গোন্ধহীন হৈছে আজমল পাৰ্ফিউম, সেয়ে অসমলৈ মাদানীৰ পাৰ্ফিউম! লুৰীণজ্যোতি গগৈৰ গুৰুতৰ অভিযোগ

মেহমুদ মাদানীৰ বদৰুদ্দিন আজমল, অটল বিহাৰী বাজপেয়ীৰ লগতে বহু নেতাৰে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে বুলি উল্লেখ কৰি অজাপ সভাপতিগৰাকীয়ে লগতে বদৰুদ্দিন আজমলৰ শ্ৰুতলিপি মতেই মেহমুদ মাদানীয়ে সাম্প্ৰদায়িক মন্তব্য কৰিছে বুলি দাবী কৰে।

গোন্ধহীন হৈছে আজমল পাৰ্ফিউম, সেয়ে অসমলৈ মাদানীৰ পাৰ্ফিউম! লুৰীণজ্যোতি গগৈৰ গুৰুতৰ অভিযোগ

সংবাদমেলত লুৰীণজ্যোতি গগৈ

Published: 

25 Aug 2025 17:28 PM

নতুন দিল্লীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম বিজেপি নেতৃত্বৰ মৌখিক আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ এই সমালোচনাৰ প্ৰত্যুত্তৰো দিছে অজাপৰ সভাপতিগৰাকীয়ে ৰাজ্যৰ ৰাজনীতিত ক্ৰমাগত চৰ্চাৰ মাজতে আজি লুৰীণজ্যোতি গগৈয়ে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত আজি অজাপ সভাপতিগৰাকীয়ে কেইবাটাও বিষয়ত মন্তব্য আগবঢ়ায়

অজাপে তুষ্টিকৰণৰ ৰাজনীতি কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে তীক্ষ্ণ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীক তুষ্টিকৰণৰ হেড মাষ্টৰ আখ্যা দি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু পুৰণি ফটো তথা ভিডিঅ’ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি দেখুৱায়।ধিঙলৈ গৈ মুখ্যমন্ত্ৰীয়ে কাৰ ভোট বিচাৰে সেয়াও ৰাইজে দেখিছেবুলি কটাক্ষ কৰে লুৰীণে।

কেৱল সেয়াই নহয়, ‘নতুনকৈ ৰাজনীতিলৈ অহা লোকসকলৰ মাজত পৰিয়ালবাদ দেখা হিমন্ত বিশ্ব শৰ্মাই নিজে কেনেকৈ পত্নী-পুত্ৰৰ সম্পত্তি বৃদ্ধি কৰি পৰিয়ালবাদ কৰিছে সেয়া সকলোৱে দেখিছেবুলি অজাপৰ সভাপতিগৰাকীয়ে কটাক্ষপূৰ্ণ বক্তব্য কৰে। সংবাদমেলত তেওঁ লগতে উৰিয়ামঘাটৰ উচ্ছেদৰ পিছত সীমান্তত নাগালেণ্ডৰ আগ্ৰাসন সন্দৰ্ভতো মন্তব্য আগবঢ়ায়

তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলোৱাৰ পিছত নগাৰ ওচৰত আত্মসমৰ্পন কৰি মাটি গতাব বিচাৰিছে। উৰিয়ামঘাটত উচ্ছেদিত অঞ্চলসমূহত গছপুলি ৰোপন কৰিবলৈ যোৱাৰ পিছত অসমৰ বনমন্ত্ৰী উভতি আহিবলগীয়া হ’ল। A Sectorত ১৮ হাজাৰ হেক্টৰ ভূমি, B Sectorত ২৫ হাজাৰ হেক্টৰ ভূমি নগাই দখল কৰিছে। C Sectorতো ইতিমধ্যে BoP বহাইছে।

অসমৰ সেইসমূহ ভূমি মুখ্যমন্ত্ৰীয়ে উভতাই আনক বুলিও প্ৰত্যাহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে।উৰিয়ামঘাটত উচ্ছেদিত লোকসকলক এসময়ত চৰকাৰেই সকলো আঁচনিৰ সা-সুবিধা প্ৰদান কৰিছিল। কাৰ চৰকাৰৰ দিনত এইবোৰ হৈছিল? প্ৰতিখন চৰকাৰত হিমন্ত বিশ্ব শৰ্মা শক্তিশালী মন্ত্ৰী আছিল।”- এইদৰে কয় অজাপৰ সভাপতিগৰাকীয়ে

