২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অসম গ্ৰন্থমেলা, লাইখুঁটা স্থাপন…

এইবাৰৰ অসম গ্ৰন্থমেলা ১৪ দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া গ্ৰন্থমেলা সামৰণি পৰিব ৬ জানুৱাৰীত ৷

২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অসম গ্ৰন্থমেলা, লাইখুঁটা স্থাপন...
Published: 

14 Dec 2025 23:10 PM

২৪ ডিচেম্বৰৰ পৰা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হ’ব অসম গ্ৰন্থমেলা ২০২৫-২৬। বিগত বৰ্ষৰ দৰে এইবাৰো অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷ দেওবাৰে বহু প্ৰত্যাশিত ২০২৫-২৬ বৰ্ষৰ অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয়।

এইবাৰৰ অসম গ্ৰন্থমেলা ১৪ দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া গ্ৰন্থমেলা সামৰণি পৰিব ৬ জানুৱাৰীত ৷ অসম গ্ৰন্থমেলা ২০২৫-২৬ শুভ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷

এই উপলক্ষে দেওবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপন কৰে আৰক্ষী আয়ুক্ত পার্থ সাৰধি মহন্তই ৷ এইবাৰ গ্ৰন্থমেলাত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক আমিষ ত্ৰিপাঠী। ইয়াৰ লগতে দেশৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

ইফালে, আয়োজকে জানিবলৈ দিছে যে, এইবাৰ গ্ৰন্থমেলালৈ দিল্লী আৰু কলকতাৰ পৰা আহিব কেইবাটাও প্ৰকাশন গোষ্ঠী ৷ এতিয়ালৈ ১২০ খন বিপনীয়ে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে। বিগত বৰ্ষত অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সহাঁৰি দেখা গৈছিল।

যোৱাবাৰ ১১ দিনীয়াকৈ অনুষ্ঠিত অসম গ্ৰন্থমেলাত প্ৰায় ৬ কোটি টকাৰ কিতাপ বিক্ৰী হৈছিল। এইবাৰো পাঠকৰ সহযোগিতাৰ আশা কৰিছে আয়োজকে।

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা