Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ

আজি ৯ নৱেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ

পুৱাৰ খবৰ

Published: 

09 Nov 2025 07:02 AM

আজি ২ নৱেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. মহানগৰীত বায়ুসেনাৰ এয়াৰ শ্ব’ৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন শাখাৰ পথ নিৰ্দেশনা। নিৰ্দিষ্ট পথেৰেহে যাব পাৰিব যান-বাহন। বাণিজ্যিক সামগ্ৰী কঢ়িয়াই নিয়া বাহন বা অন্যান্য গধুৰ বাহনক এইচ.বি.পথ, এ.টি.পথ,ডি.জি.পথ,এম.জি. পথ,বি.বৰুৱা পথ,আৰু জি.এন.বি.পথত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি নাই।
  2. আজি গুৱাহাটী মহানগৰীৰ আকাশত উৰিব ভাৰতীয় বায়ু সেনাৰ বিমান। মাছখোৱাৰ লাচিত ঘাটত হ’ব ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’। লাচিত ঘাটত দেখা যাব বায়ুসেনা বাহিনীৰ দৃষ্টিনন্দন অনুষ্ঠান। লাচিত ঘাটত হ’ব ভাৰতীয় বায়ু সেনাৰ শৌৰ্য আৰু প্ৰযুক্তিৰ অপূৰ্ব সংমিশ্ৰণৰ এক অসামান্য প্ৰদৰ্শনী। অনুষ্ঠানটো আয়োজন কৰাত সহযোগিতা কৰিছে ৰাজ্যৰ প্ৰশাসনে।
  3. উমা ছেত্ৰীক গুৱাহাটী বিমান বন্দৰত অসম ক্ৰিকেট সন্থাই আদৰণি নজনোৱাৰ বিতৰ্ক। এই বিতৰ্কক লৈ BCCIৰ সচিব দেৱজিত শইকীয়াৰ সংবাদমেল। তেওঁ কয়, উমা ছেত্ৰী কেতিয়া গুৱাহাটী আহিব সেয়া ক্ৰিকেটাৰগৰাকীয়ে নিজেও জনা নাছিল। আনহাতে BCCI আৰু ACAৰ হাততো নাছিল তথ্য। সেয়ে এই সন্দৰ্ভত বিতৰ্কৰ প্ৰয়োজন নাই।
  4. ৰে’লৰ টিকট বুকিঙৰ নিয়ম সলনি। নতুন নিয়ম অনুসৰি, টিকট বুকিঙৰ প্ৰথম দিনাই পুৱা ৮ বজাৰ পৰা পুৱা ১০ বজালৈ সেইসকল ব্যৱহাৰকাৰীয়েহে ৰিজাৰ্ভেচন টিকট বুকিং কৰিব পাৰিব যাৰ আধাৰত আই আৰ চি টি চি একাউণ্ট আধাৰৰ সৈতে ভেৰিফাইড হ’ব।
  5. ডিমা হাচাওৰ হাৰাংগাজাওত জলপ্ৰপাতত গা ধুবলৈ গৈ মৃত্যু ২ ছাত্ৰীসহ ৩জনৰ। হাৰাংগাজাৱৰ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তিনিওজনে। শিলচৰ NITৰ এটা ৭জনীয়া শিক্ষাৰ্থীৰ দল। দলটোৰ ৬জন শিক্ষাৰ্থী গা ধুবলৈ নামিছিল জলপ্ৰপাতটোত।
  6. শনিবাৰে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত উত্তৰ-পূবৰ শিক্ষা খণ্ডত ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
  7. জুবিন গাৰ্গৰ সপোনৰ ছবি‘ৰৈ ৰৈ বিনালে’ প্ৰথম দুদিন ছবিগৃহত দৰ্শকৰ সঁহাৰি লাভ কৰাৰ পিছত একাংশ দৰ্শকে কিছু কিছু অংশ ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিয়ে। কেৱল সেয়াই নহয়, কিছুমান ব্যক্তিয়ে গোটেই ছবিখন ছবিগৃহৰ পৰা ৰেকৰ্ডিং কৰি ইউটিউবত গোটেই আপলোড কৰি দিয়ে। যাৰ বাবে গৰজি উছিছে পৰিচালক ৰাজেশ ভূঞাৰ লগতে ছবি নিৰ্মাতাসকল।
  8. চৌকত আলীয়ে ১০৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ অসমৰ বাবে দি গৈছে এক যুগমীয়া অৱদান। অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত অংকিত দুৰ্দান্ত গঁড়টো নিশ্চয় আপুনিও দেখিছে। সেই গঁড়টো হৈছে অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীক চিহ্ন। এই প্ৰতীক চিহ্নৰ স্ৰষ্টা হৈছে চৌকত আলী।
  9. তুৰস্কই গণহত্যাৰ অভিযোগত মুঠ ৩৭ জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে। এই তালিকাত আছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজ, ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইতামাৰ বেন গ্ভিৰ, আৰু সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল ইয়াল জমিৰ। এই সম্পূর্ণ তালিকা এতিয়াও ৰাজহুৱা হোৱা নাই৷
উচ্চ ৰক্তচাপ থকা ৰোগীয়ে কি কি খাদ্য খাব নালাগে? নিয়ন্ত্ৰণৰ সহজ টিপছ...
পালেং শাকে নিয়ন্ত্ৰণত ৰাখে ব্লাড ছুগাৰ! জানক উপকাৰৰ বিষয়ে...
কল খাই ভাল পায় নেকি? মানসিক স্বাস্থ্য সুস্থ ৰখাত সহায় কৰিব পাৰে কলে!
ভালকৈ টোপনি আহিবলৈ শোৱাৰ পূৰ্বে কৰক এই ৫টা কাম, সবিশেষ...