চাহ শ্ৰমিকলৈ ভূমি অধিকাৰ, নিষিদ্ধ বহুবিবাহ…আদৰণি জনালে বিজেপিয়ে

বিবৃতিত উল্লেখ কৰিছে যে,বিজেপি মিত্ৰজোঁটৰ নেতৃত্বধীন অসমৰ ৰাজ্য চৰকাৰখনে আৰম্ভণিপৰা অসমৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নয়ন তথা বিকাশ আৰু জাতি মাটিৰ স্বাৰ্থত অহৰহ প্ৰচেষ্টা তথা বলিষ্ঠ ভূমিকাৰে কাম কৰি আহিছে।

চাহ শ্ৰমিকলৈ ভূমি অধিকাৰ, নিষিদ্ধ বহুবিবাহ...আদৰণি জনালে বিজেপিয়ে
Updated On: 

29 Nov 2025 | 07:25 PM

চাহ জনগোষ্ঠীৰ লোকক ভূমি অধিকাৰ প্ৰদান আৰু বহু বিবাহ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যিক বিজেপিয়ে। পাঁচদিনীয়াকৈ অনুষ্ঠিত শীতকালীন অধিৱেশনৰ সময়ত অসম বিধানসভাত Assam Fixation Of Ceiling on Land Holdings (Amendment) Bill, ২০২৫ বিলখন গৃহীত হয়। একেদৰে এই অধিৱেশন চলি থকা সময়তে ৰাজ্যৰ চৰকাৰে উত্থাপন কৰে অসম বহু বিবাহ নিধাৰণ বিধেয়ক ২০২৫। এইলৈ এক বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে।

বিবৃতিত উল্লেখ কৰিছে যে,বিজেপি মিত্ৰজোঁটৰ নেতৃত্বধীন অসমৰ ৰাজ্য চৰকাৰখনে আৰম্ভণিৰে পৰা অসমৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নয়ন তথা বিকাশ আৰু জাতি মাটিৰ স্বাৰ্থত অহৰহ প্ৰচেষ্টা তথা বলিষ্ঠ ভূমিকাৰে কাম কৰি আহিছে। ইতিমধ্যেই ২৮ নৱেম্বৰ তাৰিখে শীতকালীন অসম বিধানসভা অধিৱেশনত ৰাজ্যখনৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলৰ সৰ্বাংগীন বিকাশ আৰু সুৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বিধানসভাত Assam Fixation Of Ceiling on Land Holdings (Amendment) Bill, ২০২৫ বিলখন গৃহীত কৰে।

“এই আইনখনৰ পৰা চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলে মাটিৰ পট্টা অধিকাৰী হোৱাৰ উপৰিও বহুতো কামৰ ক্ষেত্ৰত উপকৃত হ’ব। এই সংশোধনী আইনখনে ৰাজ্যৰ ৮২৫ খন চাহ বাগিচাৰ ৩ লাখ ৩৩ হাজাৰ পৰিয়ালৰ জীৱনলৈ এক নতুন দিগন্তৰ সূচনা কৰি আশাৰ ৰেঙনি কঢ়িয়াই আনিছে, কিয়নো পূর্বতে তেওঁলোকে চাহ বাগিচাত কাম কৰিছিল যদিও নিজৰ ভূমিৰ অধিকাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিল।” বিবৃতিত এইদৰে উল্লেখ কৰিছে ৰাজ্যিক বিজেপিয়ে।

ইফালে বহু বিবাহ নিধাৰণ বিধেয়ক ২০২৫ খনে মহিলা সৱলীকৰণ, মৰ্য্যদা তথা ন্যায় সুনিশ্চিত কৰিব বুলি আশা প্ৰকাশ কৰিছে। এই আইনৰ দ্বাৰা সমাজলৈ এক যোগাত্মক বার্তা কঢ়িয়াই আনিব বুলি উল্লেখ কৰিছে ৰাজ্যিক বিজেপিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...