অৰুণাচলৰ শোকাৱহ দুৰ্ঘটনাৰ গোচৰত আৰক্ষীৰ বিশেষ সফলতা, বিহাৰৰ পৰা গ্ৰেপ্তাৰ ট্ৰাকৰ স্বত্বাধিকাৰীক

তেওঁৰ মালিকানাধীন মিনি ট্ৰাকখন পূব অৰুণাচল প্ৰদেশৰ দ-খাৱৈত বাগৰি পৰাৰ পিছতে শ্ৰমিকসকলে প্ৰাণ হেৰুৱায়। ভূষণ কুমাৰ যাদৱৰ বিৰুদ্ধে অপৰাধমূলক গাফিলতি আৰু মটৰ গাড়ীৰ আইন বহুবাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰা হৈছে।

অৰুণাচলৰ শোকাৱহ দুৰ্ঘটনাৰ গোচৰত আৰক্ষীৰ বিশেষ সফলতা, বিহাৰৰ পৰা গ্ৰেপ্তাৰ ট্ৰাকৰ স্বত্বাধিকাৰীক

অৰুণাচলৰ দুৰ্ঘটনা

Updated On: 

19 Dec 2025 11:04 AM

যোৱা ৮ ডিচেম্বৰৰ নিশা অৰুণাচল প্ৰদেশত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা। অৰুণাচলৰ আনজাও জিলাত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ২০ জনকৈ শ্ৰমিকে। নিহত এই শ্ৰমিককেইজন আছিল তিনিচুকীয়া জিলাৰ। শ্ৰমিকসকলক কঢ়িয়াই নিয়া মিনি ট্ৰাকখন পথৰ কাষৰ এটা দ-খাৱৈত বাগৰি পৰাৰ ফলত এই শোকাৱহ ঘটনা ঘটে। এই দুৰ্ঘটনাৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে এতিয়া লাভ কৰিছে বিশেষ সফলতা। দুৰ্ঘটনা সংঘটিত হোৱা মিনি ট্ৰাকখনৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বিহাৰৰ চাপৰাৰ পৰা আটক কৰা হৈছে অভিযুক্ত ভূষণ কুমাৰ যাদৱক। তেওঁৰ মালিকানাধীন মিনি ট্ৰাকখন পূব অৰুণাচল প্ৰদেশৰ দ-খাৱৈত বাগৰি পৰাৰ পিছতে শ্ৰমিকসকলে প্ৰাণ হেৰুৱায়। ভূষণ কুমাৰ যাদৱৰ বিৰুদ্ধে অপৰাধমূলক গাফিলতি আৰু মটৰ গাড়ীৰ আইন বহুবাৰ উলংঘাৰ অভিযোগ উত্থাপন কৰা হৈছে।

মালবাহী গাড়ীত যাত্ৰী কঢ়িয়াই নিয়াটো সম্পূৰ্ণ নিষিদ্ধ। এনে কাৰণতে গোচৰৰ অভিযুক্ত হৈছে ভূষণ কুমাৰ যাদৱ। তেওঁৰ গ্ৰেপ্তাৰৰ পিছত এই গোচৰত ধৃত লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে মানৱ সৰবৰাহ আৰু গাফিলতিৰ সৈতে জড়িত অভিযোগত আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখ্য যে যোৱা ৮ ডিচেম্বৰৰ নিশাই এই দুৰ্ঘটনা সংঘটিত হৈছিল দুদিন পিছতহে এই শোকাৱহ ঘটনা পোহৰলৈ আহে। এই দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত সাক্ষী বুধেশ্বৰ দীপে প্ৰায় দুদিন ধৰি খোজ কাঢ়ি বৰ্ডাৰ ৰোড টাস্ক ফ’ৰ্চৰ শ্ৰম শিবিৰত উপস্থিত হোৱাৰ পিছত পোহৰলৈ আহে এই ঘটনা। তেওঁ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), ভাৰতীয় সেনা, বৰ্ডাৰ ৰোড টাস্ক ফ’ৰ্চ, স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনে ১১ ডিচেম্বৰৰ পৰা যৌথ অভিযান আৰম্ভ কৰে। প্ৰায় চাৰিদিনজোৰা অভিযানৰ অন্তত দুৰ্ঘটনাত নিহত ২০ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰশাসনে ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ প্ৰচেষ্টাৰ লগতে তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিছে।

নিতে খাওক এই ৮ বিধ খাদ্য, আপোনাৰ মগজু হৈ পৰিব অধিক চোকা আৰু কাৰ্যক্ষম
ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী