Ambubachi Mela 2025: অম্বুবাচীৰ সময়ত কামাখ্যা ধামত নাথাকিব VIP, VVIP ব্যৱস্থা… ভক্তৰ সুবিধাৰ্থে চৰকাৰৰ বিশেষ পদক্ষেপ

সংবাদমেলত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে নিশ্চিত কৰে যে ২২ জুনত বিয়লি ২:৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব আৰু ২৬ জুনত পুৱা ৩:০০ বজাত নিবৃত্তিৰ সৈতে অম্বুবাচী মেলাৰ সামৰণি পৰিব। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ভক্তসকলক আধ্যাত্মিক অনুশাসনৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ইয়াক বাণিজ্যিক মেলাৰ দৰে গণ্য নকৰিবলৈ আহ্বান জনায়।

Ambubachi Mela 2025: অম্বুবাচীৰ সময়ত কামাখ্যা ধামত নাথাকিব VIP, VVIP ব্যৱস্থা... ভক্তৰ সুবিধাৰ্থে চৰকাৰৰ বিশেষ পদক্ষেপ

অম্বুবাচী মেলা

Updated On: 

03 Jun 2025 11:07 AM

অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। এই সন্দৰ্ভত পল্টন বজাৰৰ মুখ্য কাৰ্যালয়ত  অসম পৰ্যটন বিভাগে এক উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰি অনুষ্ঠানটোৰ প্ৰস্তুতিক লৈ আলোচনা কৰে। তাৰ পিছতে অম্বুবাচী মেলাক লৈ সংবাদমেল সম্বোধন কৰে অসম পৰ্যটন বিভাগে। এই সংবাদমেলত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মহা অম্বুবাচী মেলাৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকক অৱগত কৰে ।  অসমৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনত কামাখ্যা মন্দিৰৰ পৰা দলৈ সমাজৰ জ্যেষ্ঠ বিভাগীয় বিষয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে।

বৈঠকৰ পিছত সংবাদমেলত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে নিশ্চিত কৰে যে ২২ জুনত বিয়লি ২:৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব আৰু ২৬ জুনত পুৱা ৩:০০ বজাত নিবৃত্তিৰ সৈতে অম্বুবাচী মেলাৰ সামৰণি পৰিব। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ভক্তসকলক আধ্যাত্মিক অনুশাসনৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ইয়াক বাণিজ্যিক মেলাৰ দৰে গণ্য নকৰিবলৈ আহ্বান জনায়। তেওঁ কয়, ‘অম্বুবাচী কোনো উৎসৱ নহয় বৰঞ্চ গভীৰ আধ্যাত্মিক অনুষ্ঠানহে। আমি বিচাৰো যে ভক্তসকলে ইয়াৰ সাৰমৰ্মক শ্ৰদ্ধাৰে অনুভৱ কৰক।’

এইবাৰ অম্বুবাচী মেলাৰ বাবে ৪ কোটি ৫৫ লাখ টকা ব্যয় ধাৰ্য কৰিছে চৰকাৰে । এই কথা জানিবলৈ দিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে ৰাজ্যৰ বাহিৰৰ তীৰ্থযাত্ৰীসকলৰ বাবে ৪টাকৈ বাসস্থান শিবিৰ স্থাপন, চাহিদাৰ ভিত্তিত সম্প্ৰসাৰণৰ ব্যৱস্থা আদি। ইয়াৰ উপৰিও তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে তলৰ গেটৰ পৰা অহা-যোৱা কৰা কাৰ্পেটযুক্ত পথ  আৰু খোৱাপানীৰ ষ্টেচনৰ দৰে বিশেষ ব্যৱস্থা কৰা হ’ব।

দৰ্শনাৰ্থীসকলক মন্দিৰ চৌহদৰ ভিতৰত জোতা-চেণ্ডেল পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে কৰ্তৃপক্ষই । ইয়াৰ পৰিৱৰ্তে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আৰু ধৰ্মীয় নীতি-নিয়মক সন্মান কৰিবলৈ মোজা পিন্ধাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ মাজতে আশা কৰা হৈছে যে ক’ভিড-১৯ৰ প্ৰট’কল আৰু  চৰকাৰে জাৰি কৰা SOP-এ  কোনো ধৰণৰ বাধা-বিঘিনিৰ সৃষ্টি নকৰিব। অৱশ্যে এই ক্ষেত্ৰত সতৰ্কতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন লোৱা হ’ব।

মেলাৰ আধ্যাত্মিক দৃষ্টিভংগীৰ কথা দোহাৰি শক্তিপীঠৰ দলৈ সমাজৰ প্ৰতিনিধিয়ে অম্বুবাচীক “মহা যোগ” বুলি অভিহিত কৰি ভক্তসকলক শিষ্টাচাৰ বজাই ৰাখৰ লগতে কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আহ্বান জনায়। ইফালে সমতাৰ দিশক গুৰুত্ব আৰোপ কৰি অম্বুবাচী মহাযোগৰ সময়ত শক্তিপীঠ কামাখ্যা ধামত কোনো VIP, VVIPৰ ব্যৱস্থা নাথাকিব বুলি নিশ্চিত কৰিছে চৰকাৰে।

কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...
ভুলতো নিশা এইসকল লোকে দাইল খাব নালাগে, জানক সকলো...
শালমনৰ দাগৰ বাবে ভুগিছে নেকি হতাশাত, এনে ঘৰুৱা উপায়েৰে এসপ্তাহত হ’ব হতাশা মুক্ত…