জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই সাক্ষাৎকাৰ পিছুৱালে APSC এ, পুনৰ কেতিয়া হ’ব এই সাক্ষাৎকাৰ?

APSC postpone interview: এপিএছচিৰ অধিসূচনাত কোৱা হৈছে, "মিউজিক আইকন জুবিন গাৰ্গৰ দুখজনক মৃত্যু আৰু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ জৰিয়তে স্ক্ৰীনিং টেষ্ট আৰু সাক্ষাৎকাৰ পিছুৱাই দিয়া হৈছে।"

জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই সাক্ষাৎকাৰ পিছুৱালে APSC এ, পুনৰ কেতিয়া হব এই সাক্ষাৎকাৰ?

লোকসেৱা আয়োগৰ সাক্ষাৎকাৰৰ তাৰিখ সলনি

Published: 

20 Sep 2025 15:39 PM

অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত স্বতঃস্ফূৰ্তভাৱে স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। কাৰো যেন কোনো কামতেই মন বহা নাই। জুবিন গাৰ্গ এনেকৈ হঠাৎ গুচি যাব বুলি কোনেও কল্পনা কৰা নাছিল। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে ৰাজ্যত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে চৰকাৰে। অসম লোকসেৱা আয়োগেও জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই পিছুৱাই দিছে নিযুক্তিৰ নিৰ্ধাৰিত সাক্ষাৎকাৰ।

এক আনুষ্ঠানিক অধিসূচনাযোগে আয়োগে জনাইছে যে পূৰ্ব নিৰ্ধাৰিত ২২ আৰু ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া কৃষি উন্নয়ন বিষয়া (এডিঅ’) পদৰ সাক্ষাৎকাৰ এতিয়া ২০২৫ চনৰ ২৫ আৰু ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। অতি সোনকালে সংশ্লিষ্ট প্ৰাৰ্থীসকললৈ নতুন, বিশদ অধিসূচনা প্ৰেৰণ কৰা হ’ব।

আয়োগে আৰু স্পষ্ট কৰি দিয়ে যে মীন বিভাগৰ অধীনত কনিষ্ঠ অভিযন্তা (চিভিল)ৰ স্ক্ৰীনিং পৰীক্ষাৰ বাবে পুনৰ নিৰ্ধাৰিত তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই। সংশোধিত সময়সূচী পৰৱৰ্তী সময়ত অৱগত কৰা হ’ব।

এপিএছচিৰ অধিসূচনাত কোৱা হৈছে, “মিউজিক আইকন জুবিন গাৰ্গৰ দুখজনক মৃত্যু আৰু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ জৰিয়তে স্ক্ৰীনিং টেষ্ট আৰু সাক্ষাৎকাৰ পিছুৱাই দিয়া হৈছে।” এই সিদ্ধান্তই জুবিনৰ বিয়োগত ব্যাপক শোক আৰু ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি প্ৰক্ৰিয়া সেয়া প্ৰতিফলিত কৰিছে। যিগৰাকী কিংবদন্তি কণ্ঠশিল্পীগৰাকীয়ে অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰতি অৱদানৰ অমলিন চিন ৰাখিছে।

উল্লেখ্য যে যোৱা ১৯ ছেপ্টেম্বৰ শুকুৰবাৰে ছিংগাপুৰত এক ৰহস্যজনক দুৰ্ঘটনাত চিৰদিনৰ বাবে অসম আৰু অসমীয়াৰ বুকুৰ পৰা কায়িকভাৱে হেৰাই গ’ল জুবিন গাৰ্গ। ইতিমধ্যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু আজি নিশাৰ ভাগৰলৈ অসমলৈ ওভতাই অনা হ’ব জুবিন গাৰ্গক।

আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক
ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত...