“বিদেশী বিতাড়নৰ নতুন কাহিনীয়ে অশান্ত কৰিব অসমক”: আমিনুল ইছলামৰ দাবী

কেবিনেট বৈঠকত অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF ৰ বিধায়ক আমিনুল ইছলামে। এক সংবাদমেলযোগে বিধায়কগৰাকীয়ে কেবিনেটৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।

বিদেশী বিতাড়নৰ নতুন কাহিনীয়ে অশান্ত কৰিব অসমক: আমিনুল ইছলামৰ দাবী

আমিনুল ইছলাম

Published: 

10 Sep 2025 | 06:13 PM

অবৈধ বিদেশী বিতাড়ন সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে মঙলবাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এখন এছ অ’ পি জাৰীৰ কথাও কেবিনেট বৈঠকত ঘোষণা কৰা হয়। তাৰ পাছতেই চৰকাৰৰ এই সিদ্ধান্তক লৈ ব্যাপক চৰ্চা হোৱা দেখা গৈছে। কেবিনেটে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ বাবে প্ৰব্ৰজন (অসমৰ পৰা বহিষ্কৰণ) আইন, ১৯৫০ৰ অধীনত এক এছ অ’ পি (SOP) প্রস্তুত কৰাত অনুমোদন জনাইছে ।

কেবিনেট বৈঠকত অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDF ৰ বিধায়ক আমিনুল ইছলামে। এক সংবাদমেলযোগে বিধায়কগৰাকীয়ে কেবিনেটৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ কয় যে SOP খনৰ বিৰোধিতা কৰা নাই, বিদেশী ন্যয়াধীকৰণ অসমৰ কেবিনেটে বাতিল কৰিব পাৰে নে নাই সেয়া চাব লাগিব।

যদি কোনো ব্য়ক্তিক বিদেশী ন্যায়াধীকৰণে চিনাক্ত কৰে, তেন্তে তেওঁ ন্যায়ালয়ৰ কাষ চাপিব পাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে আইন-আদালতক বিশ্বাস নকৰে, তেওঁ পোনেই বিদেশী বুলি চিহ্নিত ব্যক্তিক বিতাড়ন কৰিব বিচাৰে বুলিও অভিযোগ কৰে ইছলামে। বিধায়কগৰাকীৰ মতে বিদেশী বিতাড়ন কৰাৰ ক্ষেত্ৰত বিদেশী ন্যায়াধীকৰণৰ পৰিৱৰ্তে জিলা আয়ুক্ত‌ই এয়া কৰিব পাৰিব বুলি লোৱা সিদ্ধান্তকহে বিৰোধিতা কৰিছে AIUDF দলে।

কা’ৰ ওপৰত ১০ বছৰ ম্য়াদ বৃদ্ধিৰ যি সিদ্ধান্ত, তাৰ বিৰুদ্ধে উজনি অসমত প্ৰতিবাদ আৰম্ভ হৈছে। এই প্ৰতিবাদ ৰোধ কৰিবলৈ মিঞাক টাৰ্গেট কৰি লোৱা হৈছে বুলিও অভিযোগ কৰে বিধায়ক ইছলামে। তেওঁ প্ৰশ্ন কৰে যে বাংলাদেশৰ পৰা ২০১৪ চনলৈকে কিমান মানুহ অসমলৈ আহিছে তাৰ তথ্য আছে নে? মুখ্যমন্ত্ৰীয়ে কেনেকৈ বিদেশী ন্যায়াধীশকৰণৰ অধিকাৰ ভংগ কৰি এগৰাকী বিষয়াক দিব পাৰে বুলিও তেওঁ প্ৰশ্ন কৰে। অন্যায়ভাৱে জিলা আয়ুক্তক এই ক্ষমতা দিলে, ক্ষমতাৰ অপব্যৱহাৰৰ হ’ব পাৰে বুলিও আশংকা ব্যক্ত কৰে আমিনুল ইছলামে।

তেওঁ কয় যে উচ্ছেদৰ পিছত এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ কৰা হৈছে। ২০২৬ ৰ নিৰ্বাচনত হিন্দু-মুছলমানৰ ৰাজনীতি কৰাৰ বাবেই এই কাম কৰা হৈছে বুলি কয় বিধায়কগৰাকীয়ে। তেওঁ লগতে কয় যে বিদেশী বিতাড়নৰ নতুন কাহিনীয়ে অসমক অশান্ত কৰিব পাৰে। যদি অসমত কোনো বাংলাদেশী ধৰা পৰে, তেন্তে তেওঁলোকক বিতাড়ন কৰিব লাগে বুলি উল্লেখ কৰি বিধায়ক ইছলামে প্ৰশ্ন কৰে যে NRC ত নাম থকা লোকক কিয় খেদিব?

ইফালে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে SIT ৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি যি দাবী কৰিছিল, সেই দাবীক এটা ৰাজনৈতিক বোমা বুলিও কয় বিধায়কগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...