চৰম পন্থাৰ চেষ্টা চলোৱা ADC ত্ৰিদীপ কোঁৱৰৰ মৃত্যু! পৰিয়ালৰ দাবী, এয়া…

ত্ৰিদীপ কোঁৱৰে আত্মহত্যা চেষ্টা চলোৱাৰ কথা মানি লোৱা নাই পৰিয়ালে। সমগ্ৰ বিষয়টোক ৰহস্যজনক বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে। তেওঁলোকৰ মতে, আত্মহত্যাৰ চেষ্টা কৰা বুলি ভুল বাতৰি প্ৰচাৰ কৰিছিল সংবাদ মাধ্যমে।

চৰম পন্থাৰ চেষ্টা চলোৱা ADC ত্ৰিদীপ কোঁৱৰৰ মৃত্যু! পৰিয়ালৰ দাবী, এয়া...

ADC ত্ৰিদীপ কোঁৱৰ

Updated On: 

14 Jul 2025 | 11:12 PM

অৱশেষত চিৰ দিনলৈ চকু মুদিলে কামৰূপ(ম:)ৰ ADC ত্ৰিদীপ কোঁৱৰে। নেমকেয়াৰ হাস্পতালত মৃত্যু ঘটে ADC গৰাকীৰ । ১০ জুলাইত গুৱাহাটী মহানগৰীত যোৱা নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে গুৱাহাটী ক্লাৱৰ মেজিষ্ট্ৰেট কলনিত বাস কৰা অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কলনিৰ ৪ নম্বৰ আৱাসৰ চাদৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল। তাৎক্ষণিকভাৱে সংকতজনক অৱস্থাত বিষয়াগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু আজি মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয় তেওঁৰ।

ইফালে ত্ৰিদীপ কোঁৱৰে আত্মহত্যা চেষ্টা চলোৱাৰ কথা মানি লোৱা নাই পৰিয়ালে। সমগ্ৰ বিষয়টোক ৰহস্যজনক বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে। তেওঁলোকৰ মতে, আত্মহত্যাৰ চেষ্টা কৰা বুলি ভুল বাতৰি প্ৰচাৰ কৰিছিল সংবাদ মাধ্যমে। লগতে কয়, আত্মহত্যাৰ যদি চেষ্টা কৰিছিল আৰক্ষীক তথ্য ৰাজহুৱা কৰিবলৈ আহ্বান। তেওঁলোকে কয়, “এতিয়া মৃত্যু ঘটিলে যেতিয়া পৰিয়ালৰ লোকেই সকলো কৰিব লাগিব। চিকিৎসকসকলে চেষ্টা চলাইছিল বচাবলৈ কিন্তু নোৱাৰিলে।”

উল্লেখ্য যে, মেজিষ্ট্ৰেট কলনিৰ ৪ নম্বৰ আৱাসৰ চাদৰ ওপৰৰ পৰা জপিওৱাৰ চেষ্টা চলাইছিল অতিৰিক্ত উপায়ুক্তগৰাকীয়ে।  আত্মহননৰ এই চেষ্টাত কথমপি প্ৰাণৰক্ষা পৰিছিল ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰৰ। কিন্তু চাদৰ পৰা তললৈ জাপ দিয়াৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। লগে লগে অতিৰিক্ত উপায়ুক্ত ত্ৰিদিৱ কুমাৰ কোঁ‌ৱৰ সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালৰ ICU ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, বিষয়াগৰাকীয়ে যোৱা এবছৰ ধৰি ষ্ট’ক ৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসা চলাই আহিছিল। ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰশাসনিক বিষয়া গৰাকী মানসিক ভাৱে কিছু ভাগৰি পৰিছিল। বৃহস্পতিবাৰেও তেওঁ চিকিৎসা গ্ৰহণ কৰি চৰকাৰী বাসভৱনলৈ ওভতি আহিছিল। ইফালে ঘটনা পিছতে তেওঁ লিখি থৈ যোৱা চুইছাইড নোট উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। এই চুইছাইড নোটে তেওঁ কিয় এই পন্থা গ্ৰহণ কৰিলে, তাৰ আঁৰৰ কাৰণ পোহৰলৈ আনিছে।

জানিব পৰা মতে, ACS বিষয়া গৰাকীয়ে চুইছাইড নোটত তেওঁৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় বুলি উল্লেখ কৰিছিল। “মোৰ নিজৰ কামৰ বাবে মই নিজে দোষী। মোৰ হৈ মোৰ পত্নী আৰু সন্তানে কষ্ট পোৱাটো নিবিচাৰোঁ। মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নোভোগে। I AM SORRY।”- তথ্য মতে এইদৰে লিখা হৈছিল উদ্ধাৰ হোৱা চুইছাইড নোটত।

লগতে পঢ়ক: পক্ষীৰ জৈৱ বৈচিত্ৰ্যৰ মূল আশ্ৰয়স্থলী কাজিৰঙা, সমীক্ষাত ৪৩টা বিশেষ প্ৰজাতিৰ চৰাইৰ উপস্থিতিৰ তথ্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...