এজন শিল্পীৰ ৩৮,০০০ গীত আৰু এটা প্ৰশ্ন, জুবিন গাৰ্গৰ গীতৰ মালিকীস্বত্ব কাৰ হাতত?
Zubeen Garg: কায়িকভাৱে জুবিন গাৰ্গে অসম আৰু অসমীয়াক এৰি গ'ল যদিও, জীৱন কালত তেওঁ দি গ'ল সংগীতৰ এক অমূল্য ভঁৰাল। কেৰিয়াত প্ৰায় ৪০ টা ভাষা আৰু উপভাষাত ৩৮,০০০ ৰো অধিক গীত গাইছিল তেওঁ। কিন্তু এতিয়া এটা প্ৰশ্ন, এটা বিষয় উত্থাপন হৈছে যে এই গীতসমূহৰ মালিকীস্বত্ব কাৰ হাতত?

বিশাল কলিতাৰ সংগ্ৰহালয়ত জুবিন গাৰ্গ (ফাইল ফটো)
লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই ইহ সংসাৰ এৰি গুচি গ’লে অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। মৰমৰ শিল্পীগৰাকীৰ প্ৰতিটো গীতেই দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে প্ৰতিজন অসমীয়াৰ। দেশৰ আন প্ৰান্ততো জুবিন গাৰ্গৰ গীতৰ অনুৰাগী অসংখ্য। প্ৰায় ৪০ টা ভাষা-উপভাষাত ৩৮,০০০ ৰো অধিক গীত গাইছিল এইগৰাকী কিংবদন্তিয়ে। এতিয়া এই গীতৰ মাজেৰেই জুবিন গাৰ্গক চিৰদিন চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াস কৰিছে তেওঁক ভালপোৱাসকলে।
গুৱাহাটীৰ এজন যুৱক বিশাল কলিতা, যি জুবিন গাৰ্গৰ মৃত্যুৰ মাত্ৰ কেইদিনমান আগত মুকলি কৰিছিল জুবিন গাৰ্গৰ গীতৰ এলবামসমূহৰ এটি সংগ্ৰহালয়। সংগীতৰ কেছেটৰ সংগ্ৰহে গুৱাহাটীত থকা তেওঁৰ বাসগৃহটো ব্যক্তিগত সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰিছে।
এক দশকৰো অধিক সময় ধৰি দেশৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি ৩০ বছৰীয়া যুৱকজনে জুবিন গাৰ্গৰ গীতৰ এলবামসমূহ সংগ্ৰহ কৰিছিল আৰু নিজৰ ঘৰত সেই এলবামসমূহ সযতনে ৰাখিছে। যোৱা মাহত জনসাধাৰণৰ বাবে মুকলি কৰা এই সংগ্ৰহালয়টোত জুবিন গাৰ্গৰ এলবামসমূহৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংগীতজ্ঞৰ শ শ চিডি আৰু বিৰল পোষ্টাৰো ৰখা হৈছে।
বিশাল কলিতাৰ সংগ্ৰহালয়ত জুবিন গাৰ্গ (ফাইল ফটো)
