অজাপৰ নামত ভুৱা পত্ৰ ভাইৰেল, ছাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল জগদীশ ভূঞাৰ

অসম জাতীয় পৰিষদৰ নাম ভাইৰেল হোৱা পত্ৰৰ সন্দৰ্ভত এজাহাৰ দাখিল জগদীশ ভূঞাৰ। তেখেতে স্পষ্ট কৰি দিছে যে, এই পত্ৰ কেতিয়াও প্ৰেৰণ কৰা নাছিল দলটোৱে।

অজাপৰ নামত ভুৱা পত্ৰ ভাইৰেল, ছাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল জগদীশ ভূঞাৰ

অজাপৰ নামত ভাইৰেল ভুৱা পত্ৰ

Published: 

16 Aug 2025 20:08 PM

অসম জাতীয় পৰিষদৰ দিল্লী যাত্ৰাক কেন্দ্ৰ কৰি কোনো দুষ্ট চক্ৰই এখন ভুৱা ক্ষমাপত্ৰ প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যিটো বিষয়ত শনিবাৰে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ছাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। দলটোৰ উপ-সভাপতি চমছেৰ সিঙৰ লগতে অমিতাভ বৰঠাকুৰ আৰু জিয়াউৰ ৰহমানসহ পাণবজাৰত থকা ছাইবাৰ থানাত উপস্থিত হৈ ভূঞাই এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে, অলপতে অসম জাতীয় পৰিষদৰ নেতৃবৃন্দই নতুন দিল্লীত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছতে ৰাজ্য ৰাজনীতিত খলকনিৰ সৃষ্টি হয়। ৰাইজৰ দল আৰু বিজেপি সহ একাধিক দল-সংগঠন আৰু ব্যক্তিয়ে উক্ত সাক্ষাতত আপত্তি দৰ্শাই ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তাৰ মাজতে যোৱা ১৩ আগষ্টত সামাজিক মাধ্যমত এখন ভুৱা পত্ৰৰ প্ৰতিলিপি ভাইৰেল হয়।

এই পত্ৰত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক উদ্দেশ্যি লিখা বুলি উল্লেখ কৰা হৈছিল। পত্ৰখনত এই বুলি লিখা আছিল যে, অখিল গগৈৰ লগত আলোচনা নকৰাকৈ জাতীয় পৰিষদে ৰাহুল গান্ধীক লগ কৰিবলৈ যোৱাটো ভুল হোৱা বুলি স্বীকাৰ কৰি জাতীয় পৰিষদে অখিল গগৈৰ ওচৰত ক্ষমা বিচাৰিছে।

ইয়াৰ লগতে অসমত চলি থকা উচ্ছেদৰ বিৰুদ্ধেহে জাতীয় পৰিষদে ৰাহুল গান্ধীক সাক্ষাৎ কৰা বুলি পত্ৰখনত উল্লেখ কৰা হয়। অসম জাতীয় পৰিষদে স্পষ্ট কৰি দিছে যে, অখিল গগৈলৈ তেনে কোনো পত্ৰ প্ৰেৰণ কৰা নাছিল। কিন্তু বিজেপি দলৰ কেইবাগৰাকী মুখপাত্ৰ আৰু মিডিয়া পেনালিষ্টে তেওঁলোকৰ সামাজিক মাধ্যম একাউন্টৰ পৰা উক্ত ভুৱা পত্ৰখন ‘শ্বেয়াৰ’ কৰাৰ অভিযোগ উত্থাপন কৰিছে অজাপে।

জগদীশ ভূঞাই সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে,”প্ৰথম কথা, ৰাহুল গান্ধীক সাক্ষাৎ কৰিবলৈ যোৱাটো আমাৰ দলৰহে কাৰ্যসূচী আছিল। তাত অন্য দলৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন নাই। গতিকে চিঠি লিখাৰ প্ৰশ্নই নাহে। দ্বিতীয়তে, আমি গৈছিলোঁ অসম চুক্তি ৰূপায়নৰ বিষয়ে কথা পাতিবলৈ। এইটো জাতীয় বিষয়।”

একে সময়তে তেওঁ কয়,”আমি উচ্ছেদৰ বিৰোধিতা কৰাৰ প্ৰশ্নই নাহে। আমি বৰং এইটোহে কৈ আছো যে উচ্ছেদৰ নামত ৰাজনীতি নকৰিব, সাম্প্ৰদায়িক বিদ্বেষ বিয়পাই নিদিব। এফালে বাংলাদেশী বুলি উচ্ছেদ কৰিছে, আনফালে উচ্ছেদক মাটি-টকা দি পুনৰ সংস্থাপিত কৰিছে। আমি ইয়াৰহে বিৰোধিতা কৰোঁ।”

ডেটিং এপত প্ৰৱঞ্চনাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি? স্মাৰ্ট টিপছ জানক
এইসমূহ স্বাস্থ্যজনিত কাৰণত আপোনাৰ ভোক কমিব পাৰে !
পুৱা শুই উঠি আইনাত মুখ চোৱাটো ভাল নে বেয়া? আপুনিও কৰে নেকি এই ভুল?
চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে শৰীৰত দেখা যায় এই ৩টা লক্ষণ? সাৱধান হওক...