পত্নীক ডিভোৰ্চ দি গাখীৰেৰে ধুলে গা, মানিক হেনো আজি মুক্ত!
হুৰহুৰকৈ গাত গাখীৰ ঢালি স্নান কৰিছে এজন যুৱকে। মুখত প্ৰশান্তিৰ হাঁহি। তেওঁ হেনো মুক্ত হৈছে। সেয়ে কৰিছে দুগ্ধস্নান। ইয়াৰ আঁৰত থকা কাৰণ জানিলে আপুনিও হ'ব আচৰিত। পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰি আনন্দিত হৈছে যুৱকজন। সেয়ে তেওঁ এইদৰে গাখীৰেৰে গা ধুই আনন্দ কৰিছে। জানক সম্পূৰ্ণ কাহিনী।

মানিকৰ দুগ্ধস্নান
স্নান কৰিলে হেনো মানুহৰ দেহ-মন পবিত্ৰ হয়। স্নান কৰাটো মানুহৰ নিত্যকৰ্ম। বিভিন্ন শুভদিনত মানুহে নদীত স্নান কৰি পাপ মোচনৰ কামনাও কৰে। কিন্তু এই মানুহজন অলপ ব্যতিক্ৰম। বাল্টিয়ে বাল্টিয়ে গাখীৰ গাত ঢালি স্নান কৰিছে তেওঁ। এনেকৈ তেওঁহেনো মুক্ত হৈছে। সেয়ে কৰিছে দুগ্ধস্নান।
গাখীৰেৰে গা ধুই আনন্দিত হোৱা এই যুৱকজনৰ নাম মানিক আলী, ঘৰ মুকালমুৱা। মানিকৰ মন আজি মুক্ত, আনন্দিত। কাৰণ এটা গধুৰ চিন্তা দূৰ হ’ল মানিকৰ। পত্নীৰ সৈতে আইনীভাৱে বিবাহ বিচ্ছেদ কৰি হেনো চিন্তা মুক্ত হৈছে মানিক। শুনি আচহুৱা যেন লাগিছে নিশ্চয়, আচহুৱা যেন লগাৰে কথা। পৰম হেঁপাহেৰে কাৰোবাক বিয়া কৰোৱাৰ পাছত বিচ্ছেদে কেনেকৈ আনন্দ দিব পাৰে মনত? স্বাভাৱিকতেই বহুতৰ মনত উদয় হ’ব এই প্ৰশ্ন। পিচে মানিক আনন্দিত, উৎফুল্লিত, মুক্ত। তাৰো আছে বিশেষ কাৰণ।
মানিকৰ পত্নীৰ আছিল পৰকীয়া প্ৰেম। দুবাৰকৈ প্ৰেমিকৰ সৈতে পলাই গৈছিল মানিকৰ পত্নী। বাৰে বাৰে পলায় যায় আৰু মানিকে ওভতাই আনে। একমাত্ৰ কন্যাৰ মুখলৈ চাই বাৰে বাৰে মানিকে পত্নীক গ্ৰহণ কৰিছিল। কিন্তু সম্পৰ্ক এটা জানো তেনেদৰে জোৰকৈ বান্ধি ৰাখিব পাৰি। এক দুঃচিন্তা লৈ দিন অতিবাহিত কৰিবলগীয়া হৈছিল মানিকে। কিন্তু এইবাৰ যেন মানিকে বাধা দি ৰাখিব নোৱাৰিলে পত্নীক। সেয়ে আইনীভাৱে পত্নীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিলে মানিকে।
পত্নীৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰি মানিকে এতিয়া মুক্ত অনুভৱ কৰিছে নিজকে। সেয়ে চাৰিটা বাল্টিত প্ৰায় ৪০ লিটাৰ গাখীৰ লৈ স্নান কৰিছে তেওঁ। এই সন্দৰ্ভত মানিকে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া
পতি-পত্নীৰ সম্পৰ্ক এক পবিত্ৰ সম্পৰ্ক। কিন্তু যেতিয়া সেই সম্পৰ্কত বিশ্বাসৰ ভেটিটো থুনুকা হৈ পৰে, তেতিয়া তাক বান্ধি ৰাখিবলৈ কষ্ট হয়। মানিকৰ ক্ষেত্ৰতো ঠিক যেন তেনেকুৱাই হ’ল। তথাপিও বিবাহ বিচ্ছেদৰ পাচত মানিকে গাখীৰেৰে গা ধোৱা ঘটনাই স্থানীয় লোকক আচৰিত কৰি তুলিছে।