গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা, ABVP ৰ দখলত সভাপতি-সাধাৰণ সম্পাদকৰ পদ

এই বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে মুঠ ৮ খন আসন লাভ কৰাৰ বিপৰীতে ABVP সমৰ্থিত প্ৰাৰ্থীয়ে ৫ খন, অসম ছাত্ৰ পৰিষদে ২ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩ খন লাভ কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা, ABVP ৰ দখলত সভাপতি-সাধাৰণ সম্পাদকৰ পদ
Published: 

14 Oct 2025 18:54 PM

প্ৰকাশ পালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। এইবাৰ ABVP ৰ সমৰ্থিত প্ৰাৰ্থীৰ দখলৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদ। সাধাৰণ সম্পাদকৰ পদত ABVP ৰ সমৰ্থিত প্ৰাৰ্থী প্ৰবালজ্যোতি শৰ্মাই জয় লাভ কৰাৰ বিপৰীতে সভাপতিৰ পদত জয়ী হৈছে গুঞ্জন ডেকা।

ইফালে উপ-সভাপতিৰ পদত জয়ী হৈছে আছুৰ সমৰ্থিত প্ৰাৰ্থী সিদ্ধাৰ্থ শংকৰ হাজৰিকা। একেদৰে সহঃ সাধাৰণ সম্পাদকৰ পদত জয়ী হৈছে আছুৰ সমৰ্থিত প্ৰাৰ্থী বাৰ্বী গগৈ। ১৮ টা পদৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই নিৰ্বাচনত ৪৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।

দেখা গৈছে যে, সাধাৰণ নিৰ্বাচনটোত আছু সমৰ্থিত প্ৰাৰ্থীয়ে মুঠ ৮ খন আসন লাভ কৰাৰ বিপৰীতে ABVP সমৰ্থিত প্ৰাৰ্থীয়ে ৫ খন, অসম ছাত্ৰ পৰিষদে ২ খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩ খন লাভ কৰিছে।

কোন পদত কোন জয়ী হ’ল-

সভাপতি পদত-গুঞ্জন ডেকা

উপ-সভাপতি পদত-সিদ্ধাৰ্থ শংকৰ হাজৰিকা

সাধাৰণ সম্পাদক পদত-প্ৰবালজ্যোতি শৰ্মা

সহঃসাধাৰণ সম্পাদক (PG) পদত-বাৰ্বি গগৈ

সহকাৰী সাধাৰণ সম্পাদক (UG)পদত-ধৃতিশ্মিতা ডেকা

সাহিত্য বিভাগত-জোনাক ফুকন

সুকুমাৰ কলা বিভাগত-টিংকুমণি কৌশিক

সংগীত বিভাগত-প্ৰীতিমল্লিকা খনিকৰ

সাংস্কৃতিক বিভাগত-পংকজ মেধি

তৰ্ক আৰু আলোচনা বিভাগত-সিদ্ধাৰ্থ দুৱৰা

গুৰুক্ৰীড়া বিভাগ-কংকেশ্বৰ বড়ো

লঘুক্ৰীড়া বিভাগ-সুদীপ দাস

ক্ৰীড়া (PG)-আয়ুস গৌতম

ক্ৰীড়া(UG)-ভূয়সী বৰুৱা

ছাত্ৰ জিৰণি কোঠা-উদয়ন নাথ

ছাত্ৰী জিৰণি কোঠা-গাৰ্গী পাল

শৰীৰ চৰ্চা বিভাগত-পুৰ্বা বৰগোহাঁই

সমাজসেৱা বিভাগত-চিন্টু থাপা

বিয়াৰ পিছত কিয় মহিলাসকল বেছি ধুনীয়া হৈ পৰে ? ৯৯% লোকে নাজানে এই উত্তৰ
লিভাৰ দুৰ্বল হ’লে ছালত এই ধৰণৰ লক্ষণে দেখা দিয়ে
নহৰুৰ স্বাস্থ্য উপকাৰিতা : দৈনিক নহৰু খালে কি হয় ? জানক
সাৱধান, দীপাৱলীৰ সময়ত এই কাম কৰাটো অত্যন্ত অশুভ, হেৰুৱাব সুখ!