নাই কোনো জাকজমকতা, মূৰ্তিৰ প্ৰয়োভৰ! ৰাজ্যৰে এই জনজাতিৰ ১৩০০ বছৰীয়া দুৰ্গা পূজাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
সপ্তমীৰ পৰা নৱমীলৈকে পালন কৰা এই পূজা প্ৰায় ১৩০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। দেৱ-দেৱীৰ মূৰ্তি বা কোনো আড়ম্বৰপূৰ্ণ উৎসৱ অবিহনে আচেপ জনজাতিয়ে এই উৎসৱ উদযাপন কৰে। জাকজমকতাৰ বিপৰীতে কল গছ ব্যৱহাৰ কৰি পূজাস্থলী নিৰ্মাণ কৰা হয়।

এই জনজাতিয়ে উদযাপন কৰে ১৩০০ বছৰ পুৰণি পৰম্পৰাৰ দুৰ্গা পূজা
দেশবাসীয়ে উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত দেশৰ সৰ্বত্ৰে দেখা গৈছে আনন্দমুখৰ পৰিৱেশ। অৱশ্যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ অসমত নাই পূৰ্বৰ উন্মাদন। দুৰ্গা পূজাৰ নামত অসমবাসীয়ে কেৱল পালন কৰিছে আনুষ্ঠানিকতা। সাধাৰণতেই দুৰ্গা পূজা বুলিলেই সকলোৰে মনলৈ আহে সুউচ্চ আৰু জাকজমক-আটকধুনীয়া পূজা মণ্ডপ। পিছে এইক্ষেত্ৰত ব্যতিক্ৰম অসমতে বাস কৰা এক বিশেষ জনজাতি।
এক ব্যতিক্ৰমী পন্থাৰে পৰম্পৰাগতভাৱে দুৰ্গা পূজা উদযাপন কৰা এই জনজাতি সম্প্ৰদায়টো প্ৰধানতঃ শ্ৰীভূমিত বসতি স্থাপন কৰি আহিছে। এই আচেপ জনজাতীয় সম্প্ৰদায়ে দুৰ্গা পূজাৰ এক অনন্য আৰু শতিকা পুৰণি পৰম্পৰা পালন কৰি ৰাখিছে। এই পৰম্পৰা সততে দেখা পোৱা জাকজমকতাৰ পৰা সম্পূৰ্ণ পৃথক।
সপ্তমীৰ পৰা নৱমীলৈকে পালন কৰা এই পূজা প্ৰায় ১৩০০ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়। দেৱ-দেৱীৰ মূৰ্তি বা কোনো আড়ম্বৰপূৰ্ণ উৎসৱ অবিহনে আচেপ জনজাতিয়ে এই উৎসৱ উদযাপন কৰে। জাকজমকতাৰ বিপৰীতে কল গছ ব্যৱহাৰ কৰি পূজাস্থলী নিৰ্মাণ কৰা হয়। অত্যন্ত গভীৰ আধ্যাত্মিক উৎসাহেৰে এই পূজাৰ অনুষ্ঠানসমূহ সম্পন্ন কৰা হয়।
কোনো ধৰণৰ জাকজমকতা তথা আড়ম্বৰতা নাথাকিলেও এই ব্যতিক্ৰমী তথা পৰম্পৰাগত আধ্যাত্মিক উৎসৱে ভক্তসকলক আকৰ্ষিত কৰি আহিছে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ মাণিকবন্দত এই পূজা অনুষ্ঠিত হয়। অৱশ্যে কেৱল আচেপ জনগোষ্ঠীৰ মাজতে এই উৎসৱ উদযাপন সীমাবদ্ধ নহয়, আন বহুকেইটা সম্প্ৰদায়ৰ লোকে এই উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
স্থানীয় লোকসকলৰ বাবে এই পূজা কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়। বৰঞ্চ স্থানীয় লোকসকলৰ বাবে এই পূজা একতা, সাংস্কৃতিক সম্প্ৰীতি, সামূহিক ভক্তিৰ প্ৰতীক হিচাপে বিবেচিত হৈছে। কলৰ পাতত পৰিবেশন কৰা প্ৰসাদ আৰু ভোগ, ঢোলৰ ছন্দময় শব্দ, দেৱী দুৰ্গাৰ ভক্তিত গোৱা গীত আদিয়ে এই পূজাস্থলীত ভক্তসকলৰ মনত গঢ়ি তোলে আধ্যাত্মিক চেতনা।
আচেপ সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠ লোকসকলে এই পূজা তেওঁলোকৰ সুকীয়া পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচিত হৈ আহিছে বুলি উল্লেখ কৰে। লগতে এই পূজাই নৱ প্ৰজন্মক ধৰ্মীয় বিশ্বাসৰ লগতে একতাৰ মূল্যবোধৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।