এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষকৰ আসনত নিবিৰ নেচন বৰুৱা…

এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক হয় এটি শিশু। এই সন্দৰ্ভত শিশুটিয়ে মুখ্যমন্ত্ৰীক আবেদন দাখিল কৰিছিল। সেই আবেদনৰ ভিত্তিতে আজি তেওঁক এই বিশেষ দায়িত্ব অৰ্পন কৰা হয়।

এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষকৰ আসনত নিবিৰ নেচন বৰুৱা...

শিশুজন

Published: 

20 Nov 2025 | 12:47 PM

আজি ২০ নৱেম্বৰ, ২০২৫। সমগ্ৰ দেশত আজি পালন কৰা হৈছে বিশ্ব শিশু দিৱস। প্ৰতিবছৰে এই দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি আজি বজালী আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। বৃহস্পতিবাৰে শিশু দিৱসৰ দিনাই বজালী আৰক্ষী অধীক্ষক হ’ল বজালী ঘটবৰ গাঁৱৰ এজন শিশু।

নায়ক চিনেমাৰ কায়দাৰে এদিনৰ বাবে আৰক্ষী অধীক্ষক হ’ল এইজন শিশু। এই শিশুজন বজালী ঘটবৰ গাঁওৰ অংকুৰ বৰুৱাৰ পুত্ৰ নিবিৰ নেচন বৰুৱা বুলি জানিব পৰা গৈছে। তেওঁ ভোটান্ত সাদেৰী ৰূপকোঁৱৰ জাতীয় বিদ্যালয় সপ্তম শ্ৰেণীত অধ্যয়নৰত। এই ছাত্ৰজনে এতিয়া এদিনৰ বাবে বজালীৰ আৰক্ষী অধীক্ষক হয়।

জানিব পৰা মতে, ছাত্ৰজনে ২০২৫ চনৰ ৯ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এদিনৰ বাবে আৰক্ষী অধীক্ষক হোৱাৰ বাবে আবেদন জনাইছিল। সেই আবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ বিষয়টো বিবেচনা কৰাৰ বাবে দায়িত্ব অৰ্পন কৰিছিল। তাৰ পাছতে আজি বজালী জিলা আৰক্ষী অধীক্ষকৰ দায়িত্ব লাভ কৰে নিবিৰ নেচন বৰুৱাই।

এই সন্দৰ্ভত বজালী আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে কয় যে, আজি বিশ্ব শিশু দিৱস। এই দিনটোৰ লগত সংগতি ৰাখি নিবিৰ নেচন বৰুৱাক এদিনৰ বাবে আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ মনত ইচ্ছা আছিল বজালীৰ আৰক্ষী অধীক্ষক হোৱাৰ। সেই অনুসৰি আবেদন জনাইছিল। গতিকে বিশ্ব শিশু দিৱসৰ দিনাই এই পদক্ষেপ লোৱা হয়।

উল্লেখ্য যে, এয়াই প্ৰথম নহয়, পূৰ্বতেও এনে বহু শিশুক এদিনৰ বাবে বিশেষ দায়িত্ব প্ৰদান কৰা হয়। পূৰ্বতেও কেইবাখনো জিলাৰ শিশুই এই দায়িত্ব লাভ কৰিছিল। তাৰ মাজতে আজি বজালীৰ এই শিশুজনে এই সৌভাগ্য লাভ কৰে।

 

 

অন্য খবৰ পঢ়কঃ বিক্ৰী কৰিবলৈ আহিছিল নিষিদ্ধ দ্ৰব্য! আটক আলিম উদ্দিন লস্কৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...