অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰে আছুৰ বৈঠক, ৮ আগষ্টৰ পূৰ্বে দাখিল হ’ব চূড়ান্ত প্ৰতিবেদন

বুধবাৰে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ঐতিহাসিক অসম চুক্তিৰ মূল বিধান বিশেষকৈ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অদম্য দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। জনতা ভৱনত অনুষ্ঠিত অসম চুক্তি ৰূপায়ণৰ উপ-সমিতিৰ ষষ্ঠ বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি বৰাই কয়  "চুক্তিখনত কল্পনা কৰা ধৰণে অসমীয়া জনসাধাৰণৰ সাংস্কৃতিক, ভাষিক, আৰু সামাজিক সুৰক্ষাক চৰকাৰে অগ্ৰাধিকাৰ দিছে।"

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰে আছুৰ বৈঠক, ৮ আগষ্টৰ পূৰ্বে দাখিল হব চূড়ান্ত প্ৰতিবেদন

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰে আছুৰ বৈঠক

Updated On: 

19 Jun 2025 10:01 AM

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত সম্পন্ন হৈছে কেবিনেট উপ-সমিতিৰে আছুৰ বৈঠক। মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত সম্পন্ন হ’ল এই বৈঠক। উক্ত বৈঠকতে ছাত্ৰ সন্থাই অসম চুক্তিৰ প্ৰতিটো দফা সন্দৰ্ভত পুংখানুপুংখকৈ লিখিত প্ৰস্তাৱ দাখিল কৰে। লগতে  অসম চুক্তিৰ ৬নং দফাৰ দৰেই ৭নং দফা ৰূপায়ণৰ বাবেও এক উচ্চস্তৰীয় সমিতি গঠনৰ বাবে দাবী জনাই ছাত্ৰ সন্থাই। ৮ আগষ্টৰ পূৰ্বে দাখিল হ’ব কেবিনেট উপ-সমিতিৰ চূড়ান্ত প্ৰতিবেদন।

বুধবাৰে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ঐতিহাসিক অসম চুক্তিৰ মূল বিধান বিশেষকৈ ৬ নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অদম্য দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। জনতা ভৱনত অনুষ্ঠিত অসম চুক্তি ৰূপায়ণৰ উপ-সমিতিৰ ষষ্ঠ বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি বৰাই কয়  “চুক্তিখনত কল্পনা কৰা ধৰণে অসমীয়া জনসাধাৰণৰ সাংস্কৃতিক, ভাষিক, আৰু সামাজিক সুৰক্ষাক চৰকাৰে অগ্ৰাধিকাৰ দিছে।”

সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰি মন্ত্ৰীগৰাকীয়ে কয়,  “মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত আৰু সামগ্ৰিক বিকাশ সুনিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে ঐতিহাসিক অসম চুক্তিৰ বিভিন্ন দফাসমূহৰ ফলপ্ৰসূ আৰু ক্ষিপ্ৰ ৰূপায়ণ।” তেওঁ কয়,  আজি গুৱাহাটীৰ জনতা ভৱনত অসম চুক্তি ৰূপায়ণৰ উপ-সমিতিৰ ষষ্ঠ বৈঠকখনি অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ শীৰ্ষ নেতৃবৰ্গ আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত বৈঠকখনিত আমি অংশগ্ৰহণ কৰোঁ।”

মন্ত্ৰী অতুল বৰাই কয়, “অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে আগবঢ়োৱা ৩৯টা পৰামৰ্শৰ সৈতে জড়িত বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে বৈঠকখনত অন্যান্য বিষয় আলোচনা কৰোঁ। অসমৰ খিলঞ্জীয়া লোকসকলৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয়ক সুৰক্ষিত, সংৰক্ষিত আৰু প্ৰসাৰিত কৰাৰ দিশত অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকাৰিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উপ-সমিতিখনে চলিত বৰ্ষৰ ৮ আগষ্টৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব।”

উল্লেখ্য যে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ অধ‍্যক্ষতাত অসমৰ মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সমিতি গঠন কৰিছিল।এই সমিতিৰ সদস‍্যসকলৰ ভিতৰত আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, অজন্তা নেওগ আৰু ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু মুখ‍্য উপদেষ্টা । বুধবাৰে সমিতিৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। বিভাগীয় মন্ত্ৰী অতুল বৰাৰ সৈতে বৈঠকত মিলিত হয় আছুৰ সভাপতি, সম্পাদক আৰু উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।

এই গছ ঘৰত থাকিলেই সৰ্বনাশ! বৃদ্ধি পাব অশান্তি আৰু ৰোগ-ব্যাধি!
গ্ৰীষ্মকালত পঁইতা ভাত খাই ভাল পায় নেকি? গুণাগুণ জানিলে আচৰিত হ’ব!
শৰীৰত বায়'টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
ছালৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...