শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হ’ব অসমৰ চাহ…ডিব্ৰুগড়ৰ ভূমিৰ পৰা কি কি ক’লে শ্বাহে…

Amit Shah: বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ক কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লগতে বিশাল জনতাক সম্বোধন কৰে।

শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হব অসমৰ চাহ...ডিব্ৰুগড়ৰ ভূমিৰ পৰা কি কি কলে শ্বাহে...

অমিত শ্বাহ

Published: 

30 Jan 2026 | 02:17 PM

শুকুৰবাৰ (৩০ জানুৱাৰী)য়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ লগতে মুলুকগাঁৱৰ বন্যপ্ৰাণী-স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি শ্বাহে ১৭০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণি কৰে। হাজাৰ হাজাৰ জনতাক সম্বোধন কৰি শ্বাহে কয় যে, এই ডিব্ৰুগড়ৰ ভূমিৰ পৰা বিশ্বত অসমৰ চাহৰ সুগন্ধি বিয়পি পৰে। ডিব্ৰুগড়ে ভাৰতক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছে। এই সময়চোৱাত তেওঁ মা কামাখ্যা, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱক স্মৰণ কৰে।

শ্বাহে কয় যে, অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰি তুলিছে। ডিব্ৰুগড়ে ভাৰতক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় দিছে। ইয়াত উৎপাদিত চাহ বিশ্বজুৰি ৰপ্তানি কৰা হয়।  শ্বাহে কয়, মুখ্যমন্ত্ৰীয়ে ২০২৫ চনত ঘোষণা কৰিছিল যে তেওঁ অসমক সৰ্বাংগীন কৰি তুলিব। কিন্তু কংগ্ৰেছৰ ঘোষণা সদায় ঘোষণা হৈয়ে ৰ’ল।

অসমৰ দ্বিতীয় ৰাজধানী হোৱা বাবে ডিব্ৰুগড়বাসীক অভিনন্দন জনাই শ্বাহে। তেওঁ আৰু কয়,  ইয়াৰ নদীবোৰ আমাৰ মাতৃৰ দৰে। বানপানী ৰোধৰ উপায় বিচাৰি উলিয়াম এয়া আমি প্ৰতিশ্ৰুতি দিছো। ইয়াত দুগ্ধ উদ্যোগ ঠন ধৰি উঠিব, বৃহৎ পুখুৰী নিৰ্মাণ কৰা হ’ব। ডাঙৰ জলাশয় নিৰ্মাণৰ দ্বাৰা বান ৰোধৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ লোৱা হৈছে। এই জলাশয়ে বান ৰোধৰ লগতে জলক্ৰীড়াতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইউৰোপীয় ইউনিয়নৰ সৈতে ভাৰতৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰৰ কথা উল্লেখ কৰি শ্বাহে কয় যে, ইয়াৰ দ্বাৰা সবাতোকৈ বেছি ডিব্ৰুগড়বাসী উপকৃত হ’ব। অসমত উৎপাদিত চাহ শুল্ক অবিহনে ২৭ খন দেশলৈ ৰপ্তানি কৰা হ’ব। আমাৰ চাহ শূণ্য শুল্কৰ সৈতে অন্য দেশ পাব। এয়া মোদীৰ এয়াক এক উল্লেখনীয় কৃতিত্ব।

কংগ্ৰেছক সমালোচনা কৰি শ্বাহে কয়, বছৰ বছৰ ধৰি কংগ্ৰেছ দলে অসমৰ উন্নয়নৰ বাবে একো নকৰিলে। কেৱল অসমক হিংসা, হত্যা দিয়ে।  কিন্তু মোদীৰ হৃদয়ত অসম বাস কৰে। উন্নয়নৰ ক্ষেত্ৰত প্ৰথম প্ৰাধন্য আজি অসমে লাভ কৰে। মোদীয়ে বিদেশত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচয় দাঙি ধৰে বুলি কয় শ্বাহে।

 

অন্য খবৰ পঢ়কঃ মোদীৰ পৰিকল্পনা কি? ভাৰতলৈ আহিব ২২ খন আৰব দেশৰ বৈদেশিক মন্ত্ৰী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...