কিন্তু জুবিন গাৰ্গৰ ডিস্কোগ্ৰাফীয়েই সৰ্বাধিক দৰ্শকক আকৰ্ষণ কৰি আহিছে। অসমৰ সাংস্কৃতিক আইকন গাৰ্গৰ বিগত মাহত ছিংগাপুৰত মৃত্যু হোৱাত তেওঁৰ লাখ লাখ অনুৰাগীৰ হৃদয় শোকত ভাগি পৰিছে। সংবাদ সংস্থা বিবিচিৰ এক প্ৰতিবেদন অনুসৰি বিশাল কলিতাৰ সংগ্ৰহালয়ত শিল্পীগৰাকীৰ প্ৰায় ৩৮ হাজাৰ গীত আছে, য’ত আজি আন ক’তো শুনিবলৈ নোপোৱা, বা বিচাৰি নোপোৱা গীতসমূহো আছে বুলি তেওঁ কয়।
মৃত্যুৰ মাত্ৰ তিনিদিন পূৰ্বে, ১৬ ছেপ্টেম্বৰত জুবিন গাৰ্গে আনকি নিজেই বিশাল কলিতাৰ বাসগৃহলৈ গৈ এই সংগ্ৰহালয় প্ৰত্যক্ষ কৰে আৰু কয় যে এই সংগ্ৰহে তেওঁক নিজৰ কিছুমান “বহুদিনীয়া পাহৰি যোৱা” সৃষ্টিৰ কথা মনত পেলাই দিয়ে।
বিশাল কলিতা এতিয়া গাৰ্গৰ অনুৰাগী আৰু বন্ধুসকলৰ বৃহত্তৰ নেটৱৰ্কৰ অংশ যিয়ে তেওঁৰ এই কামক অনলাইন ষ্ট্ৰীমিং প্লেটফৰ্মৰ জৰিয়তে অধিক সুলভ কৰি তুলিবলৈ আৰু তেওঁৰ পৰিয়ালৰ বাবে ৰয়েল্টি নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে। বিবিচিক তেওঁ কয়, “এই কেছেটবোৰৰ কিছুমান বহুত পুৰণি আৰু ক্ষতিগ্ৰস্ত হ’ব পাৰে। মই সেইবোৰক ৰাজহুৱা স্মৃতিলৈ ঘূৰাই আনিব বিচাৰো।”
কিন্তু কৰিব পাৰিবনে? প্ৰযোজক, বিতৰক আৰু সংগীত লেবেলৰ জটিল নেটৱৰ্কৰ মাজত সিঁচৰতি হৈ থকা মালিকীস্বত্বৰ ওপৰত স্পষ্টতাৰ অভাৱৰ বাবে কপিৰাইট উলংঘাৰ আশংকা নকৰাকৈ জুবিন গাৰ্গৰ বহু গীত অনলাইন আপলোড কৰিব পৰা নাযাব।
বিশাল কলিতাৰ এক মহান প্ৰয়াস জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ
কেৱল জুবিন গাৰ্গৰেই নহয়, সংগীতৰ মালিকীস্বত্ব বিশ্বজুৰি দীৰ্ঘদিনীয়া বিতৰ্কিত বিষয়। উদাহৰণস্বৰূপে, ১৪ বাৰৰ গ্ৰেমী বিজয়ী টেইলৰ চুইফটে তেওঁৰ সকলো সংগীতৰ মালিক হ’বলৈ তেওঁৰ এলবামসমূহ পুনৰ ৰেকৰ্ডিং কৰিবলগীয়া হৈছিল। আনহাতে আন কেইবাজনো সংগীতজ্ঞই নিজৰ কামৰ ওপৰত সম্পূৰ্ণ বা আংশিক নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ নিজাকৈ লেবেল আৰম্ভ কৰিছে। ভাৰততো সংগীতৰ মালিকীস্বত্বক দীৰ্ঘদিন ধৰি বিভিন্ন বিতৰ্ক চলি থকা দেখা গৈছে।
