গুৱাহাটীত অসম-মেঘালয় মুখ্যমন্ত্ৰীৰ বৈঠক, কেইবাটাও মূল বিষয়ত আলোচনা…

তেওঁ এক্স হেণ্ডেলৰ এটা পোষ্টত কয় যে, আজি গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা হৈছিল। লগতে তেওঁ কয় যে, দুয়োখন ভগ্নী ৰাজ্য পাৰস্পৰিক উন্নয়ন শক্তিশালী কৰাৰ বাবে বহুতো বিষয়ৰ ওপৰত আলোচনা হয়।

গুৱাহাটীত অসম-মেঘালয় মুখ্যমন্ত্ৰীৰ বৈঠক, কেইবাটাও মূল বিষয়ত আলোচনা...

মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

Updated On: 

16 Aug 2025 19:28 PM

১৬ আগষ্ট শনিবাৰে গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে এক আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হোৱাৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ এক্স হেণ্ডেলৰ এটা পোষ্টত কয় যে,”আজি গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা হৈছিল।” লগতে তেওঁ কয় যে, দুয়োখন ভগ্নী ৰাজ্য পাৰস্পৰিক উন্নয়ন শক্তিশালী কৰাৰ বাবে বহুতো বিষয়ৰ ওপৰত আলোচনা হয়। কিন্তু চুবুৰীয়া ৰাজ্য দুখনৰ মুখ্যমন্ত্রীয়ে কি কি বিষয়ত আলোচনা কৰিছিল সেই সন্দৰ্ভত বিশদভাৱে প্রকাশ কৰা নাই মুখ্যমন্ত্ৰী শর্মাই ৷

২ জুনত শেষবাৰৰ বাবে বৈঠকত মিলিত হৈছিল অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী। সেই বৈঠকত স্বাধীনতা দিৱসৰ পূৰ্বে মুঠ ১২টা বিবাদিত অঞ্চলৰ ভিতৰত পাঁচটা অঞ্চলত সীমান্ত স্তম্ভ স্থাপন কৰিবলৈ সন্মত হৈছিল।

২০২২ চনৰ ২৯ মাৰ্চত দুয়োখন ৰাজ্যৰ মাজত ছয়টা এলেকাৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰিত হৈছিল। পিলিংগাটাক লৈ আলোচনাৰ প্ৰয়োজনীয়তা থকাৰ বাবে ৬ টা অঞ্চলত ঠাইত পাঁচটা অঞ্চলত সীমান্তৰ স্তম্ভ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। যাৰ বাবে দুয়োখন ৰাজ্যৰ উপায়ুক্তসকলে বিষয়টো আলোচনা কৰাৰ কথা আছিল।

উল্লেখ্য যে, ২০২১ চনৰ মে’ মাহত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে শৰ্মাই ঘোষণা কৰিছিল যে, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাত তেওঁ অগ্ৰাধিকাৰ দিব। ইয়াৰ পিছত ২০২১ চনৰ আগষ্ট মাহত তিনিখন আঞ্চলিক সমিতি গঠন কৰি পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

পাছত ২০২২ চনৰ ২৯ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিতিত দুয়োখন ৰাজ্যই ১২টা অঞ্চলৰ ভিতৰত ৬ টা অঞ্চলৰ বিবাদ নিষ্পত্তিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। চুক্তি অনুসৰি প্ৰথম পৰ্যায়ত ৩৬.৭৯ বৰ্গ কিলোমিটাৰ বিবাদিত এলেকাৰ অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ আৰু মেঘালয়ে ১৮.২৮ বৰ্গ কিলোমিটাৰ মাটি সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিছিল।

ডেটিং এপত প্ৰৱঞ্চনাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি? স্মাৰ্ট টিপছ জানক
এইসমূহ স্বাস্থ্যজনিত কাৰণত আপোনাৰ ভোক কমিব পাৰে !
পুৱা শুই উঠি আইনাত মুখ চোৱাটো ভাল নে বেয়া? আপুনিও কৰে নেকি এই ভুল?
চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে শৰীৰত দেখা যায় এই ৩টা লক্ষণ? সাৱধান হওক...