Assam 2024 I-Day IED Seizure Case : স্বাধীনতা দিৱসৰ দিনটোত আলফা(স্বা)ৰ বিস্ফোৰণৰ ভাবুকি, এই গোচৰত আন দুই অভিযুক্তৰ বিৰুদ্ধে NIA ৰ অভিযোগনামা
অভিযুক্ত দুজন হৈছে ভাৰ্গৱ গগৈ আৰু ছুমু গগৈ। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা, এক্সপ্ল’চিভ চাবষ্টেনচ এক্ট আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এই দুই অভিযুক্তৰ বিৰুদ্ধে গুৱাহাটীৰ এন আই এৰ বিশেষ আদালতত দাখিল কৰা হয় পৰিপূৰক অভিযোগনামা।

২০২৪ চনৰ স্বাধীনতা দিৱসৰ দিনটোত অসমৰ কেইবাটাও স্থানত আই ই ডি উদ্ধাৰ হোৱাৰ গোচৰত আৰু ২ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এয়ে। অভিযুক্ত দুজন হৈছে ভাৰ্গৱ গগৈ আৰু ছুমু গগৈ। ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা, এক্সপ্ল’চিভ চাবষ্টেনচ এক্ট আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এই দুই অভিযুক্তৰ বিৰুদ্ধে গুৱাহাটীৰ এন আই এৰ বিশেষ আদালতত দাখিল কৰা হয় পৰিপূৰক অভিযোগনামা।
উল্লেখ্য যে, এই গোচৰত অভিযোগনামা দাখিল কৰা অভিযুক্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুন মাহত এন আই এয়ে এই গোচৰৰ আন তিনিজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত দিছপুৰ আৰক্ষীৰ পৰা এই গোচৰটো গ্ৰহণ কৰা এন আই এয়ে ২০২৫ চনৰ জুন মাহত ডিব্ৰুগড় জিলাৰ বাসিন্দা এই দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।
এন আই এৰ তদন্তত প্ৰকাশ পাইছে যে, এই দুজন ব্যক্তিয়ে ২০২৪ চনৰ আগষ্ট মাহত আৰক্ষীয়ে জব্দ কৰা ১১টা আই ই ডিৰ ভিতৰত চাৰিটা আই ই ডি সংস্থাপন কৰা বুলি স্বীকাৰ কৰা চাৰ্জশ্বীট অভিযুক্ত জাহ্নু বৰুৱাক পুঁজি প্ৰদান কৰিছিল। আলফা(স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাই জনোৱা প্ৰতিবাদৰ আহ্বান আৰু স্বাধীনতা দিৱস বৰ্জনৰ প্ৰতি সঁহাৰি জনাই এই আই ই ডি সংস্থাপন কৰিছিল।
অসম আৰক্ষীয়ে প্ৰথমে দিছপুৰ থানাত পঞ্জীয়ন কৰিছিল এই গোচৰ। ২০২৪ চনৰ স্বাধীনতা দিৱসৰ দিনটোত সমগ্ৰ অসমতে একাধিক আই ই ডি বিস্ফোৰণৰ ভাবুকি দিছিল আলফা(স্বা)য়ে। ইয়াৰ পাছতে অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল আৰু ১১টা স্থানৰ পৰা বিস্ফোৰক সদৃশ সামগ্ৰী উদ্ধাৰ হৈছিল। এই সন্দৰ্ভত NIA ৰ তদন্ত অব্যাহত আছে।