Zubeen Garg: যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি

মন্ত্ৰী বিমল বৰাই কয় যে, যোৰহাটৰ ৰাইজৰ আহ্বান, চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাই পৰিয়ালৰ লোকে যোৰহাটতে ১৩ দিনীয়া মাংগলিক কাৰ্যসমূহ পাতিবলৈ সন্মতি প্ৰদান কৰে। সেই অনুসৰি ১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ।

Zubeen Garg: যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি

Zubeen Garg 13th Day Ritual Ceremony (1)

Updated On: 

27 Sep 2025 | 07:08 PM

আজিও ৰাজ্যৰ চৌদিশে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি আছে চৰ্চা। সকলোৱে একেমুখে বিচাৰিছে  শিল্পীগৰাকীৰ সঠিক তদন্ত। ইয়াৰ মাজতে সেই শোকাৱহ ঘটনাৰ প্ৰায় ৯ দিন উকলি গ’ল। জুবিনবিহীন অসম আজিও যেন নিঠৰুৱা। প্ৰতিগৰাকী অসমীয়াৰ অন্তৰ আজি বিষাদেৰে ভৰা। আজি যোৰহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ সন্দৰ্ভত অনুষ্ঠিত হয় এখন আলোচনা চক্ৰ।

আলোচনা চক্ৰত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী বিমল বড়া, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী সহ যোৰহাটৰ জিলা প্ৰশাসনৰ বিষয়ববীয়া, আৰক্ষী অধীক্ষক, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, শিল্পীসকল।

মন্ত্ৰী বিমল বড়াই কয় যে, যোৰহাটৰ ৰাইজৰ আহ্বান, চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাই পৰিয়ালৰ লোকে যোৰহাটতে ১৩ দিনীয়া মাংগলিক কাৰ্যসূচীসমূহ পাতিবলৈ সন্মতি প্ৰদান কৰিছে। সেই অনুসৰি ১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ। পুৱা ৮ বজাৰ পৰা সূৰ্যাস্তলৈ চলিব শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী।পৰিৱেশন কৰা হ’ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা, দিহা নাম, বৰগীত আদি। আজি আলোচনা চক্ৰৰ অন্তত যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বড়াই।

ইফালে  জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ন্য়ায়ৰ দাবী উত্থাপন হৈছে, সেই অনুসৰি ন্যায় প্ৰদানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুৰ্গাপূজাৰ পাছতেই ৬ অক্টোবৰত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰো নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীয়ে কয় “জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ’ব নোৱাৰে। জুবিনৰ ন্যায় বিচৰাৰ নামত আমি অসমখনক নেপাল হ’বলৈ দিব নোৱাৰোঁ। জুবিনৰ আত্মাক শান্তি দিবৰ বাবে আমি অসমখনক শুৱলা-সুফলা কৰি নিৰ্মাণ কৰিব লাগিব। ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। অসমক নেপাল কৰাৰ চেষ্টা নকৰিব, ইয়ে জুবিনৰ আত্মাক কষ্ট দিব।”

লগতে পঢ়ক: ৰাজ্যৰ ৩০ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় ৩.০ৰ ধন, তাৰিখ জনালে মুখ্যমন্ত্ৰীয়ে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...