চুমি বৰাৰ বৌৱেকক বচাবলৈ গৈ চাকৰি হেৰুৱালে চৰকাৰী অধিবক্তাই!

আদালতত চৰকাৰৰ ফালৰ পৰা নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছিল অধিবক্তা বিদ্যুৎ বিকাশ গগৈয়ে। ৰাজ্যপালৰ নিৰ্দেশত বৰ্খাস্ত কৰা হ'ল অধিবক্তাগৰাকীক। ইয়াৰ উপৰিও লোক অধিবক্তাৰ কাৰ্যালয়ৰ ৩জন সহায়ককো নিলম্বিত কৰা হৈছে।

চুমি বৰাৰ বৌৱেকক বচাবলৈ গৈ চাকৰি হেৰুৱালে চৰকাৰী অধিবক্তাই!

চুমিৰ বৌৱেকক বচাবলৈ গৈ চাকৰি হেৰুৱালে চৰকাৰী অধিবক্তাই!

Published: 

18 Sep 2024 | 08:09 PM

চুমি বৰাৰ বৌৱেক জিংকী মিলিৰ জামিনক লৈ অধিবক্তাৰ অথন্তৰ। চৰকাৰী পক্ষৰ অধিবক্তা বিদ্যুৎ বিকাশ গগৈক বৰ্খাস্ত কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছিল অধিবক্তাই।
জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিনত আপত্তি নদৰ্শালে অধিবক্তাজনে। চুমি বৰাৰ বৌৱেক জিংকী মিলিৰ হৈ ওকালতি কৰিছিল বিদ্যুৎ বিকাশ গগৈয়ে। আদালতত চৰকাৰৰ ফালৰ পৰা নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছিল অধিবক্তা বিদ্যুত বিকাশ গগৈয়ে। ৰাজ্যপালৰ নিৰ্দেশত বৰ্খাস্ত কৰা হ’ল অধিবক্তাগৰাকীক। ইয়াৰ উপৰিও লোক অধিবক্তাৰ কাৰ্যালয়ৰ ৩জন সহায়ককো নিলম্বিত কৰা হৈছে। ব্ৰজেন কুমাৰ নাথ, কমল নাথ, অৰূপ কুমাৰ ডেকাক নিলম্বন।

উল্লেখ্য যে চুমি বৰাৰ বৌৱেক জিংকি মিলিয়ে মঙলবাৰে লাভ কৰিছিল জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তর্বর্তীকালীন জামিন প্ৰদান কৰিছিল জিংকি মিলিক। তাৰ পাছতে জিংকি মিলিয়ে জামিন পোৱাক লৈ উঠিছিল প্রশ্ন জিংকি মিলিয়ে জামিন পোৱাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগত সৃষ্টি হৈছিল জোকাৰণিৰ। ইয়াৰ পাছতে পোহৰলৈ আহিছিল বিদ্যুৎ বিকাশ গগৈৰ সন্দেহজনক ভূমিকা। ৰহস্যজনকভাৱে জামিনৰ বিৰোধিতা কৰা নাছিল বিদ্যুৎ বিকাশ গগৈয়ে।

জামিনৰ সকলো নথি লুকুৱাই ৰখাৰ অভিযোগ গগৈৰ বিৰুদ্ধে। লোক ফৰিয়াদী মাখন ফুকনৰ পৰা লুকুৱাইছিল নথিসমূহ। ফলত আদালতত উপস্থিত থাকিব পৰা নাছিল মাখন ফুকন। কিছু চৰ্তসাপেক্ষে অন্তৱৰ্তীকালীন অগ্ৰিম জামিন লাভ কৰিছিল জিংকিয়ে। এই ঘটনাক লৈ খর্গহস্ত হৈ পৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্ৰী শৰ্মাই মহাধিবক্তা দেৱজিত লন শইকীয়াক এই বিষয়টো কি হৈছে চাবৰ বাবে নিৰ্দেশ দিছিল।

২৫০০০ টকা বণ্ডৰ বিনিময়ত আদালতে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰে বুলি অধিবক্তাই জানিবলৈ দিয়ে ৷ প্ৰৱঞ্চনাৰ গোচৰত এজাহাৰ নং 352/2024ৰ অধীনত তেওঁক জেৰাৰ বাবে তলব কৰিছিল যদিও তেওঁ পলাতক হৈ আছে। বি এন এছ এছৰ ধাৰাৰ ৩৫(৩)ৰ অধীনত আৰক্ষীয়ে তেওঁক তলব কৰিছিল।

উল্লেখ্য যে চুমিয়ে বিশালক এজেন্ট আনি দিয়াত সহায় কৰিছিল আৰু চুমিৰ ককায়েক- বোয়েক এই প্ৰৱঞ্চনাত প্ৰত্যক্ষভাৱে জড়িত আছিল। বৰ্তমান চুমিয়ে পলাতক অৱস্থাত থকাৰ লগতে তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা আৰু বৌয়েক জিংকী মিলিক ৱাণ্টেড ঘোষণা কৰিছিল আৰক্ষীয়ে। জিংকি মিলিৰ হৈ উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন আবেদন দাখিল কৰিছিল অধিবক্তা আনন্দ ভূঞাই।
এতিয়ালৈকে অৱশ্যে জিংকি মিলিৰ স্বামী তথা চুমিৰ ভাতৃ ৰাজীৱ বৰাই কোনো অগ্ৰিম জামিনৰ বাবে আবেদন কৰাৰ তথ্য সদৰি হোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...