প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চৰম অপমান! জন্ম জয়ন্তীৰ নামত চলিল অশ্লীল নৃত্য

শিল্পী জুবিন গাৰ্গৰ নামত চৰম অসভ্যালি একাংশৰ। গৌৰীপুৰৰ ঝালেৰ আলগা অঞ্চলত শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ জন্ম জয়ন্তীৰ নামত চলিল অশ্লীল নৃত্য।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক চৰম অপমান! জন্ম জয়ন্তীৰ নামত চলিল অশ্লীল নৃত্য
Published: 

22 Nov 2025 | 11:31 AM

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত হোৱা অনুষ্ঠানত একাংশৰ উদ্ভণ্ডালি। ধুবুৰীৰ গৌৰীপুৰৰ ঝালেৰ আলগা অঞ্চলত শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ জন্ম জয়ন্তীৰ নামত চলিল অশ্লীল নৃত্য। আৰক্ষীয়ে বাধা প্ৰদানৰ পাছতেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। একাংশ দৰ্শকে খঙতে ভাঙিলে মঞ্চ সা-সৰঞ্জাম। মুঠতে জুবিন গাৰ্গৰ জন্ম জয়ন্তীৰ নামত চলিল অসভ্যালি।

জীৱন জ্যোতি ক্লাৱৰ উদ্যোগত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত মহিলাৰ অশ্লীল নৃত্য। ১০০ টকাত বিক্ৰী হৈছিল অনুষ্ঠানৰ টিকট। কিন্তু অনুষ্ঠানত বাধা দিয়াই দৰ্শকে ১০০ টকাৰ সলনি লৈ গ’ল টিন, চকী আদি সামগ্ৰী।

সাংস্কৃতিক অনুষ্ঠানত মঞ্চত মহিলাৰ অশ্লীল নৃত্য প্ৰৰ্দশন দেখি হতবাশ আৰক্ষী। প্ৰাণৰ শিল্পী গৰাকীৰ নামত জন্ম জয়ন্তী পাতি শিল্পী গৰাকীক চৰম ভাবে অপমান কৰিলে আয়োজক সকলে। অনুষ্ঠান বন্ধ কৰাৰ পাছতেই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

এয়া শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি নে একাংশৰ উদ্ভণ্ডালি। শিল্পী গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখতেই কিছুমান গীতত শৰীৰৰ অশ্লীল ভংগীমাৰে কৰে নৃত্য। কিন্তু কোনে অনুমতিত প্ৰদান কৰিলে এই জীৱন জ্যোতি ক্লাৱক। এতিয়া এই অশ্লীল নৃত্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছ। অনুষ্ঠানৰ বিভিন্ন কিয়দাংশ সামাজিক মাধ্যমত দেখাৰ লগে লগে গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অনুষ্ঠান বন্ধ কৰি দিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...