কংগ্ৰেছৰ দয়াৰ পাত্ৰ হ’বলৈ ব্যাকুল হৈ পৰা অখিলৰ কাৰ্যত মই আশ্চৰ্যবোধ কৰিছো: বিমল বড়া

একে সময়তে সামাজিক মাধ্যমত অখিল গগৈক সমালোচনা কৰিবলৈ গৈ আছু আৰু ছাত্ৰ ৰাজনীতিৰ বহু কথা সাঙুৰি লৈছে বিমল বড়াই। মন্ত্ৰী বড়াই এক প্ৰকাৰে বিশ্বাসঘাতক আখ্যা দিছে অখিল গগৈক। ইফালে, তেওঁ কৈছে যে, ছাত্ৰ ৰাজনীতিত কংগ্ৰেছক প্ৰতিহত কৰিবলৈকে কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল গগৈক সহায় কৰিছিল আছুৱে।

কংগ্ৰেছৰ দয়াৰ পাত্ৰ হ’বলৈ ব্যাকুল হৈ পৰা অখিলৰ কাৰ্যত মই আশ্চৰ্যবোধ কৰিছো: বিমল বড়া
Updated On: 

01 Nov 2025 14:45 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ অখিল গগৈয়ে ৰাজনীতিকৰণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই। একে সময়তে সামাজিক মাধ্যমত অখিল গগৈক সমালোচনা কৰিবলৈ গৈ আছু আৰু ছাত্ৰ ৰাজনীতিৰ বহু কথা সাঙুৰি লৈছে বিমল বড়াই। মন্ত্ৰী বড়াই এক প্ৰকাৰে বিশ্বাসঘাতক আখ্যা দিছে অখিল গগৈক। ইফালে, তেওঁ কৈছে যে, ছাত্ৰ ৰাজনীতিত কংগ্ৰেছক প্ৰতিহত কৰিবলৈকে কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল গগৈক সহায় কৰিছিল আছুৱে। সেই অখিল গগৈয়ে এতিয়া কংগ্ৰেছৰ হাত ধৰিবলৈ উদ্বাউল হৈ আছে। যি কাৰ্যক লৈ নিজে লজ্জ্বা অনুভৱ কৰা বুলি সামাজিক মাধ্যমত লিখিছে বিমল বড়াই।

বৰ্তমানলৈকে বিমল বৰাইৰ লিখনিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিধায়ক অখিল গগৈয়ে। সামাজিক মাধ্যমত ৰাজহুৱাভাৱে বিমল বৰাই কৰা তিৰস্কাৰৰ প্ৰত্যুত্তৰ অখিল গগৈয়ে কেনেধৰণে দিয়ে সেয়া হব লক্ষণীয়। সামাজিক মাধ্যমত বিমল বড়াই লিখিছে-“অ’ই অখিল..(Akhil Gogoi মাননীয় বিধায়ক, শিৱসাগৰ বিধান সভা সমষ্টি)(মোৰ সহপাঠী বন্ধু)অসমখনত বহুত জনা-বুজা লোক আছে। মই জেবি কলেজৰ সাধাৰণ সম্পাদক হৈ থাকোতে তই কটনৰ আলোচনী সম্পাদক হ’বলৈ আছুৰ সমৰ্থন পাবলৈ মোক খাটনি জুৰিছিলি..তেতিয়া মোক কৈছিলি সমুজ্জ্বলদাক এবাৰ কৈ দে… মোক Support কৰি দিবলৈ…মই তেতিয়া কৈছিলো মোক কথা দে যে তই আছুক গাদ্দাৰী নকৰো বুলি…তই কথা দিছিলি …(কাৰণ সেই সময়ত যিয়েই আছুৰ সমৰ্থনত মহাবিদ্যালয়ৰ নিৰ্বাচনত জয়ী হয় …পৰৱৰ্তী সময়ত কংগ্ৰেছে টকাৰ বিনিময়ত ক্ৰয় কৰি লৈ যায়)।”

“মোৰ সহপাঠী হোৱাৰ সুবাদতে তোক সমৰ্থন দিবলৈ মই সমুজ্জ্বলদাক কাবৌ কোকালি কৰিছিলো..যদিও তই বাওঁপন্থীৰ শ্ৰুতলিপিত ইতিমধ্যেই চলা আৰম্ভ কৰিছিলি… কংগ্ৰেছক প্ৰতিহত কৰিবলৈকে তোক আছুয়ে কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সহায় কৰিছিল। কাৰণ আছুৱে তোক বাওঁপন্থী বুলি জনা নাছিল অথবা ময়ো তই বাওঁপন্থীৰ শিৱিৰত যোগ দিছিলি বুলি জনা নাছিলো।”