জুবিন গাৰ্গৰ অনুৰাগীসকলে তেওঁৰ মৃত্যুৰ কেইদিনমান পিছতেই এই জটিল বিষয়ৰ আভাস পাইছিল। যেতিয়া তেওঁলোকৰ বহুতেই তেওঁৰ জনপ্ৰিয় সংগীত ষ্ট্ৰীমিং প্লেটফৰ্মত তেওঁৰ অন্যতম জনপ্ৰিয় গীত ‘মায়াবিনী ৰাতিৰ বুকুত’ বিচাৰিছিল যদিও সেই গীতটো হেৰাই গৈছিল। পিছত গীতটো এজন ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল যদিও অনুজ্ঞাপত্ৰৰ সমস্যাৰ বাবে এসপ্তাহৰ ভিতৰতে আঁতৰাই পেলাইছিল।
বিবিচিৰ আগত চলচ্চিত্ৰ নিৰ্মাতা তথা জুবিন গাৰ্গৰ বন্ধু মানস বৰুৱাই কয় যে তেওঁৰ শ শ গীত আছে, যাৰ মালিকীস্বত্বৰ সন্ধান পোৱাটো হয় কঠিন, নহয় প্ৰত্যাহ্বান হৈ আছে।
ভাৰতত কপিৰাইট আইন ১৯৫৭ য়ে সংগীতৰ মালিকীস্বত্ব নিয়ন্ত্ৰণ কৰে, গীতৰ কথা, সংগীত ৰচনা আৰু শব্দ ৰেকৰ্ডিঙৰ বাবে পৃথক কপিৰাইট আছে বুলি দিল্লীৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ (Intellectual Property Rights) অধিবক্তা নীল মেছনে কয়। “গীতৰ কথা আৰু সংগীত ৰচনাৰ “প্ৰথম মালিক” হৈছে “ৰচয়িতা” – ক্ৰমে গীতিকাৰ আৰু সুৰকাৰ। কিন্তু যেতিয়া চাউণ্ড ৰেকৰ্ডিঙৰ কথা আহে, “প্ৰযোজকক ৰচয়িতা বুলি গণ্য কৰা হয়”, গতিকে তেওঁলোক প্ৰথম মালিক”, মেছনে কয়।
মালিকসকলে অনুজ্ঞাপত্ৰৰ জৰিয়তে মালিকীস্বত্ব হস্তান্তৰ কৰিব পাৰে বা তৃতীয় পক্ষক একচেটিয়াভাৱে বা অ-একচেটিয়াভাৱে অধিকাৰ প্ৰদান কৰিবলৈ বাছি ল’ব পাৰে, যিয়ে কাগজ-পত্ৰ নিখুঁতভাৱে ৰক্ষণাবেক্ষণ নকৰালৈকে এটা জটিল আৰু প্ৰায়ে অনুসন্ধান কৰিব নোৱাৰা নেটৱৰ্কৰ সৃষ্টি কৰিব পাৰে।
৩৩ বছৰীয়া কেৰিয়াৰত ৫২ বছৰীয়া জুবিন গাৰ্গে ৪০টাতকৈও অধিক ভাষা আৰু উপভাষাত গীত গাইছিল। তেওঁৰ কিছুমান গীত তেওঁৰ নিজা লেবেলৰ মালিকানাধীন, আনহাতে নব্বৈ আৰু ২০০০ চনৰ বহুতো গীত প্ৰযোজক আৰু বিতৰকৰ, যিয়ে তেওঁক ৰয়েল্টি দিয়ে।
প্ৰযোজকসকলে কপিৰাইট বিতৰকসকললৈ হস্তান্তৰ কৰিছিল বুলি মানস বৰুৱাই কয়। “দশক দশক ধৰি এনে কপিৰাইট হস্তান্তৰ ধন নোলোৱাকৈয়ে কৰা হৈছিল। প্ৰযোজকসকলে কেছেট আৰু চিডিৰ বাহিৰে সংগীতক মুদ্ৰাকৰণ কৰাৰ কোনো উপায় নাছিল। গতিকে, তেওঁলোক বিতৰকৰ ওপৰত নিৰ্ভৰশীল আছিল।” বৰুৱাই কয়।
ব্যক্তিগত ৰেডিঅ’ ষ্টেচনসমূহে সংগীতৰ মালিকৰ পৰা বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ আৰম্ভ কৰাৰ পিছতহে চাৰিওফালে সংগীতৰ মালিকীস্বত্বৰ নতুন অৰ্থনৈতিক সম্ভাৱনা মুকলি হয়, আৰু অনলাইন ষ্ট্ৰীমিঙৰ সৈতে বহুগুণে বৃদ্ধি পায়।
মৃত্যুৰ পূৰ্বে বিশাল কলিতাৰ সংগ্ৰহালয়ত জুবিন গাৰ্গ
সংগীত সাংবাদিক অনুৰাগ টাগাটে কয় যে ভাৰতৰ সংগীত অনুজ্ঞাপত্ৰৰ পৰিৱেশ তন্ত্ৰৰ বছৰ বছৰ ধৰি বিকশিত হৈছে, ৰয়েল্টিৰ পৰা মালিকীস্বত্বলৈ গুৰুত্ব দিয়া হৈছে। “অনলাইন ষ্ট্ৰীমিং বিপ্লৱে মালিকীস্বত্বৰ গুৰুত্ব আৰু ভৱিষ্যতে উত্থাপিত হ’ব পৰা অৰ্থনৈতিক সুযোগসমূহৰ ওপৰত আলোকপাত কৰিছে।” টাগাটে কয়।
জুবিন গাৰ্গৰ ক্ষেত্ৰত কেইবাটাও গীতৰ মালিকীস্বত্ব অনিশ্চিত বা প্ৰতিদ্বন্দ্বিতামূলক, আৰু কিছুমান গীত অনলাইনত পোৱা যায়, বিভিন্ন ব্যৱহাৰকাৰীয়ে আপলোড কৰি মাথোঁ বাৰে বাৰে আঁতৰাই পেলায়। লগতে জুবিনৰ বহু পুৰণি ট্ৰেক কেতিয়াও ডিজিটেলাইজ কৰা হোৱা নাছিল আৰু হেৰাই যোৱাৰ আশংকা থাকে।
অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজক তথা জুবিনৰ সহযোগী শ্যামন্তক গৌতমে জুবিন গাৰ্গে লিখা, গোৱা আৰু সুৰ কৰা গীতৰ এখন তালিকা খচৰা প্ৰস্তুত কৰিবলৈ এটা গোট নিয়োগ কৰিছে। বিবিচিৰ আগত গৌতমে কয়, “তেওঁৰ কমেও ১০৩৩ টা গীত Indian Performing Right Society বা IPRS ত এতিয়ালৈকে পঞ্জীয়ন কৰা হৈছে, আৰু আমি ইয়াৰ অধিক পঞ্জীয়ন কৰাৰ চেষ্টা কৰিছো।”
নিজৰ সৃষ্টিৰ মাজত জুবিন গাৰ্গ
সংগীতৰ ৰয়েল্টি সংগ্ৰহ আৰু বিতৰণ কৰা ভাৰতৰ একমাত্ৰ চৰকাৰী কৰ্তৃত্বপ্ৰাপ্ত সংস্থা IPRS-এ কয় যে তেওঁলোকৰ কাম ব্যৱসায়িকভাৱে ব্যৱহাৰ হ’লে নিৰ্মাতা বা তেওঁলোকৰ পৰিয়ালক ৰয়েল্টি দিয়াটো নিশ্চিত কৰি আছে।
IPRS ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাকেশ নিগমে জনোৱা মতে, ডিজিটেল প্লেটফৰ্মৰ দ্ৰুত উত্থানে বিভিন্ন অনুজ্ঞাপত্ৰ মডেল, একাধিক অংশীদাৰ আৰু সংগীতৰ ব্যৱহাৰৰ সৈতে মালিকীস্বত্বৰ অনুসৰণক অধিক জটিল কৰি তুলিছে।
বলীউডৰ জনপ্ৰিয় গায়ক শ্বানে জনাইছে যে এয়া এক বৃহৎ পদক্ষেপ, আৰু বহু বছৰ আগতেই এই পদক্ষেপ ল’ব লাগিছিল। “সংগীতৰ মালিকীস্বত্ব ঠিক কৰিবলৈ আঞ্চলিক পৰ্যায়ত বিতৰকসকলক অনুসৰণ কৰাটো এটা প্ৰত্যাহ্বানমূলক সম্ভাৱনা হ’ব পাৰে। কিন্তু যদি তেওঁলোকে দল হিচাপে কৰিব পাৰে, তেন্তে সেয়া অতি উত্তম।” শ্বানে কয়।
জুবিন গাৰ্গৰ গীতৰ প্ৰযোজকসকল আটাইকেইজন অসমৰ আছিল, গতিকে তেওঁলোকক চিনাক্ত কৰাটো কঠিন নাছিল বুলি শ্যামন্তক গৌতমে কয় আৰু তেওঁ লগতে এইটোও কয় যে প্ৰত্যাহ্বান তাৰ পিছতেই আৰম্ভ হয়।
মানস বৰুৱাই কয়, “আমি এটা শৃংখল গঢ়ি তুলিছো যে বিতৰকসকলৰ মাজত অনুজ্ঞাপত্ৰৰ হাত কেনেকৈ সলনি হ’ল। তেওঁৰ (জুবিনৰ) ক্ষেত্ৰত, শেষবাৰৰ বাবে অনুজ্ঞাপত্ৰ থকা বা তেওঁৰ গীতৰ মালিক হোৱা কেইবাজনো বিতৰক হয় মৃত্যুমুখত পৰিছে নহয় তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ গৈছে।”
জুবিন গাৰ্গৰ এই গোচৰটো কেইবাজনো ভাৰতীয় গায়কৰ ব্যাপক কাম-কাজ আৰু তেওঁলোকৰ সৈতে জড়িত মালিকীস্বত্বৰ অধিকাৰ আৰু ক্ষতিপূৰণৰ বিষয়সমূহৰ এক উদাহৰণ।
জুবিন গাৰ্গৰ সৈতে বিশাল কলিতা
উদাহৰণস্বৰূপে, ৪০ হাজাৰতকৈ অধিক গীত গোৱা এছ পি বালাসুব্ৰমণিয়ামে কিংবদন্তি সুৰকাৰ ইলায়াৰাজাৰ সৈতে আইনী বিবাদত লিপ্ত হৈছিল। ৩০ হাজাৰতকৈ অধিক সুৰত নিজৰ কণ্ঠ নিগৰোৱা লতা মংগেশকাৰ আছিল শিল্পীৰ ৰয়েল্টিৰ ক্ষেত্ৰত এক সৰৱ কণ্ঠস্বৰ- যিটো বিষয়ক লৈ তেওঁৰ প্ৰযোজক আৰু উদ্যোগটোৰ সহযোগী শিল্পীসকলৰ সৈতে মতানৈক্য হৈছিল।
জুবিন গাৰ্গ আৰু ভাৰতত তেওঁৰ সমসাময়িক কেইবাজনো লোকে সংগীত লেবেল আৰম্ভ কৰাৰ দশক দশক আগতে ১৯৮০ চনত ভাৰতীয় কিংবদন্তি গায়ক কে জে য়েছুদাছে তেনে কৰিছিল। কেন্দ্ৰীয় ধাৰণাটো আছিল একেই: তেওঁলোকৰ সৃষ্টিৰ ওপৰত অধিক নিয়ন্ত্ৰণ ৰখা।
ইফালে গুৱাহাটীত বিশাল কলিতাই জুবিন গাৰ্গৰ কিছুমান টেপ ডিজিটেলাইজ কৰাৰ বাবে শেহতীয়া জাপানী প্ৰযুক্তিৰ সুবিধা গ্ৰহণৰ চেষ্টা কৰিছে, যিবোৰ অনলাইনত পোৱা নাযায়। তেওঁ কয়, “মই বিচাৰো এই বিৰল টেপবোৰ সৰ্বোত্তম মানদণ্ডত ডিজিটেলাইজ কৰা হওক। জুবিন গাৰ্গ তেওঁৰ সংগীতৰ জৰিয়তে জীয়াই থাকিব। তেওঁৰ অনুৰাগী হিচাপে, তেওঁৰ বাবে মই এই সামান্য কামটো কৰিব পাৰোঁ।”