বিধানসভা নিৰ্বাচনলৈ বিশেষ প্ৰস্তুতি কংগ্ৰেছৰ, প্ৰিয়ংকা গান্ধীক দিয়া হ’ল এনে গুৰুত্বপূৰ্ণ দায়িত্ব

ক্ৰমাগত তৃতীয়বাৰৰ বাবে দিছপুৰৰ মছনদ দখলৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। ইফালে বিৰোধীৰ মাজত এতিয়াও অব্যাহত মিত্ৰজোঁট গঠনৰ কুচকাৱাজ। প্ৰধান বিৰোধী দল কংগ্ৰেছো বিশেষ প্ৰস্তুতিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে। দলটোৱে এক গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োগ কৰিছে প্ৰিয়ংকা গান্ধীক।

বিধানসভা নিৰ্বাচনলৈ বিশেষ প্ৰস্তুতি কংগ্ৰেছৰ, প্ৰিয়ংকা গান্ধীক দিয়া হ’ল এনে গুৰুত্বপূৰ্ণ দায়িত্ব

কংগ্ৰেছৰ বিশেষ প্ৰস্তুতি

Published: 

15 Jan 2026 | 09:47 PM

কাষ চাপি আহিছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ। ক্ৰমাগত তৃতীয়বাৰৰ বাবে দিছপুৰৰ মছনদ দখলৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে। ইফালে বিৰোধীৰ মাজত এতিয়াও অব্যাহত মিত্ৰজোঁট গঠনৰ কুচকাৱাজ। প্ৰধান বিৰোধী দল কংগ্ৰেছো বিশেষ প্ৰস্তুতিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে। প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ কৰি তোলাৰ উদ্দেশ্যে দলটোৱে প্ৰিয়ংকা গান্ধীক স্ক্ৰীনিং কমিটিৰ মুৰব্বী হিচাপে দায়িত্ব অৰ্পণ কৰিছে।

লক্ষণীয়ভাৱে প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই প্ৰত্যক্ষভাৱে স্ক্ৰীনিং কমিটিৰ নেতৃত্ব দিছে। নিৰ্বাচনী ৰণনীতি অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰভাৰী দীপা দাস মুঞ্চীৰ লগতে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক মুখ্য পৰ্যবেক্ষক আৰু কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

শুকুৰবাৰে দিল্লীত হ’ব পাৰে বৈঠক

এইদৰে ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰীক্ষণত এইবাৰ অসমত তৃণমূল পৰ্যায়লৈকে নিৰ্বাচনী কৌশল কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে। সূত্ৰ অনুসৰি, শুকুৰবাৰে দিল্লীত কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত আগন্তুক অসম বিধানসভা নিৰ্বাচন সম্পৰ্কীয় ৰণনীতি প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।

দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু কে.চি. বেণুগোপালৰ লগতে বৈঠকত সকলো পৰ্যবেক্ষক আৰু ৰাজ্যিক নেতা উপস্থিত থাকিব বুলি সূত্ৰত প্ৰকাশ। এই বৈঠকতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ মুখ হিচাপে প্ৰক্ষেপ কৰিব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসম বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ প্ৰত্যক্ষ নেতৃত্ব বহন কৰিবলৈ সাজু হৈছে। ইতিমধ্যে গৌৰৱ গগৈয়েই যে দলটোৰ মুখ্যমন্ত্ৰী পদৰ মুখ হ’ব সেয়া স্পষ্ট হৈ পৰিছে। এতিয়া বিৰোধী মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰতো গৌৰৱ গগৈৰ ভূমিকা হৈ পৰিব লক্ষণীয়।

শাসক বনাম জনতাৰ যুঁজ

শেহতীয়াকৈ গৌৰৱ গগৈয়ে বৰ্তমানৰ শাসকীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কৰি ‘স্বেচ্ছাচাৰী চৰকাৰ’ বুলি আখ্যা দিছে। আগন্তুক নিৰ্বাচনক ‘শাসক আৰু জনতাৰ মাজৰ যুঁজ’ বুলিও অভিহিত কৰিছে প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে। পিছে কাৰ্যক্ষেত্ৰত এই ধাৰণাৰ দ্বাৰা গৌৰৱ গগৈয়ে জনসাধাৰণক কিমানদূৰ আকৃষ্ট কৰিব পাৰে, সেয়া সময়তহে স্পষ্ট হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...