লুৰীণজ্যোতি গগৈয়ে লগতে নিৰ্বাচন আহিলেই হিমন্ত বিশ্ব শৰ্মাই জাতিৰ সংকট দেখে বুলিও কটাক্ষ কৰে। তেওঁৰ মতে, “২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়তো তেওঁ জাতিৰ সংকট দেখিছিল, ২৬ৰ নিৰ্বাচনৰ সময়তো তেওঁ জাতিৰ সংকট দেখিছে।ইফালে লুৰীণজ্যোতি গগৈয়ে লগতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে বিজেপিৰ মুখপাত্ৰই অসমত বিভেদকামী কথা-বতৰাৰে ৰাজনীতি কৰাৰ অভিযোগ তোলে।

শেহতীয়াকৈ জমিয়তৰ নেতা মৌলানা মেহমুদ মাদানীক লৈ মুখ্যমন্ত্ৰীসহ নেতা-মন্ত্ৰীসকল ব্যস্ত হৈ পৰিছে বুলি অভিযোগ কৰি লুৰীণজ্যোতি গগৈয়ে আজমলক ব্যৱহাৰ কৰি সফল নোহোৱাত হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক লৈ আহিছে বুলি দাবী কৰে। তেওঁ কয়, “মৌলানা মেহমুদ মাদানী হৈছে অসমৰ জমিয়ত উলেমাৰ সভাপতি বদৰুদ্দিন আজমলৰ ৰাষ্ট্ৰীয় সভাপতি। গতিকে আজমলৰ সৈতে মেহমুদ মাদানীৰ সম্পৰ্কটো ৰাইজে বুজক।

মেহমুদ মাদানীৰ বদৰুদ্দিন আজমল, অটল বিহাৰী বাজপেয়ীৰ লগতে বহু নেতাৰে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে বুলি উল্লেখ কৰি অজাপ সভাপতিগৰাকীয়ে লগতে বদৰুদ্দিন আজমলৰ শ্ৰুতলিপি মতেই মেহমুদ মাদানীয়ে সাম্প্ৰদায়িক মন্তব্য কৰিছে বুলি দাবী কৰে তেওঁৰ ভাষাত,শেহতীয়াকৈ আজমল চাহাবৰ পাৰ্ফিউমৰ গোন্ধ নাইকীয়া হৈছে, সেয়ে মেহমুদ মাদানীৰ পাৰ্ফিউম আনিছে অসমলৈ।

ইফালে বিৰোধীৰ মিত্ৰতাত AIUDF চামিল হ’ব বিচৰা প্ৰসংগতো লুৰীণে মন্তব্য আগবঢ়ায় লুৰীণৰ দাবী, বিজেপিৰ শ্ৰুতলিপি মতেই AIUDFএ বিৰোধী মিত্ৰতাৰ কথা কয়। আগদিনা মুখ্যমন্ত্ৰীয়ে ফোন কৰি আজমলক ক’বলৈ কয় আৰু সেইমতেই মন্তব্য কৰে বুলিও তেওঁ দাবী কৰে। বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই মাদানী অসমলৈ আহিছে বুলিও তেওঁ লগতে কয়।

ইয়াৰ লগতে লুৰীণজ্যোতি গগৈয়ে চৈয়দা হামিদৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম চুক্তি অজাপৰ কাৰণে অসম চুক্তি গীতা, কোৰাণ আৰু বাইবেল বুলি অভিহিত কৰি লুৰীণজ্যোতি গগৈয়ে বিদেশীক চিনাক্তকৰণ কৰি বিতাৰণ কৰিবলৈ দাবী কৰে। বিদেশীক পৃষ্ঠপোষকতা কৰা কাৰো কথাত অজাপই সমৰ্থন নকৰে বুলি স্পষ্ট কৰি অজাপ সভাপতিগৰাকীয়ে চৈয়দা হামিদৰ মন্তব্য কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি কয়।

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক