মাৰ্চত ঘোষণা কৰা কৰা হ’ব ফলাফল। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰোৱা হ’ব। তাৰ পাছত অনুষ্ঠিত হ’ব মৌখিক পৰীক্ষা। ইয়াৰ পূৰ্বে ৪ মাৰ্চত ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল।  ৬মাৰ্চত ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ ফলাফল।  ১২ মাৰ্চত ঘোষণা কৰা হ’ব কনিষ্টবল AB আৰু UBৰ ফলাফল। কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ২৭ মাৰ্চত । লগতে ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!