“পৰবৰ্তী নিৰ্বাচনত আছুৰ সমৰ্থনত তই সাধাৰণ সম্পাদক হ’লি। আমাৰ (আছু) উদ্দেশ্য আছিল জাতিদ্ৰোহী কংগ্ৰেছক ছাত্ৰ ৰাজনীতিত প্ৰতিহত কৰা…কিন্তু তই আজি কংগ্ৰেছৰ চুৱা চেলেকিবলৈ যেনেকে উদ্বাউল হৈ আছ..তোৰ এই কাৰ্যকলাপ দেখি তোৰ সহপাঠী হিচাপে আজীৱন কংগ্ৰেছ বিৰোধী স্থিতিত থকা মই নিজেই লজ্জ্বা অনুভৱ কৰিছো।”

“কাৰণ যি কংগ্ৰেছে ধৰ্মৰ নামত আমাৰ দেশ বিভাজন (১৯৪৭)কৰিলে…হিন্দুস্তান -পাকিস্তান, যি কংগ্ৰেছে চীনা আক্ৰমণৰ সময়ত (১৯৬২)অসমৰ জনসাধাৰণক ৰক্ষা কৰিব নোৱাৰি তেতিয়াৰ কংগ্ৰেছৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল My heart goes to the people of Assam…যি কংগ্ৰেছে Grow More Food আঁচনিৰে তেতিয়াৰ পূৱ পাকিস্তান (বৰ্তমানৰ বাংলেদেশ)ৰ মৈমনসিঙিয়া মিয়া আনি অসমত সংস্থাপিত কৰিছিল, যি কংগ্ৰেছে মিয়াৰ আগ্ৰাসানৰ পৰা অসমক ৰক্ষা কৰিবলৈ অসমীয়া ৰাইজে কৰা ছবছৰীয়া অসম আন্দোলনত অংশ গ্ৰহণ কৰা ৮৫৫ লোকক হত্যা কৰিছিল… হাজাৰ হাজাৰ অসমীয়া জীয়ৰী বোৱাৰীক যৌন নিৰ্যাতন চলাই ধৰ্ষিতা কৰাইছিল… হাজাৰ হাজাৰ লোকক পংগুত্বৰ জীৱন আঁকোৱালি ল’বলৈ বাধ্য কৰাইছিল…যি কংগ্ৰেছে হাজাৰ হাজাৰ অসমীয়া যুৱকৰ গুপ্তহত্যা কৰিছিল।”

“যি কংগ্ৰেছে ২০০১ চনৰ পৰা ২০১৫ চনলৈকে অসম শাসন কৰা সময়ছোৱাত সাধাৰণ এটা চৰকাৰী চাকৰি পাবলৈ শিক্ষিত যুৱক-যুৱতীক লাখ লাখ টকাৰ উপঢৌকন দিবলৈ বাধ্য কৰাইছিল… APSC ৰ দৰে সংস্থাক ভূ-লুণ্ঠিত কৰিছিল…যি কংগ্ৰেছে ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক ভাৰত ৰত্ন প্ৰদানৰ সময়ত বিৰোধিতা কৰিছিল…যি কংগ্ৰেছে অসমত Semiconductor স্থাপনৰ বিৰোধিতা কৰিছে…সেই কংগ্ৰেছৰ দয়াৰ পাত্ৰ হ’বলৈ তই ব্যাকুল হৈ অস্থিৰতা প্ৰদৰ্শন কৰা কাৰ্যত মই আশ্চৰ্যবোধ কৰিছো।”

“তই যেনেকুৱা আচৰণ প্ৰদৰ্শন কৰি আছ’…তই নাভৱিবি যে অসমখনত জনা-বুজা শিক্ষিত লোকৰ অভাৱ হৈছে…অসমখনত বহুত জনা-বুজা লোক আছে…যদি অসমক ভাল পাৱ’ সঁচাকৈয়ে…তোৰ এই মিয়া প্ৰীতি বন্ধ কৰ, জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুক লৈ কৰা খেল খন বন্ধ কৰ,কাৰণ তেওঁ Politics নকৰিবা বন্ধু বুলি গান এটাও লিখি থৈ গৈছে…।” বিমল বড়াই লিখাৰ ধৰণেৰে তেওঁৰ লেখাখিনি প্ৰতিবেদনত তুলি ধৰা হৈছে।

আপুনি কিনিব বিচৰা আপেলটো আচল নে নকল? এই সহজ উপায়েৰে জানক...
ৰাতিপুৱা খালী পেটত গৰম পানী খালে কি হয়? ইয়াৰ উপকাৰিতা জানক
তিতা কেৰেলাই উচ্চ ৰক্তচাপ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰেনে?
দূৰ হ'ব আৰ্থিক সমস্যা, আজিয়ে ত্যাগ কৰক এই অভ্যাস...