২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অসম গ্ৰন্থমেলা, লাইখুঁটা স্থাপন…

এইবাৰৰ অসম গ্ৰন্থমেলা ১৪ দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া গ্ৰন্থমেলা সামৰণি পৰিব ৬ জানুৱাৰীত ৷

২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অসম গ্ৰন্থমেলা, লাইখুঁটা স্থাপন...
Published: 

14 Dec 2025 | 11:10 PM

২৪ ডিচেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা ২০২৫-২৬। বিগত বৰ্ষৰ দৰে এইবাৰো অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷ দেওবাৰে বহু প্ৰত্যাশিত ২০২৫-২৬ বৰ্ষৰ অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয়।

এইবাৰৰ অসম গ্ৰন্থমেলা ১৪ দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া গ্ৰন্থমেলা সামৰণি পৰিব ৬ জানুৱাৰীত ৷ অসম গ্ৰন্থমেলা ২০২৫-২৬ শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷

এই উপলক্ষে দেওবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপন কৰে আৰক্ষী আয়ুক্ত পার্থ সাৰধি মহন্তই ৷ এইবাৰ গ্ৰন্থমেলাত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক আমিষ ত্ৰিপাঠী। ইয়াৰ লগতে দেশৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

ইফালে, আয়োজকে জানিবলৈ দিছে যে, এইবাৰ গ্ৰন্থমেলালৈ দিল্লী আৰু কলকতাৰ পৰা আহিব কেইবাটাও প্ৰকাশন গোষ্ঠী ৷ এতিয়ালৈ ১২০ খন বিপনীয়ে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে। বিগত বৰ্ষত অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সহাঁৰি দেখা গৈছিল।

যোৱাবাৰ ১১ দিনীয়াকৈ অনুষ্ঠিত অসম গ্ৰন্থমেলাত প্ৰায় ৬ কোটি টকাৰ কিতাপ বিক্ৰী হৈছিল। এইবাৰো পাঠকৰ সহযোগিতাৰ আশা কৰিছে আয়োজকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...